ETV Bharat / sports

মীৰাবাঈ চানুৱে ভাৰোত্তোলনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’বনে ? - Weight Lifter Mirabai chanu

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:13 PM IST

Weight Lifter Mirabai chanu: ২০২৪ চনৰ পেৰিছ অলিম্পিকত মীৰাবাঈ চানুৰ পৰা পদক লাভৰ বাবে আশাবাদী ভাৰত । মণিপুৰৰ এখন গাঁৱৰ পৰা অহা আৰু ভাৰোত্তোলনত ভাৰতক গৌৰৱান্বিত কৰা মীৰাবাঈ চানু এইবাৰো পদকৰ প্ৰতিদ্বন্দ্বী ।

Weight Lifter Mirabai chanu
ভাৰোত্তোলনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’বনে চানু (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৯ জুলাই: ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক ২০২৪ ৷ অলিম্পিকৰ দিন চমু চাপি অহাৰ লগে লগে খেলুৱৈসকলৰ নিজৰ দেশৰ বাবে পদক অনাৰ বাবে কঠোৰ পৰিশ্ৰমত ব্ৰতী হৈছে । ভাৰতীয় খেলুৱৈসকলে যিকোনো মূল্যৰ বিনিময়ত অলিম্পিকত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বিচাৰিব । ভাৰতে বিগত টকিঅ’ অলিম্পিকত পদকৰ অভিলেখ ভংগ কৰিব বিচাৰিব । ভাৰতৰ এই অভিলেখ ভংগ কৰাৰ এটা আশা হৈছে, ভাৰোত্তোলক মীৰাবাঈ চানু ।

Weight Lifter Mirabai chanu
ভাৰোত্তোলনত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’বনে মীৰাবাঈ চানু (ETV BHARAT ASSAM)

মীৰাবাঈ চানুৰ জন্ম:

১৯৯৪ চনৰ ৮ আগষ্টত ইম্ফলৰ এখন গাঁও নংপক কাকচিঙত মীৰাবাঈৰ জন্ম হৈছিল এটা সাধাৰণ পৰিয়ালত । ছয় ভাই-ভনীৰ ভিতৰত কনিষ্ঠ কন্যা মীৰাবাঈ । চানুৱে কাঠ সংগ্ৰহ কৰি জীৱিকা উপাৰ্জন কৰিছিল । চানু ভাৰোত্তোলক হোৱাৰ কাহিনীও অতি ৰোমাঞ্চকৰ । ভাৰোত্তোলনত তেওঁৰ শক্তি প্ৰথম উপলব্ধি কৰিছিল ১২ বছৰ বয়সতে ।

জীৱনৰ আদিছোৱা বয়সতেই পৰিয়ালৰ সদস্যসকলে মীৰাবাঈৰ শক্তি-সামৰ্থ চিনাক্ত কৰিছিল । জ্যেষ্ঠ ভ্ৰাতৃৰ বাবে কষ্টসাধ্য এবোজা খৰি মীৰাবাঈয়ে হেলাৰঙে দাঙি ঘৰলৈ লৈ আহিব পাৰিছিল । প্ৰথম অৱস্থাত চানুৱে ইম্ফলৰ স্থানীয় ক্ৰীড়াশালাত ধনুৰ্বিদ্যা শিকিব বিচাৰিছিল । কিন্তু পিচত মীৰাবাঈ চানুৱে ভাৰতীয় মহিলা ভাৰোত্তোলক কুঞ্জৰাণী দেৱীৰ পৰা প্ৰেৰণা লৈ তেওঁৰ পথ অনুসৰণ কৰাৰ সিদ্ধান্ত লয় ।

কেৰিয়াৰ:

২০১৪ চনত স্কটলেণ্ডত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত চানুৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল । কমনৱেলথ গেমছত ৪৮ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰি ২০ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাইছিল চানুৱে । ইয়াৰ পাচতে ২০১৭ চনত আমেৰিকাত অনুষ্ঠিত হোৱা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মীৰাবাঈ চানুৱে সোণৰ পদক লাভ কৰাৰ লগতে প্ৰথমগৰাকী ভাৰতীয় ভাৰোত্তোলন খেলুৱৈ হিচাপে পৰিগণিত হয় । চানুৱে ২০১৮ চনৰ কমনৱেলথ গেমছতো স্বৰ্ণ পদক লাভ কৰে ।

অলিম্পিকৰ প্ৰদৰ্শন:

চানুৱে এতিয়ালৈকে দুবাৰকৈ অলিম্পিক গেমছত অংশ লৈছে । ২০১৬ চনৰ অলিম্পিকত কোনো পদক নোহোৱাকৈয়ে বাহিৰ হৈছিল চানু । ইয়াৰ পিচত ২০২০ চনৰ টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰে । অহা ৭ আগষ্টত পেৰিছ অলিম্পিকত খেলিব মীৰাবাঈয়ে । টকিঅ’ অলিম্পিকত তেওঁ ৪৯ কেজি শাখাত পদক লাভ কৰি ভাৰোত্তোলনত ২১ বছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলায় ।

পেৰিছ অলিম্পিকত পদকৰ আশা:

২০২৪ চনৰ পেৰিছ অলিম্পিকত মীৰাবাঈ চানুৰ পৰা ভাৰতৰ বহু আশা । পদকৰ বাবে তেওঁ প্ৰবল প্ৰতিদ্বন্দ্বী । এইবাৰ যদি তেওঁ সোণৰ পদক লাভ কৰে তেন্তে ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব চানু ।

লগতে পঢ়ক: লক্ষ্য পেৰিচ অলিম্পিক: 6 মাহৰ পাচত পুনৰ প্ৰত্যাৱৰ্তন কৰিব মীৰাবাই চানুৱে - Mirabai Chanu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.