ETV Bharat / sports

অলিম্পিকৰ পঞ্চম দিনত ভাৰতৰ ক্ৰীড়াসূচী: পি ভি সিন্ধু, লক্ষ্য সেন, আৰ্ছাৰীৰ ওপৰত থাকিব দৃষ্টি - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 31, 2024, 12:09 AM IST

31st July India Olympics Full schedule : চলিত পেৰিছ অলিম্পিকৰ চতুৰ্থদিনা তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰৱজ্যোত সিঙে ভাৰতৰ পদক জোলোঙাত আৰু এটা পদক ভৰায় । ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত দেশক দ্বিতীয়টো পদক প্ৰদান কৰে তেওঁলোকে । 31 জুলাইত অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ প্ৰতিদ্বন্দ্বিতা কি কি ইভেণ্টত হ'ব ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

31st July India Olympics Full schedule
অলিম্পিকৰ পঞ্চম দিনত ভাৰতৰ ক্ৰীড়াসূচী (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩১ জুলাই : চলিত পেৰিছ অলিম্পিকত মনু ভাকৰে এতিয়ালৈকে দুটা পদক জয় কৰি ভাৰতীয় দলৰ অভিযানত তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে । বুধবাৰে পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ হৈ অৱশ্যে কোনো পদকৰ যুঁজ নহ'ব । কিন্তু তাৰকা শ্বাটলাৰ পি ভি সিন্ধু আৰু তাৰকা আৰ্ছাৰ দীপিকা কুমাৰীয়ে তেওঁলোকৰ নিজ নিজ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । লগতে লক্ষ্য সেনৰ বাবে এই দিনটো গুৰুত্বপূৰ্ণ হ'ব । কিয়নো তেওঁ ইণ্ডোনেছিয়াৰ জোনাথান ক্ৰিষ্টিৰ মুখামুখি হ'ব আৰু বিজয়ীগৰাকী নকআউট পৰ্যায়লৈ উন্নীত হ'ব ।

পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ সম্পূৰ্ণ সময়সূচী

শ্বুটিং

ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালেয়ে ৫০ মিটাৰ ৰাইফল ৩ পজিচনত পুৰুষৰ অৰ্হতা অৰ্জনত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব । বৃহস্পতিবাৰে এই ইভেণ্টৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ঐশ্বৰ্য এই প্ৰতিযোগিতাত বিশ্বৰ ২৩ সংখ্যক স্থানত আছে আৰু বিশ্বকাপত তেওঁৰ নামত ৩ টা সোণৰ পদক আছে । তেওঁ টকিঅ'তো প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই ইভেণ্টত 21 সংখ্যক স্থান লাভ কৰিছিল । বিশ্বৰ ৬২ ৰেংকৰ খেলুৱৈ স্বপ্নিলে অলিম্পিকত আত্মপ্ৰকাশ কৰিব আৰু এই বিশ্বজনীন প্ৰতিযোগিতৰ পৰা তেওঁৰ প্ৰথম উপস্থিতিৰ জৰিয়তে অভিজ্ঞতা অৰ্জন কৰিব বিচাৰিব ।

50 মিটাৰ ৰাইফল 3 পজিচন পুৰুষৰ অৰ্হতা ৰাউণ্ড (ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালে) : ভাৰতীয় সময়মতে দুপৰীয়া 12.30 বজাত

বেডমিণ্টন

পেৰিছত একেৰাহে তৃতীয়বাৰ অলিম্পিক পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে এষ্টোনিয়াৰ ক্ৰিষ্টিন কুবাৰ মুখামুখি হ'ব । ভাৰতীয় শ্বাটলাৰগৰাকীয়ে সহজতে জয়লাভ কৰিব বুলি আশা কৰা হৈছে । কিয়নো তেওঁ অলিম্পিকৰ দৰে ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে জনাজাত । বুধবাৰে লক্ষ্য সেনৰ বাবেও নকআউট খেল অনুষ্ঠিত হ'ব । কিয়নো তেওঁলোক দুয়োৰে মাজত যিয়ে জিকিব তেৱেঁই নকআউটলৈ আগবাঢ়িব । ইণ্ডোনেছিয়ান খেলুৱৈগৰাকী অৱশ্যে ৰেকৰ্ডত লক্ষ্যতকৈ আধিপত্য বিস্তাৰ কৰি আছে । কিন্তু ভাৰতীয় শ্বাটলাৰগৰাকীয়ে বুধবাৰৰ মেচখনত তেওঁক পৰাস্ত কৰিব লাগিব । আনহাতে, এইচ এছ প্ৰণয়ে গ্ৰুপ পৰ্যায়ৰ এখন মেচত ভিয়েটনামৰ ডিউক ফাট লেৰ মুখামুখি হ'ব আৰু নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।

