ETV Bharat / sports

43 বছৰীয়া হ’ল মাহী: অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ধোনীৰ জীৱনৰ ওপৰত এক অৱলোকন - MS Dhoni turns 43

Happy Birthday MS Dhoni: 43 বছৰীয়া হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী তথা ভাৰতীয় ক্ৰিকেটক আধুনিক ৰূপ দিয়া ব্যক্তিজনৰ সাফল্যৰ ওপৰত এক অৱলোকন...

author img

By ANI

Published : Jul 7, 2024, 7:48 AM IST

Happy Birthday MS Dhoni
43 বছৰীয়া হ’ল মাহী (ETV Bharat)

স্পৰ্টছ ডেস্ক, 7 জুলাই : কিংবদন্তী উইকেট কীপাৰ-বেটাৰ আৰু ভাৰতৰ প্ৰাক্তন অধিনায়ক ‘‘কেপ্টেইন কুল’’ এম এছ ধোনীৰ আজি জন্মদিন ৷ টীম ইণ্ডিয়াক তিনিটাকৈ মুখ্য আইচিচি ট্ৰফী জয়ৰ ক্ষেত্ৰত নেতৃত্ব দিয়া ধোনী দেওবাৰে 43 বছৰীয়া হ’ল ৷

ধোনীক ক্ৰিকেট জগতত কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ আন্তৰ্জাতিক আৰু আই পি এলৰ খেলপথাৰত তেওঁ শান্ত আৰু আশ্চৰ্যকৰ অধিনায়কত্বৰ দক্ষতাৰ বাবে বিখ্যাত ৷ 2020 চনৰ 15 আগষ্টত ধোনীয়ে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে আৰু এক সুন্দৰ কেৰিয়াৰৰ যৱনিকা পেলায় ৷

ধোনীৰ নেতৃত্বত ভাৰতে সকলো ফৰ্মেটত খিতাপ দখল কৰে ৷ তেওঁৰ অধিনায়কত্বত, ভাৰতে ডিচেম্বৰ 2009-ৰ পৰা 18 মাহৰ বাবে টেষ্ট ৰেংকিঙত আগবাঢ়ি আছিল ৷ ভাৰতীয় দলটোৱে 2011 চনত 50 অভাৰৰ বিশ্বকাপ আৰু 2007 চনৰ টি-20 বিশ্বকাপত ধোনীৰ অধিনায়কত্বত খিতাপ জয় কৰিছিল ৷

Happy Birthday MS Dhoni
মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন (ANI)

ধোনীৰ ক্ৰীড়া ইতিহাস অতিকৈ প্ৰেৰণাদায়ক বুলিব পাৰি ৷ ৰে'ল ষ্টেচনত টিকট সংগ্ৰাহক হিচাপে কাম কৰাৰ পৰা, তেওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ ট্ৰফী সংগ্ৰাহকলৈ ৰূপান্তৰিত হয়, দলটোক আইচিচি টি-20 বিশ্বকাপ 2007, আইচিচি ক্ৰিকেট বিশ্বকাপ 2011 আৰু আইচিচি চেম্পিয়নছ ট্ৰফী 2013 ত অধিনায়ক হিচাপে নেতৃত্ব দিয়ে ৷

তেওঁ 2004 চনত আন্তৰ্জাতিক পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল আৰু ক্ৰিকেট বলৰ এজন বিস্ফোৰক হিটাৰ হিচাপে নিজৰ এক নাম গঢ়ি তুলিছিল ৷ কিন্তু সময়ৰ লগে লগে এজন ফিনিচাৰলৈ পৰিণত হৈছিল, যিয়ে তেওঁৰ দলক আক্ৰমণ আৰু আশ্চৰ্যজনক কৌশলেৰে জিকিবলৈ পথ প্ৰদৰ্শন কৰিছিল ৷

লগতে পঢ়ক : ধোনীক কিয় স্বাৰ্থপৰ বুলি ক'লে অনুৰাগীয়ে ? - CSK vs PBKS

আই পি এলৰ জনপ্ৰিয় ফেঞ্চাইজী চেন্নাই চুপাৰ কিংছৰ ‘থালা’ (নেতা) হিচাপে জনাজাত ধোনীয়ে ভাৰতৰ হৈ 98 খন টি-20 খেলি 126.13 ষ্ট্ৰাইক ৰেট আৰু 37.60 গড়ৰ সৈতে 1,617 ৰাণ সংগ্ৰহ কৰে ৷ ফৰ্মেটটোত তেওঁৰ দুটা অৰ্ধ-শতক আছে, সৰ্বাধিক ব্যক্তিগত ৰাণ হৈছে 56 ৷

