স্প’ৰ্টছ ডেস্ক: এম এছ ধোনী ভাৰতীয় ক্ৰিকেটৰ এগৰাকী সফল অধিনায়ক । "কেপ্টেইন কুল" নামেৰে পৰিচিত ধোনী হৈছে বিশ্বৰ একমাত্ৰ অধিনায়ক, যিয়ে তিনিওটা ফৰ্মেটতে আই চি চিৰ ট্ৰফী জয় কৰিছে ।
ইয়াৰোপৰি নিজস্ব বেটিং শৈলী আৰু উইকেটকীপিঙৰ জৰিয়তে ক্ৰিকেটত বহু অভিলেখ স্থাপন কৰি থৈছে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ৷ ধোনীয়ে 2020 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও বৰ্তমানেও খেলুৱৈগৰাকীয়ে আই পি এলত অংশগ্ৰহণ কৰি আছে ।
চেন্নাই চুপাৰ কিংছৰ হৈ আই পি এলত খেল অব্যাহত ৰখা ধোনীয়ে 4 বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পিছতো হ্ৰাস পোৱা নাই তেওঁৰ বজাৰ মূল্য ৷ বৰং ধোনীয়ে সম্প্ৰতি ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ জৰিয়তে আছে সংবাদ শিৰোনামত । ধোনীয়ে ব্ৰেণ্ড চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত বলীউডৰ জনপ্ৰিয় তাৰকা শ্বাহৰুখ খান আৰু বিগ বি অমিতাভ বচ্চনকো কৰিছে অতিক্ৰম ।
ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট তালিকাৰ শীৰ্ষত ধোনী
কেপ্টেইন কুলে চলিত বৰ্ষৰ প্ৰথম ছমাহত 42 টা ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰে । ইয়াৰোপৰি ব্ৰেণ্ডবোৰ এণ্ডোৰ্চ কৰাৰ ক্ষেত্ৰত ধোনীয়ে শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনতক অতিক্ৰম কৰে । আনহাতে, বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে এই বছৰৰ প্ৰথম ছয় মাহত 41 টা ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বিপৰীতে শ্বাহৰুখ খানে 34 টা ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু এই দুয়োগৰাকী কিংবদন্তী অভিনেতাই এম এছ ধোনীক অতিক্ৰম কৰাত ব্যৰ্থ হোৱা দেখা যায় ।
ভোটাৰসকলক শিক্ষিত কৰাৰ পৰা ঝাৰখণ্ডত অট’ম’বাইল ব্ৰেণ্ডৰ প্ৰচাৰলৈকে, ধোনীৰ জনপ্ৰিয়তা অব্যাহত আছে । এই মুহূৰ্তত কেৱল আই পি এলত খেলা দেখিবলৈ পোৱা ধোনীৰ জনপ্ৰিয়তা বা উন্মাদনা হ্ৰাস হোৱা নাই ।
অধিকাংশ কোম্পানীয়ে খেলুৱৈগৰাকীক চুক্তিবদ্ধ কৰি নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰ কৰিব বিচাৰিছে । ধোনীৰ বিজ্ঞাপন স্ক্ৰীনিং সময় অৱশ্যে আন তাৰকাসকলৰ তুলনাত সামান্য কম । তাৰপিছতো কিন্তু তেওঁৰ ব্ৰেণ্ড ভেল্যু নিৰন্তৰ বৃদ্ধি হৈ আছে । চলিত বছৰতো ধোনীয়ে বহুতো বিখ্যাত ব্ৰেণ্ডৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ।
লগতে পঢ়ক: টেষ্ট মেচত 19 বাৰ 10 উইকেটত পৰাজিত ভাৰত, এডিলেইড টেষ্টত অভিলেখৰ জোৱাৰ