মহিলা একক গ্ৰুপ পৰ্যায় - (পি ভি সিন্ধু) - ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12.50 বজাত

পুৰুষৰ একক গ্ৰুপ পৰ্যায় - (লক্ষ্য সেন) - ভাৰতীয় সময় অনুসৰি দুপৰীয়া 1.40 বজাত

পুৰুষৰ একক গ্ৰুপ পৰ্যায় - (এইচ এছ প্ৰণয়) - ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত

টেবুল টেনিছ

ভাৰতীয় টেবুল টেনিছত ক্ৰমান্বয়ে আগবাঢ়ি গৈ থকা শ্ৰীজা আকুলাই ৰাউণ্ড অব ৩২-ত ছিংগাপুৰৰ জেং জিয়ানৰ মুখামুখি হ'ব । আকুলাই শেহতীয়াকৈ নিজ দেশৰে মণিকা বাত্ৰাক অতিক্ৰম কৰি ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু প্ৰাক-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হ'বলৈ মেচখনত জয়ী হোৱাটো বিচাৰিব ।

মহিলাৰ একক ৰাউণ্ড অব 32 - (শ্ৰীজা আকুলা) - দুপৰীয়া 1.30 বজা

পদকৰ অন্যতম প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত লাভলীনা বৰগোঁহায়ে বিগত টকিঅ' অলিম্পিকৰ তেওঁৰ কৃতিত্বৰ পুনৰাবৃত্তি কৰিবলৈ আৰু পোডিয়াম ফিনিশ্ব অৰ্জন কৰাৰ লক্ষ্যৰে ৰিঙত নামিব । লাভলীনাই নৰৱেৰ চুন্নীভা হফষ্টাডৰ বিৰুদ্ধে খেলিব আৰু কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িবলৈ তথা পোডিয়াম ফিনিশ্বৰ দিশে অগ্ৰসৰ হোৱাৰ লক্ষ্য ৰাখিব । আনহাতে, ভাৰতীয় বক্সাৰ নিশান্ত দেৱে ইকুৱেডৰৰ জোছ ৰড্ৰিগেজৰ মুখামুখি হ'ব ।

মহিলাৰ 75 কিলোগ্ৰাম ৰাউণ্ড অব 16 - (লাভলীনা বৰগোঁহাই) - ভাৰতীয় সময়মতে আবেলি 3.50 বজাত

পুৰুষৰ 71 কিলোগ্ৰাম ৰাউণ্ড অব 16 - (নিশান্ত দেৱ) - ভাৰতীয় সময় মতে 12.18 বজাত

আৰ্ছাৰী

এগৰাকী শ্ৰেষ্ঠ ভাৰতীয় ধনুৰ্ধৰ দীপিকা কুমাৰীয়ে এষ্টোনিয়াৰ ৰীণা পাৰ্নাটৰ বিৰুদ্ধে ব্যক্তিগত ইভেণ্টত তেওঁৰ অভিযান আৰম্ভ কৰিব । তৰুণদীপে তেওঁৰ ৰাউণ্ড অব ৩২-ৰ বাউটত গ্ৰেট ব্ৰিটেইনৰ টম হলৰ মুখামুখি হ'ব ।

মহিলাৰ ব্যক্তিগত ৰাউণ্ড অব 32 এলিমিনেচন ৰাউণ্ড - (দীপিকা কুমাৰী) - ভাৰতীয় সময় অনুসৰি আবেলি 3.56 বজাত

পুৰুষৰ ব্যক্তিগত ৰাউণ্ড অব 32 এলিমিনেচন ৰাউণ্ড - (তৰুণদীপ ৰায়) - ভাৰতীয় সময় অনুসৰি নিশা 9.28 বজাত

লগতে পঢ়ক :পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিকত মণিকা বাত্ৰাই ৰচিলে ইতিহাস - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.