ETV Bharat / sports

ভঙা হাতেৰেই খেলত অংশগ্ৰহণ, সামাজিক মাধ্যমত ভাইৰেল নীৰজ চোপ্ৰাৰ অকথিত কাহিনী - NEERAJ CHOPRA

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 1:34 PM IST

Neeraj Chopra fractured hand: ভাৰতৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ মানসিকতাক চেলুট । কিয়নো এই তাৰকা খেলুৱৈগৰাকীয়ে ভঙা হাতৰেই খেলত অংশগ্ৰহণ কৰি উপনীত হৈছিল ডায়মণ্ড লীগৰ ফাইনেলত ৷

NEERAJ CHOPRA
নীৰজ চোপ্ৰাৰ ভগ্ন হাতৰ অংশ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: শনিবাৰে মাজনিশা অনুষ্ঠিত হোৱা ডায়মণ্ড লীগ 2024 ৰ ফাইনেলত ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই মাত্ৰ এক ছেণ্টিমিটাৰ দূৰত্বৰ বাবে খিতাপ জয়ৰ পৰা বঞ্চিত হয় । ফাইনেলত ভাৰতৰ শীৰ্ষস্থানৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই 87.86 মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰ সৈতে লাভ কৰে দ্বিতীয় স্থান ৷ বিপৰীতে এণ্ডাৰছন পিটাৰ্ছৰ 87.87 ৰ শ্ৰেষ্ঠ থ্ৰ’ৰ অৰ্জন কৰে ডায়মণ্ড লীগৰ খিতাপ ৷

ভঙা হাতেৰে ডায়মণ্ড লীগত অংশগ্ৰহণ

ডায়মণ্ড লীগৰ ফাইনেলত দ্বিতীয় স্থান দখল কৰাৰ পিছত নীৰজ চোপ্ৰাই 2024 বৰ্ষৰ অভিযান সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰকাশ কৰে কিছু কথা ৷ ভাৰতৰ শীৰ্ষস্থানৰ অন্যতম 26 বছৰীয়া খেলুৱৈগৰাকীয়ে ভঙা বাওঁহাতেৰেই লীগত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ খেলুৱৈগৰাকীৰ চতুৰ্থ মেটাকাৰ্পল হাড়ডাল ডায়মণ্ড লীগৰ সময়ত ভগ্ন অৱস্থাত আছিল ৷

চোপ্ৰাই নিজৰ পোষ্টত লিখিছে, "2024 চনৰ ছিজনৰ অন্ত পৰাৰ লগে লগে মই গোটেই বছৰটোত শিকি অহা উন্নতি, বিফলতাৰ পৰা আৰম্ভ কৰি মানসিকতা আৰু বহুতো কথালৈ উভতি চাওঁ" ৷

তেওঁ আৰু লিখিছে, "সোমবাৰে অনুশীলন কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হৈছিলো আৰু এক্স-ৰেত দেখা গৈছিল যে, মোৰ বাওঁহাতৰ চতুৰ্থ মেটাকাৰ্পল ডাল ভাঙি গৈছে । মোৰ বাবে এয়া আছিল আন এক বেদনাদায়ক প্ৰত্যাহ্বান । কিন্তু মোৰ দলৰ সহায়ত মই ব্ৰাছেলছ’ত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলো" ।

2024 চনটো এটা পাহৰিব পৰা ছিজন

ব্ৰাছেলছত অনুষ্ঠিত হোৱা ডায়মণ্ড লীগৰ ফাইনেল নীৰজ চোপ্ৰাৰ বাবে বিফলভাৱে সামৰণি পৰে ৷ তুলনামূলকভাৱে সমগ্ৰ ছিজনটো আছিল খেলুৱৈগৰাকীৰ বাবে এটা হতাশাজনক বৰ্ষ ৷ ডায়মণ্ড লীগৰ উপৰিও বৰ্তমানৰ বিশ্ব চেম্পিয়নগৰাকীয়ে এই ছিজনৰ আৰম্ভণিতে পেৰিছ অলিম্পিক, ডোহা ডায়মণ্ড লীগ আৰু ল’জান ডায়মণ্ড লীগতো লাভ কৰিছিল দ্বিতীয় স্থান ।

আশা কৰা মতে লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ: নীৰজ

2024 চনত বহুবাৰ খিতাপ দখলৰ যুঁডত অৱতীৰ্ণ হৈও বিফল হোৱা নীৰজ চোপ্ৰাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টটোত এনেদৰে লিখিছিল, "এইটো বছৰটোৰ অন্তিম প্ৰতিযোগিতা আছিল ৷ মই মোৰ ছিজনটো খিতাপ দখলৰে সমাপ্ত কৰিবলৈ বিচাৰিছিলো । যদিও মই আশা পূৰণ কৰিব নোৱাৰিলো, তথাপিও মই ভাবো যে এইটো এটা এনে ছিজন আছিল, য’ত মই বহুত শিকিলো । মই সম্পূৰ্ণ ফিট আৰু খেলিবলৈ সাজু হৈ প্ৰত্যাৱৰ্তন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ । আপোনালোক সকলোৱে উৎসাহ দিয়াৰ বাবে ধন্যবাদ জনাইছো । 2024 চনে মোক এগৰাকী ভাল খেলুৱৈ আৰু ব্যক্তিত পৰিণত কৰি তুলিছে । 2025 চনত লগ পাম" ।

লগতে পঢ়ক: পুনৰ অনুৰাগীক নিৰাশ নীৰজ চোপ্ৰাৰ, মাত্ৰ এক ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে খিতাপ - DIAMOND LEAGUE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.