তেওঁৰ দীঘলীয়া ফৰ্মেটৰ কেৰিয়াৰত যদি চকু ফুৰাও তেন্তে, ধোনীয়ে টেষ্ট 90 খন মেচ খেলিছিল আৰু 38.09 গড়ে 4,876 ৰাণ সংগ্ৰহ কৰিছিল ৷ তেওঁ ছটা শতক আৰু 33 টা অৰ্ধ-শতক অৰ্জন কৰে, সৰ্বাধিক ব্যক্তিগত স্ক’ৰ হৈছে 224 ৰাণ ৷ তেওঁ টেষ্টত ভাৰতৰ হৈ চতুৰ্দশ সৰ্বাধিক স্ক'ৰ কৰা খেলুৱৈ ৷

এজন অধিনায়ক হিচাপে, তেওঁ 60 খন টেষ্ট মেচত ভাৰতক নেতৃত্ব দিছিল, যাৰ ভিতৰত তেওঁলোকে 27 খন মেচ জিকিছিল, 18 খনত পৰাজিত হৈছিল আৰু 15 খন ড্ৰ’ কৰিছিল ৷ তেওঁ ভাৰতৰ অন্যতম সফল অধিনায়ক ৷ তেওঁ টীম ইণ্ডিয়াক আইচিচি টেষ্ট ৰেংকিঙৰ এক নম্বৰ স্থানলৈ লৈ গৈছিল ৷

2010-11 আৰু 2012-13 শৃংখলাত অষ্ট্ৰেলিয়াক হোৱাইটৱাছ কৰা তেওঁ একমাত্ৰ ভাৰতীয় অধিনায়ক ৷ জনসাধাৰণৰ প্ৰিয় 'মাহী'য়ে 72 খন টি-20 ত ভাৰতক নেতৃত্ব দিছিল, 41 খনত জয়লাভ কৰিছিল, 28 খনত পৰাজিত হৈছিল ৷

ভাৰতক আইচিচি খিতাপ দখলত নেতৃত্ব দিয়াৰ উপৰিও তেওঁ চেন্নাই চুপাৰ কিংছক (চিএছকে) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আৰু চেম্পিয়নছ লীগ টি-20 ত ফ্ৰেঞ্চাইজীজয়ৰ বাবে পথ প্ৰদৰ্শন কৰিছিল ধোনীয়ে ৷ তেওঁ 2010, 2011, 2018, 2021 আৰু 2023 চনত চিএছকেক পাঁচটা আই পি এল খিতাপ দখলত নেতৃত্ব দিছিল ৷ ধোনীৰ নেতৃত্বত চিএচকেই 2010 আৰু 2014 চনত দুটা চিএলটি 20 খিতাপো দখল কৰিছিল ৷

ধোনীয়ে 264 খন আই পি এল মেচ খেলিছে, 2016 চনৰ পৰা 2017 চনলৈ ৰাইজিং পুনে চুপাৰ জায়েণ্টছৰ হৈ খেলাৰ বাহিৰে বাকী বেছিভাগ চিএছকেৰ হৈ খেলিছে ধোনীয়ে ৷ এই টুৰ্ণামেন্টসমূহত তেওঁ, তেওঁ 39.13 গড়ে 5,243 ৰাণ সংগ্ৰহ কৰিছে ৷ তেওঁ প্ৰতিযোগিতাখনত 24 টা অৰ্ধ-শতক অৰ্জন কৰিছে ৷

তেওঁৰ ৰেকৰ্ডত 152 টা কেচ আৰু 42 টা ষ্টাম্পিং আছে ৷ মিডল অৰ্ডাৰ বেটাৰ হিচাপে এই আশ্চৰ্যজনক পৰিসংখ্যা আৰু অধিনায়ক হিচাপে তেওঁৰ সফলতাৰ সৈতে, সাধাৰণতে ভাৰত আৰু বিশ্ব ক্ৰিকেটত পুনৰ 'কেপ্টেইন কুল'ৰ দৰে এজন খেলুৱৈ দেখা পোৱাৰ সম্ভাৱনা নাই ৷

লগতে পঢ়ক : চিএছকেৰ বেটিং প্ৰশিক্ষক মাইকেল হাছিৰ মতে আৰু দুবছৰলৈ খেলিব পাৰিব ধোনীয়ে - Hussey on Dhoni Retirement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.