ETV Bharat / sports

পেৰিছ ২০২৪ অলিম্পিক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত নীতা আম্বানী - PARIS OLYMPICS 2024 - PARIS OLYMPICS 2024

IOC member Nita Ambani: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত ৰিলায়েন্স ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ নীতা আম্বানী ৷ এই আনন্দ আৰু গৌৰৱৰ মুহূৰ্তটো প্ৰতিগৰাকী ভাৰতীয়ৰ সৈতে ভগাব বিচাৰে আম্বানীয়ে ৷

PARIS OLYMPICS 2024
নীতা আম্বানী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 11:19 AM IST

স্প’ৰ্টছ ডেস্ক, 25 জুলাই: বৰ্তমান পেৰিছত চলি থকা 142 সংখ্যক আইঅ'চি অধিৱেশনত আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে নীতা আম্বানীক ভাৰতৰ আইঅ'চিৰ সদস্য হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত কৰে ৷ বুধবাৰে ঘোষণা কৰা হয় এই সিদ্ধান্ত ৷

ভাৰতৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে 100% ভোট লাভ কৰি সৰ্বসন্মতিক্ৰমে জয়লাভ কৰে । পুনৰ নিৰ্বাচনৰ পিছত নীতা আম্বানীয়ে এক বিবৃতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে গভীৰভাৱে সন্মানিত বুলি মন্তব্য কৰে । তাৰবাবে ৰাষ্ট্ৰপতি আৰু আইঅ'চিৰ সকলো সহকৰ্মীক তেওঁৰ ওপৰত ৰখা বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: পেৰিছত অভিষেক ঘটোৱা ১০ গৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰতি দেশবাসীৰ থাকিব পদকৰ আশা - Paris Olympics 2024

এনেদৰে নিৰ্বাচিত হোৱাতো কেৱল ব্যক্তিগত মাইলৰ খুঁটি নহয়, বিশ্বব্যাপী ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ স্বীকৃতিয়ো । এই আনন্দ আৰু গৌৰৱৰ মুহূৰ্তটো প্ৰতিগৰাকী ভাৰতীয়ৰ সৈতে নীতা আম্বানীয়ে ভগাব বিচৰা বুলি উল্লেখ কৰি ভাৰতৰ লগতে সমগ্ৰ বিশ্বত অলিম্পিক আন্দোলন শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আশাবাদী বুলি ৰিলায়েন্স ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আম্বানীয়ে লগতে কয় ।

আম্বানীক প্ৰথমবাৰৰ বাবে 2016 চনত ৰিঅ' ডি জেনেৰিঅ' অলিম্পিক গেমছত সন্মানীয় সংস্থাত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছিল । তেতিয়াৰে পৰা আইঅ'চিত যোগদান কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত হয় নীতা আম্বানী ৷ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আম্বানীয়ে 40 বছৰতকৈও অধিক সময়ৰ পিছত 2023 চনৰ অক্টোবৰত মুম্বাইত প্ৰথম আইঅ'চি অধিৱেশন আয়োজন কৰে ৷ যাক বিশ্বৰ বাবে নতুন, উচ্চাকাংক্ষী ভাৰত প্ৰদৰ্শন কৰা বুলি প্ৰশংসা কৰা হৈছিল ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকৰ বাবে সাজু ড্ৰাগছ বেপাৰীও - Paris Olympics 2024

ভাৰতীয় অলিম্পিক সংস্থাৰ(আইঅ'এ) সৈতে দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ অংশ হিচাপে ৰিলায়েন্স ফাউণ্ডেছনে পেৰিছ অলিম্পিক 2024 ত প্ৰথমবাৰৰ বাবে "ইণ্ডিয়া হাউচ" মুকলি কৰিছে । ইণ্ডিয়া হাউচ হ'ব খেলুৱৈসকলৰ বাবে ঘৰৰ পৰা আঁতৰত আন এক ঘৰ, বিজয় উদযাপন কৰাৰ স্থানৰ লগতে বিশ্বৰ সৈতে ভাৰতৰ অলিম্পিক যাত্ৰাৰ ভাগ-বতৰা কৰা স্থান ।

ই বিশ্বব্যাপী ক্ৰীড়াক্ষেত্ৰত এক প্ৰভাৱশালী শক্তি হোৱাৰ ভাৰতৰ উচ্চাকাংক্ষাক প্ৰদৰ্শন কৰে ৷ লগতে অলিম্পিকত সফলতা বৃদ্ধি কৰাৰ উপৰিও ভৱিষ্যতে খেল আয়োজনৰ দিশত এক সু-নিৰ্দিষ্ট পথ তৈয়াৰ কৰে ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক ২০২৪ : ভাৰতে লাভ কৰিব পৰা ১০ টা ডাঙৰ কৃতিত্ব আৰু অভিলেখ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.