ETV Bharat / sports

পাকিস্তান ক্ৰিকেটত পুনৰ ধুমুহা; পদত্য়াগৰ তালিকাত এইবাৰ কোন - JASON GILLESPIE RESIGNS

বিগত কিছুদিনৰে পৰা বিতৰ্কৰ শীৰ্ষত আছে পাকিস্তান ক্ৰিকেট ৷ দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যই শেহতীয়াকৈ কৰে পদত্যাগ ৷

JASON GILLESPIE RESIGNS
পাকিস্তান ক্ৰিকেট দলৰ একাংশ সদস্য (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Dec 13, 2024, 1:12 PM IST

স্প’ৰ্টছ ডেস্ক: পাকিস্তান ক্ৰিকেটত দীৰ্ঘদিনৰে পৰা অস্থিৰতাই বিৰাজ কৰিছে ৷ পুনৰ এবাৰ সংবাদ শীৰ্ষত অৱস্থান কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৷

পুনৰ এবাৰ এনে এক ঘটনা ঘটিছে, যিয়ে পাকিস্তান ক্ৰিকেটৰ ভিতৰত চলি থকা বিভেদক উদঙাই দিছে ৷ পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক জেচন গিলেস্পীয়ে শেহতীয়াকৈ প্ৰশিক্ষকৰ পদৰ পৰা কৰিছে পদত্যাগ ।

ইয়াৰ পূৰ্বে ভাৰতৰ হৈ 2011 চনৰ এদিনীয়া বিশ্বকাপ ট্ৰফী জয় কৰা প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনেও পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছিল ।

খবৰ অনুসৰি, জেচন গিলেস্পীয়ে পাকিস্তানৰ টেষ্ট দলৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰে । গিলেস্পী আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত ঘটা মতানৈক্যৰ বাবে পদক্ষেপ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷ সম্প্ৰতি কাৰ্ষ্টেনৰ ঠাইত পাকিস্তানৰ প্ৰাক্তন দ্ৰুত বলাৰ আকিব জাভেদে টেষ্ট দলৰ অন্তৱৰ্তীকালীন প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব ।

পূৰ্বে জাভেদে বগা বলৰ ক্ৰিকেটত পাকিস্তানৰ হৈ অন্তৱৰ্তীকালীন প্ৰশিক্ষকৰ ভূমিকাও পালন কৰিছিল ৷ এতিয়াৰে পৰা তেওঁক দলটোৰ সৈতে ৰঙা বলৰ ক্ৰিকেটতো দেখা যাব ।

26 ডিচেম্বৰৰ পৰা পাকিস্তান ক্ৰিকেট দলে শান মাছুদৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) বৃহস্পতিবাৰে ঘোষণা কৰে যে, আকিব জাভেদক এতিয়া টেষ্ট ক্ৰিকেট দলৰ ষ্টেণ্ড-ইন প্ৰশিক্ষকৰূপে দেখা হ'ব ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) সৈতে জেচন গিলেস্পীৰ চুক্তি 2026 চনত সমাপ্ত হ'ব ৷ কিন্তু তাৰ পূৰ্বেই পাকিস্তানৰ টেষ্ট দলৰ প্ৰশিক্ষকগৰাকীয়ে পদত্যাগ কৰে । দলৰ নিৰ্বাচন আৰু পিটচ প্ৰস্তুতিৰ ক্ষমতাৰ পৰা তেওঁক বাদ দিয়াৰ সন্দৰ্ভত পি চি বিয়ে গ্ৰহণ সিদ্ধান্তত অসন্তুষ্ট হৈছিল গিলেস্পী । যাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় দলটোৰ প্ৰশিক্ষকগৰাকী ।

উল্লেখ্য যে, গেৰী কাৰ্ষ্টেনে অষ্ট্ৰেলিয়া, জিম্বাব’ৱে আৰু দক্ষিণ আফ্ৰিকা শৃংখলাৰ পূৰ্বে প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিছিল । ইয়াৰ পিছত গিলেস্পীয়ে হোৱাইট বল আৰু ৰেড বল দলৰ প্ৰশিক্ষক হিচাপে কৰিছিল যোগদান ৷ পৰৱৰ্তী সময়ত গিলেস্পীক বগা বলৰ দলৰ প্ৰশিক্ষকৰ পৰা আঁতৰাই অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে এই দায়িত্ব দিয়া হৈছিল আকিব জাভেদক ৷

প্ৰকৃততে অধিকাৰৰ বিষয়ত পি চি বিৰ সৈতে হোৱা মতভেদৰ কথা উল্লেখ কৰি কাৰ্ষ্টেনে পদত্যাগ কৰিছিল । এতিয়া গিলেস্পীয়েও একে ধৰণৰ বিষয়ৰ বাবেই পদত্যাগ কৰাৰ কথা পোহৰলৈ আহিছে ।

লগতে পঢ়ক: পাঁচ বছৰৰ পাছত আফগানিস্তানৰ বিৰুদ্ধে জিম্বাব’ৱেৰ দ্বিতীয়টো জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.