ETV Bharat / sports

সমালোচনাৰে থকা-সৰকা ৰোহিত শৰ্মাক, ঋষভ পন্তৰ প্ৰশংসাৰে পঞ্চমুখ নিউজিলেণ্ডৰ সংবাদ মাধ্যম - IND VS NZ TEST SERIES

New Zealand media: টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত নিউজিলেণ্ডৰ সংবাদ মাধ্যমৰ চৰ্চাত দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ পঢ়ক বিতং খবৰ...

IND VS NZ TEST SERIES
সতীৰ্থসকলৰ সৈতে ৰোহিত শৰ্মা আৰু ঋষভ পন্ত (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 4, 2024, 7:09 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতক ঘৰৰ মাটিত পৰাস্ত কৰা নিউজিলেণ্ড ক্ৰিকেট দলৰ প্ৰশংসাত পঞ্চমুখ দেশখনৰ সংবাদ মাধ্যম ৷ কিৱি বাহিনীয়ে শেহতীয়া টেষ্ট শৃংখলাত টীম ইণ্ডিয়াক 3-0 ব্যৱধানত পৰাস্ত কৰি ৰচিছে ইতিহাস ৷

নিজৰ দলৰ প্ৰশংসা কৰাৰ সময়তে নিউজিলেণ্ডৰ সংবাদ মাধ্যমে টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ ওপৰতো আলোকপাত কৰে । দেশখনৰ সংবাদ মাধ্যমৰ চৰ্চাত থকা তেনে দুগৰাকী ভাৰতীয় খেলুৱৈ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু যুৱ খেলুৱৈ ঋষভ পন্ত ।

সমালোচনাৰে থকা-সৰকা ৰোহিত শৰ্মাক

সদ্যসমাপ্ত টেষ্ট শৃংখলাত বেটেৰে উজ্বলি উঠাত সম্পূৰ্ণৰূপে বিফল হৈছিল ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা । যাৰ বাবে ৰোহিতৰ অধিনায়কত্বৰ সন্দৰ্ভতো উঠিছিল বহু প্ৰশ্ন ৷ নিউজিলেণ্ডৰ সংবাদ মাধ্যমসমূহেও ৰোহিতৰ বিষয়ে একেই কথাকে কৈছে ।

দেশখনৰ সংবাদ মাধ্যমে আপত্তি দৰ্শাইছে যে ৰোহিতে এটা গুৰুত্বপূৰ্ণ সময়ত বিপদজনক শ্বট মাৰিবলৈ গৈ হেৰুৱাইছিল নিজৰ উইকেট ৷ একাংশ সংবাদ মাধ্যমে আকৌ প্ৰতিপক্ষক সহজে লোৱাটো ভাৰতৰ পৰাজয়ৰ মূল কাৰণ বুলি অভিহিত কৰিছে ৷

পন্তৰ প্ৰশংসাত পঞ্চমুখ

অন্তিমখন টেষ্টত যেতিয়া টীম ইণ্ডিয়াৰ বেটছমেনসকল এজনৰ পিছত এজনকৈ আউট হৈছিল, তেতিয়া একমাত্ৰ ঋষভ পন্তে দলক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰিজত সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ আক্ৰমণাত্মকভাৱে বেটিং কৰি বিপক্ষৰ দলটোক পৰাজিত কৰাৰ বাবে এটাৰ পিছত এটাকৈ ৰাণ সংগ্ৰহ কৰি গৈছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

পন্তৰ বেটিং বিক্ৰমৰ বাবে এটা সময়ত ভাৰত জয়ৰ দিশে ধাৱমান হৈছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে 57 টা বলত সংগ্ৰহ কৰিছিল 64 ৰাণ । এই সংগ্ৰামৰ বাবে নিউজিলেণ্ডৰ সংবাদ মাধ্যমসমূহে প্ৰশংসাৰে উপচাই পেলাইছে পন্তক ৷ তদুপৰি ৰোহিত শৰ্মা আৰু ঋষভ পন্তৰ প্ৰদৰ্শনক লৈ তুলনামূলক বিশ্লেষণো আগবঢ়াইছে ৷

নিউজিলেণ্ডৰ সংবাদ মাধ্যমে ৰোহিত আৰু পন্তৰ বিষয়ে কি কৈছিল ?

  • Stuff.co.nz: ভাৰতৰ মাটিত 19 দিনৰ ব্যৱধানত ব্লেক কেপছে এনে ফলাফল অৰ্জন কৰিছিল, যিটো ক্ৰিকেট জগতে আগতে অকল্পনীয় বুলি গণ্য কৰিছিল । বেংগালুৰুত 8 উইকেটত, পুনেত 113 ৰাণত আৰু মুম্বাই 25 ৰাণত ভাৰতৰ বিৰুদ্ধে বিজয়ী হয় কিৱি বাহিনী । যোৱা 12 বছৰত ঘৰৰ মাটিত 3 টাকৈ পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে 2012 চনত তেওঁলোকৰ অন্তিম শৃংখলা পৰাজয়ৰ পিছত মাত্ৰ 4 টা পৰাজয়ৰ সন্মুখীন হৈছে ।
  • 1news.co.nz: ঋষভ পন্ত আয়োজক দলৰ হৈ একমাত্ৰ বেটছমেন আছিল, যিয়ে দলক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ তেওঁ 9 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 57 বলত সংগ্ৰহ কৰিছিল 64 ৰাণ ৷ ভাৰতে 4 টা বলত বাকী থকা 3 টা উইকেট হেৰুৱাইছিল । যাৰ বাবে খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰা অৰ্ধশতকটো অথলে গৈছিল ৷
  • RNZ: ক্ৰিজলৈ অহাৰ পিছত ৰোহিত শৰ্মাই দিনটোৰ প্ৰথম অভাৰত প্ৰথমটো পাঞ্চ মাৰি মেট হেনৰীৰ বলত এটা বাউণ্ডেৰী কোবাইছিল ৷ কিন্তু অধিনায়কগৰাকীৰ শেহতীয়া হতাশাজনক প্ৰদৰ্শন অব্যাহত আছিল আৰু একেজন বলাৰৰ বিৰুদ্ধে খৰখেদাকৈ শ্বট মাৰিবলৈ গৈ 11 ৰাণত আউট হৈছিল । ঋষভ পন্ত আছিল একমাত্ৰ ভাৰতীয় বেটছমেন, যিয়ে প্ৰতিৰোধ প্ৰদৰ্শন কৰিছিল ৷ ৱাংখেড়ে ষ্টেডিয়ামৰ টাৰ্ণিং ট্ৰেকত আয়োজক দলটো 29-5 ত উপনীত হোৱাৰ সময়তে 64 ৰাণৰ দৰ্শনীয় ইনিংছ খেলিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

লগতে পঢ়ক: ক্ৰিকেটত অন্ত পৰিব নেকি ৰোহিত-বিৰাট যুগৰ ? পোহৰলৈ আহিল এই তথ্য...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.