ETV Bharat / sports

17 বছৰৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতত আৰম্ভ হৈছিল 'ধোনী যুগ' - T20 WORLD CUP 2007

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 7:58 PM IST

ON This Day IND vs PAK: 2007 চনৰ টি-20 বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে ফাইনেলৰ পূৰ্বে লীগ মেচত পাকিস্তানক কৰিছিল অল আউট । এই বিজয়ৰ সৈতে ভাৰতে টি-20 বিশ্বকাপত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিছিল পাকিস্তানক ।

T20 WORLD CUP 2007
ভাৰতৰ বিৰুদ্ধে পৰাস্ত পাকিস্তান (Getty Images)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: আই চি চি টি-20 বিশ্বকাপৰ প্ৰথম ছিজন অনুষ্ঠিত হৈছিল 2007 চনত ৷ য’ত এম এছ ধোনীৰ নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো বিজয়ী হৈছিল । ধোনীৰ নেতৃত্বত মেন ইন ব্লুৱে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি খিতাপ জয় কৰিছিল ।

কিন্তু তাৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল । দুয়োদলৰ মাজত ঐতিহাসিক গ্ৰুপ পৰ্যায়ৰ খেলখন আজিৰ দিনটোতে অৰ্থাৎ 2007 চনৰ 14 ছেপ্টেম্বৰতে অনুষ্ঠিত হৈছিল ৷

ভাৰত বনাম পাক বল আউট

প্ৰকৃততে অমীমাংসিতভাৱে সামৰণি পৰিছিল খেলখন ৷ তাৰপিছত খেলখনৰ ফলাফল বল আউটৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছিল । বল আউটত ভাৰতে পাকিস্তানক এক দৰ্শনীয় ধৰণে পৰাস্ত কৰে । বল আউটত বীৰেন্দ্ৰ ছেহৱাগে ভাৰতৰ হৈ প্ৰথমে বলিং কৰে ৷

তাৰ পিছত ইয়াছিৰ আৰাফাতে পাকিস্তানৰ পৰা প্ৰথম সুযোগ লাভ কৰে, কিন্তু তেওঁ সুযোগটো হেৰুৱায় ৷ পুনৰ যেতিয়া এবাৰ ভাৰতৰ পাল পৰিল, তেতিয়া এই সুযোগ গ্ৰহণ কৰে হৰভজন সিঙে । ভাজ্জীয়ে ষ্টাম্পবোৰ অতি সহজে আঘাত কৰে । ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানৰ দ্ৰুত বলাৰ ওমৰ গুলে বলিং কৰে ৷

ৰবীন উথাপ্পাই ভাৰতৰ হৈ তৃতীয় সুযোগ লাভ কৰি দখল কৰে এটা উইকেট ৷ পাকিস্তানৰ বাবে অন্তিম আশা হিচাপে তিনি নম্বৰত বলিং কৰিবলৈ আহিছিল শ্বাহিদ আফ্ৰিদী, পিছে আফ্ৰিদীও উইকেট দখলত ব্যৰ্থ হয় ৷ এনেদৰে ভাৰতীয় দলটোৱে পাকিস্তানক বল আউটত পৰাস্ত কৰে ।

ভাৰত-পাকৰ খেলখন 141 ৰাণত টাই

খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 141 ৰাণ । ৰবীন উথাপ্পাই দলটোৰ হৈ 50 ৰাণৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল । ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে 20 অভাৰত 7 টা উইকেট হেৰুৱাই 141 ৰাণ সংগ্ৰহ কৰিছিল । মিছবাহ-উল-হকে 53 ৰাণৰ সৈতে পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হৈছিল ।

ধোনী যুগৰ আৰম্ভ

এই খেলখনে ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ আৰম্ভণি চিহ্নিত কৰিছিল । পৰৱৰ্তী সময়ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত আই চি চি চেম্পিয়নছ ট্ৰফীও জিকিছিল । ধোনী ক্ৰিকেট ইতিহাসৰ প্ৰথম আৰু একমাত্ৰ অধিনায়ক, যিয়ে তিনিওটা ফৰ্মেটতে আই চি চি-ৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে ।

লগতে পঢ়ক: ইতিহাস ৰচিবলৈ সাজু বিৰাট কোহলী: বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত লাভ কৰিব এই সুযোগ - VIRAT KOHLI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.