ETV Bharat / sports

পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 1, 2024, 2:53 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকৰ শ্বুটিং ইভেণ্টত ভাৰতৰ আন এটা পদক । এইবাৰ স্বপ্নিল কুছালেয়ে লাভ কৰিলে আন এটা ব্ৰঞ্জৰ পদক । পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিছনৰ ফাইনেলত ব্ৰঞ্জৰ পদক দখল কৰে ভাৰতীয় তাৰকা শ্বুটাৰজনে ।

Paris Olympics 2024
পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক (AP Photos)

স্পৰ্টছ ডেস্ক, ১ আগষ্ট : পেৰিছ অলিম্পিকত পদকৰ তালিকাত আৰু এখোজ আগবাঢ়িল ভাৰত । ভাৰতৰ বাবে তৃতীয়টো পদক আঁজুৰি আনিলে তাৰকা শ্বুটাৰ স্বপ্নিল কুছালেয়ে । বৃহস্পতিবাৰে শ্বুটাৰ স্বপ্নিল কুছালেয়ে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিছনৰ ফাইনেলত ব্ৰঞ্জৰ পদক দখল কৰে । তেওঁ ৪৫১.৪ পইণ্টৰ সৈতে তৃতীয় স্থানত আছিল । পেৰিছ অলিম্পিকৰ আজি ষষ্ঠ দিন আৰু ভাৰতে তেওঁৰ ওপৰত যথেষ্ট আশা কৰিছিল । অৱশ্যে সেই আশা পূৰণ কৰিলে স্বপ্নিলে ।

পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয় পদক

স্বপ্নিলৰ আৰম্ভণি উন্নত নাছিল । তেওঁ ৯.৬ পইণ্টত প্ৰথম শ্বট কৰে । কিন্তু তাৰ পিচত তেওঁৰ প্ৰদৰ্শন উন্নত হয় নীলিং (আঁঠু কঢ়া) পজিছনত প্ৰথম শৃংখলাৰ বাকী প্ৰচেষ্টাত ১০ পইণ্টতকৈ অধিক শ্বট কৰে । তেওঁ দ্বিতীয় শৃংখলাটো ১০.১ পইণ্টাৰেৰে আৰম্ভ কৰে কিন্তু গতি অব্যাহত ৰাখিবলৈ ব্যৰ্থ হয় । পুনৰ এবাৰ ৯.৯ পইণ্টৰ শ্বটত বিফল হয় । অৱশ্যে তৃতীয় আৰু অন্তিম শৃংখলাত তেওঁক অধিক আকৰ্ষণীয় দেখা গৈছিল আৰু ১০ পইণ্টৰ ওপৰত সকলো শ্বট কৰিছিল । তেওঁ ১৫৩.৩ পইণ্টৰ সৈতে ষষ্ঠ স্থানত এই পৰ্যায়টো সমাপ্ত কৰে ।

খেলখন আগবাঢ়ি যোৱাৰ লগে লগে তেওঁৰ শ্বটবোৰো উন্নত হয় । কোলহাপুৰৰ স্বপ্নিলে পৰৱৰ্তী ১৫ টা প্ৰচেষ্টাত একেৰাহে ১০ ৰো অধিক পইণ্টৰ শ্বট মাৰিবলৈ সক্ষম হয় । ৩১০.১ পইণ্টৰ সৈতে তেওঁ চতুৰ্থ স্থানলৈ উন্নীত হয় । তেওঁ প্ৰথম শৃংখলাত ৫২.৭ পইণ্ট, দ্বিতীয় শৃংখলাত ৫২.২ আৰু তৃতীয় শৃংখলাত ৫১.৯ পইণ্ট অৰ্জন কৰে । য'ত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা হৈছে ১০.৮ ।

স্বপ্নিলৰ ব্ৰঞ্জৰ পদক লাভ

প্ৰোণ পজিছন খেলা পূৰ্বে ৫ মিনিটৰ বিৰতিৰ পিচত এনে অনুভৱ হৈছিল যেন তেওঁৰ গতি স্তব্ধ হৈছে । তেওঁ অন্তিম পৰ্যায়ৰ প্ৰথম প্ৰচেষ্টাত ৯.৯ পইণ্টাৰ শ্বট মাৰিছিল, কিন্তু তাৰ পিচত ১০.৭ পইণ্টৰ শ্বটৰ সৈতে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে । তেওঁ প্ৰথম শৃংখলাৰ পৰা ৫১.১ পইণ্ট আৰু তাৰ পিচত দ্বিতীয় শৃংখলাৰ পৰা ৫০.৪ পইণ্ট অৰ্জন কৰে আৰু ৪১১.৬ পইণ্টৰ সৈতে তৃতীয় স্থানত থাকি এলিমিনেচন শৃংখলাত প্ৰৱেশ কৰে ।

তৃতীয় আৰু অন্তিম এলিমিনেচন ৰাউণ্ডত তেওঁ প্ৰথম শ্বটটো ১০.৫ত মাৰিছিল আৰু তৃতীয় স্থানত নিজৰ স্থিতি বজাই ৰাখিছিল । শেষত তেওঁ ৪৫১.৪ পইণ্টৰ স্ক'ৰৰ সৈতে খেল সমাপ্ত কৰে আৰু ব্ৰঞ্জৰ পদক দখল কৰে ।

লগতে পঢ়ক :বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশান্ত দেৱৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.