ETV Bharat / sports

ফিফা বিশ্বকাপ কোৱালিফায়াৰত কাটাৰৰ বিৰুদ্ধে ভাৰত; আশাবাদী ভাৰতীয় প্ৰশিক্ষক ষ্টিমাক - India in FIFA WC Qualifier

author img

By ANI

Published : Jun 11, 2024, 2:10 PM IST

India in FIFA WC Qualifier : ভাৰতে এতিয়ালৈকে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে এক মধ্যমীয়া অভিযান চলাই আহিছে । ঘৰৰ বাহিৰত কুৱেইটত 1-0 ব্যৱধানৰ বিজয়ে দলটোক যথেষ্ট আশা প্ৰদান কৰিছে । আফগানিস্তান (0-0 বাহিৰত) আৰু কুৱেইটৰ (ঘৰুৱা মেচত 0-0) বিৰুদ্ধে ড্ৰ হোৱাৰ পূৰ্বে আৰু কাটাৰৰ বিৰুদ্ধে (ঘৰুৱা মেচত 0-3) আৰু আফগানিস্তানৰ (ঘৰুৱা মেচত 1-2) পৰাজয়ে তেওঁলোকক এই যোগ্যতাৰ শৃংগ আৰোহণত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ।

India in FIFA WC Qualifier
ভাৰতীয় ফুটবল দল (AIFF Photo)

স্পৰ্টছ ডেস্ক, ১১ জুন : ফিফা বিশ্বকাপ ২০২৬ আৰু এছিয়ান ফুটবল কনফেডাৰেচন (এএফচি) এছিয়ান কাপ ২০২৭ৰ প্ৰাথমিক যুটীয়া কোৱালিফায়াৰ দ্বিতীয় ৰাউণ্ডৰ অন্তিমখন মেচ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । মেচখনত মঙলবাৰে ভাৰতে ঘৰুৱা খেলপথাৰৰ বাহিৰত এছিয়ান চেম্পিয়ন কাটাৰৰ মুখামুখি হ'ব । এই মেচখনৰ ফলাফলে ভাৰতীয় ফুটবল ইতিহাসৰ গতিপথেই সলনি কৰিব পাৰে ।

বিগত সময়ছোৱাত ভাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ তৃতীয় ৰাউণ্ডত পূৰ্বতে কেতিয়াও পদাৰ্পণ কৰিব পৰা নাছিল । এইবাৰ ভাৰতীয় দলটোৰ এই আশা এতিয়াও সজীৱ হৈ আছে । কিন্তু এই সপোন বাস্তৱত ৰূপান্তৰ কৰাটো ভাৰতীয় দলটোৰ বাবে ৰুবিক্স কিউবৰ দ্ৰুত সমাধানতকৈ কম জটিল নহয় ।

ভাৰতে এতিয়ালৈকে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে এক মধ্যমীয়া অভিযান চলাই আহিছে । ঘৰৰ বাহিৰত কুৱেইটত 1-0 ব্যৱধানৰ বিজয়ে দলটোক যথেষ্ট আশা প্ৰদান কৰিছে । আফগানিস্তান (0-0 বাহিৰত) আৰু কুৱেইটৰ (ঘৰুৱা মেচত 0-0) বিৰুদ্ধে ড্ৰ হোৱাৰ পূৰ্বে আৰু কাটাৰৰ বিৰুদ্ধে (ঘৰুৱা মেচত 0-3) আৰু আফগানিস্তানৰ (ঘৰুৱা মেচত 1-2) পৰাজয়ে তেওঁলোকক এই যোগ্যতাৰ শৃংগ আৰোহণত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে । সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এ আই এফ এফ) প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে ।

যদিও ভাৰত এতিয়াও পাঁচ পইণ্টেৰে গ্ৰুপ এত দ্বিতীয় স্থানত আছে ৷ কিন্তু দলটোৱে বৰ্তমান এ এফ চি এছিয়ান কাপ 2023ৰ চেম্পিয়ন দলটোৰ বিৰুদ্ধে ফলাফল নিজৰ পক্ষত অনাটো নিশ্চিত কৰিব লাগিব । লগতে দিনটোৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগা কুৱেইট আৰু আফগানিস্তানৰ মাজৰ খেলখনৰো স্ক'ৰ নিজৰ অনুকূল হোৱাটো আশা কৰিব লাগিব ।

