ETV Bharat / sports

অভিনৱ বিন্দ্ৰালৈ সন্মান : আই অ’ চি অধিৱেশনত সন্মানীয় 'অলিম্পিক অৰ্ডাৰ' প্ৰদান - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 5:55 PM IST

Abhinav Bindra awarded Olympic Order : বেইজিং অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ তাৰকা শ্বুটাৰ অভিনৱ বিন্দ্ৰক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে আই অ’ চিৰ দ্বাৰা সৰ্বোচ্চ সন্মান ‘অলিম্পিক অৰ্ডাৰ’ৰে সন্মানিত কৰা হৈছে। পঢ়ক সম্পূৰ্ণ খবৰ...

Abhinav Bindra awarded Olympic Order
অভিনৱ বিন্দ্ৰাক সন্মানীয় অলিম্পিক অৰ্ডাৰ প্ৰদান (AFP Photo)

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : ভাৰতৰ প্ৰথমটো ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক বিজয়ী ষ্টাৰ শ্বুটাৰ অভিনৱ বিন্দ্ৰাক শনিবাৰে পেৰিছত অনুষ্ঠিত 142 সংখ্যক আই অ’ চি অধিৱেশনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ দ্বাৰা সন্মানীয় অলিম্পিক অৰ্ডাৰ প্ৰদান কৰা হয় ৷

অভিনৱ বিন্দ্ৰাক অলিম্পিক অৰ্ডাৰেৰে সন্মানিত কৰা হয় :

অনুষ্ঠানৰ সময়ত বিন্দ্ৰাই কয় যে, ‘এই স্বীকৃতি কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয় বৰঞ্চ ক্ৰীড়াই আমাৰ সকলোৰে মনত যি অধ্যৱসায় আৰু নিষ্ঠাৰ মনোভাৱ জগাই তোলে তাৰ প্ৰমাণ ৷ আই অ’ চিৰ দ্বাৰা স্বীকৃতি লাভ কৰি মই অত্যন্ত সন্মানিত হৈছো আৰু অলিম্পিকৰ আদৰ্শক ৰক্ষা কৰিবলৈ চেষ্টা কৰা সকলো খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীৰ বাবে ইয়াক উৎসৰ্গা কৰিছো ৷'

অলিম্পিক অৰ্ডাৰ হৈছে সৰ্বোচ্চ সন্মান :

উল্লেখ্য যে অলিম্পিক অৰ্ডাৰ হৈছে আই অ’ চিয়ে দিয়া সৰ্বোচ্চ সন্মান, যিটো অলিম্পিক আন্দোলনত অসাধাৰণ অৱদান আগবঢ়োৱাসকলক দিয়া হয় ৷ এজন খেলুৱৈ হিচাপে অভিনৱ বিন্দ্ৰাই 2008 চনৰ বেইজিং অলিম্পিকত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৷ এয়াৰ ৰাইফল শ্বুটিঙত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপেও তেওঁৰ গৌৰৱ আছে ৷

লগতে পঢ়ক : ২০২৮ৰ অলিম্পিকত দেশৰ হৈ স্বৰ্ণ জয় কৰিম : প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি দিলে অমন ছেহৰাৱাটে - Paris Olympics 2024

ক্ৰীড়াৰ প্ৰতি ব্যতিক্ৰমী সেৱাৰ বাবে সন্মানিত :

দুটা দশকজোৰা কেৰিয়াৰত বিন্দ্ৰাই 150 টাতকৈও অধিক ব্যক্তিগত পদক লাভ কৰিছে আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া আইকন হিচাপে স্বীকৃতি লাভ কৰিছে ৷ এই ক্ৰীড়াৰ প্ৰতি তেওঁৰ ব্যতিক্ৰমী সেৱাক আৰু অধিক স্বীকৃতি দিয়া হয় যেতিয়া তেওঁক 2018 চনত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ক্ৰীড়া ফেডাৰেচনৰ (আই এছ এছ এফ) সৰ্বোচ্চ সন্মান ব্লু ক্ৰছ প্ৰদান কৰা হয় ৷ ক্ৰীড়াৰ ক্ষেত্ৰত উজ্জ্বল কৃতিত্বৰ উপৰিও বিন্দ্ৰাই ক্ৰীড়া প্ৰশাসনতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে ৷

লগতে পঢ়ক : পদক তালিকাত পাকিস্তানৰ তলত 71 সংখ্যক স্থানত ভাৰত, আমেৰিকাক অতিক্ৰম কৰিলে চীনে - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.