ETV Bharat / sports

ৰোহিত-বিৰাটে কৰিব নোৱাৰাটো কৰি দেখুৱালে কেন উইলিয়ামছনে - NZ VS ENG 3RD TEST

Kane Williamson scored 33rd test Century: কেন উইলিয়ামছনে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট মেচখনত শতক অৰ্জন কৰি গঢ়িছে অভিলেখ ।

NZ VS ENG 3RD TEST
কেন উইলিয়ামছন (AP Photo)
author img

By ETV Bharat Sports Team

Published : Dec 16, 2024, 6:28 PM IST

স্প’ৰ্টছ ডেস্ক: নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখন খেলৰ টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল হেমিল্টনৰ ছেডন পাৰ্কত অনুষ্ঠিত হৈছে ।

এই খেলখনত শতক অৰ্জন কৰাৰ পিছত নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন কেন উইলিয়ামছনে গঢ়িছে বৃহৎ অভিলেখ । উইলিয়ামছন হৈ পৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী বেটছমেন ৷

33 সংখ্যক টেষ্ট শতক অৰ্জন কেন উইলিয়ামছনৰ

কেন উইলিয়ামছনে এই খেলখনত নিউজিলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে । খেলুৱৈগৰাকীয়ে 14 টা চাৰি আৰু 6 টা ছয়ৰে 137 টা বলত শতক সম্পূৰ্ণ কৰে । এয়া ক্ৰিকেটাৰগৰাকীৰ টেষ্ট কেৰিয়াৰৰ 33 তম শতক ।

উইলিয়ামছনে জেকব বেথেলৰ 58 তম অভাৰৰ প্ৰথমটো বলতে এটা ছয় মাৰি শতক অৰ্জন কৰে । এয়া হেমিল্টনত ক্ৰিকেটাৰগৰাকীৰ সপ্তম আৰু ঘৰৰ মাটিত 20 তম শতক ৷ উইলিয়ামছনে 200 টা বলত 156 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ ওভতে ৷

এই শতকৰ সৈতে ডব্লিউ টি চি চেম্পিয়নশ্বিপত ক্ৰিকেটাৰগৰাকীৰ নামত আছে মুঠ 11 টা শতক ৷ তেওঁ এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেনত পৰিণত হৈছে ৷ ইংলেণ্ডৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক জ’ ৰুট আছে এই তালিকাৰ শীৰ্ষত ৷ তালিকাত থকা আন একাংশ ক্ৰিকেটাৰ হৈছে মাৰ্নাছ লাবুচাগেন আৰু ষ্টিভ স্মিথ ৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত সৰ্বাধিক শতক

  • জ’ ৰুট: 116 ইনিংছ - 18 টা শতক
  • কেন উইলিয়ামছন: 50 ইনিংছ - 11 টা শতক
  • মাৰ্নাছ লাবুচাগেন: 86 ইনিংছ - 11 টা শতক
  • ষ্টিভ স্মিথ: 82 ইনিংছ - 12 শতক

ডব্লিউ টি চি চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনসকলৰ ভিতৰত ভাৰতৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে বেটছমেনেও স্থান লাভ কৰা নাই । বিৰাট আৰু ৰোহিতে যি কৰিব নোৱাৰিলে, প্ৰকৃতাৰ্থত কেন উইলিয়ামছনে সেয়া কৰি দেখুৱালে ৷

আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক শতক

কেন উইলিয়ামছন হৈছে আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক শতক অৰ্জনকাৰী চতুৰ্থগৰাকী খেলুৱৈ ৷ এই তালিকাত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নামো অন্তৰ্ভুক্ত আছে । কোহলীয়ে 81 টা আন্তঃৰাষ্ট্ৰীয় শতকৰ সৈতে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে ৷ আনহাতে, জ’ ৰুট আছে এই তালিকাৰ দ্বিতীয় স্থানত ৷

আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক শতক অৰ্জন কৰা সক্ৰিয় খেলুৱৈ

  • বিৰাট কোহলী - 81
  • জ’ ৰুট - 52
  • ৰোহিত শৰ্মা - 48
  • কেন উইলিয়ামছন - 46*
  • ষ্টিভ স্মিথ - 45

এই অভিলেখৰ সৈতে উইলিয়ামছন টেষ্ট ক্ৰিকেটৰ এখন খেলপথাৰত একেৰাহে 5 টা টেষ্ট শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেনত পৰিণত হয় । তেওঁ হেমিল্টনত একেৰাহে 5 টা শতক অৰ্জন কৰিছে ৷

এই মেচখনত নিউজিলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 347 ৰাণ । প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটোৱে 143 ৰাণ সংগ্ৰহ কৰে । আনহাতে, দ্বিতীয় ইনিংছত নিউজিলেণ্ডে এতিয়ালৈকে 5 টা উইকেট হেৰুৱাই 345 ৰাণ সংগ্ৰহ কৰিছে । তৃতীয় দিনৰ খেলৰ শেষলৈ নিউজিলেণ্ডৰ অগ্ৰগতি হৈছে 545 ৰাণ ।

লগতে পঢ়ক: গাব্বা হৈ ৰ’ল সাক্ষী; মাইলৰ খুঁটি অৰ্জন বিৰাট কোহলীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.