যদি তেওঁলোকে আয়োজক দলটোৰ বিৰুদ্ধে ড্ৰও খেলে, তেন্তে ব্লু টাইগাৰে কুৱেইট আৰু আফগানিস্তানৰ মাজৰ মেচখনতো একেটা ফলাফল আশা কৰিব । আনহাতে, যদি ভাৰতে কাটাৰক পৰাস্ত কৰে, তেন্তে সমীকৰণটো ভাৰতৰ বাবে সৰল হ'ব । অৱশ্যে সেই কৃতিত্ব অৰ্জন কৰাটো ভাৰতৰ বাবে ইমান সহজ নহ'ব ।

ইফালে ভাৰতৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে তেওঁৰ খেলুৱৈসকলৰ মাজত ৰোপণ কৰা মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰি আছে । কাটাৰৰ বিৰুদ্ধে মেচখনত তেওঁ ইয়াৰ ফল লাভ কৰিবলৈ আশা কৰিছে । তেওঁ কয়, "বিগত পাঁচ বছৰত আমি দলটোৰ মাজত আশাৰ সৃষ্টি কৰিছো, যিটো পূৰ্বতে কেতিয়াও নাছিল । মই এই ল'ৰাবোৰৰ বাবে গৌৰৱান্বিত, যেতিয়া তেওঁলোকে গতি লয় তেতিয়া তেওঁলোক যথেষ্ট আত্মবিশ্বাসী হয় ।"

"মই তেওঁলোকক কৈছো যে তেওঁলোকে কৰিবলগা একমাত্ৰ কামটো হৈছে মেচখন উপভোগ কৰা, দেশক তেওঁলোক গৌৰৱান্বিত কৰা আৰু সেই সুযোগবোৰ গ্ৰহণ কৰি ঘৰলৈ উভতি অহা, যিয়ে ১.৪ বিলিয়ন জনসাধাৰণক সুখী কৰিব । এই সকলোবোৰৰ বাবে কাইলৈ আমাৰ হাতত আছে প্ৰায় ৯০ মিনিট আৰু প্ৰয়োজন হ'লে আমি পিটছত মৰিবলৈও সাজু ।"

আনহাতে, ভাৰতীয় মিডফিল্ডাৰ ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজে গেফাৰৰ কথা উল্লেখ কৰি আকাংক্ষিত ফলাফল লাভ কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে । "আমি জানো যে এই মেচখন আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, সেয়েহে প্ৰতিজন খেলুৱৈয়ে দেশৰ হৈ যুঁজ দিব । আমি ইয়াত দেশক প্ৰতিনিধিত্ব কৰিবলৈ আহিছোঁ আৰু আমি তালৈ এটা দল হিচাপে যাম আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ শ্বট দিম । কাইলৈ 11-বনাম-11 হ'ব আৰু ফুটবলত যিকোনো সম্ভৱ ।" ব্ৰেণ্ডনে কয় ।

অৱশ্যে এই আশা কৰাৰ বাবে অৱকাশ আছে । ইতিমধ্যে পাঁচখন মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি গ্ৰুপ এৰ শীৰ্ষ স্থান সুৰক্ষিত কৰা কাটাৰে এটা যুৱ দলৰ নাম উল্লেখ কৰিছে । মাৰ্চ মাহত আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰা হাছান আল-হাইডোছ আৰু ফৰৱাৰ্ড আক্ৰাম আফিফে দলটোত স্থানলাভ নকৰে ।

আনহাতে, কাটাৰৰ বিৰুদ্ধে ফিফা ডব্লিউ চি কোৱালিফায়াৰৰ সংঘৰ্ষৰ পূৰ্বে অধিনায়ক সুনীল চেত্ৰীৰ অনুপস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতীয় প্ৰশিক্ষক ষ্টিমাকে কয় যে এই বিষয়ে বৰ্তমান একো চিন্তা কৰা নাই ।

লগতে পঢ়ক :অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ - Sunil Chhetri Farewell Match

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.