ETV Bharat / sports

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় সংগ্ৰহকাৰী শীৰ্ষ 5 উইকেটকীপাৰ বেটছেমেন: তালিকাত কোন ভাৰতীয় ? - MOST SIXES BY WICKET KEEPER BATTER

author img

By ETV Bharat Sports Team

Published : Aug 21, 2024, 2:50 PM IST

Most sixes by wicket keeper Batter in Test cricket: টেষ্ট ক্ৰিকেটত সৰ্বাধিক 6 সংগ্ৰহ কৰা 5 গৰাকী শীৰ্ষ উইকেটকীপাৰ বেটছমেন কোন জানেনে ? য’ত সন্নিৱিষ্ট আছে দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰো নাম ৷ পঢ়ক কোন কোন ক্ৰিকেটাৰে স্থান পাইছে এই তালিকাত ?

MOST SIXES BY WICKET KEEPER BATTER
ভাৰতীয় ক্ৰিকেট দলৰ একাংশ সদস্য (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 21 আগষ্ট: টেষ্ট ক্ৰিকেটক সকলো ফৰ্মেটৰ আটাইতকৈ লেহেমীয়া আৰু শান্ত খেল বুলি গণ্য কৰা হয় । এই ফৰ্মেটত বেটছমেনজনে ৰাণ সংগ্ৰহ কৰিবলৈ খৰধৰ নকৰি তাৰ বিপৰীতে লাহে-ধীৰে সময় লৈ সংগ্ৰহ কৰে ৰাণ ৷

কিন্তু টেষ্ট ক্ৰিকেটতো এনে বহুতো বেটছমেনৰ জন্ম হৈছে, যিয়ে ধীৰ গতিৰ সলনি এদিনীয়া আৰু টি-20 ফৰ্মেটৰ দৰেই টেষ্ট ক্ৰিকেট খেলিছিল ৷ এনেকুৱা বহুকেইগৰাকী উইকেটকীপাৰ বেটছমেন আছে, যিয়ে টেষ্ট ক্ৰিকেটত বহু অভিলেখ গঢ়ি থৈছে ৷

তাৰ ভিতৰত 5 গৰাকী উইকেটকীপাৰ বেটছমেনৰ নাম এনেধৰণৰ, যিয়ে টেষ্ট ক্ৰিকেটত সৰ্বাধিক 6 ৰাণ কোবোৱাৰ অভিলেখ গঢ়ি থৈছে-

  • আডাম গিলক্ৰিষ্ট: টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা উইকেটকীপাৰ বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ আডাম গিলক্ৰিষ্ট । এই বিস্ফোৰক বেটছমেনজনে টেষ্ট ক্ৰিকেটত 137 টা ইনিংছত সৰ্বাধিক 100 টা ছয় কোবাইছে ।
    MOST SIXES BY WICKET KEEPER BATTER
    আডাম গিলক্ৰিষ্ট (IANS PHOTOS)
  • এম এছ ধোনী: টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা উইকেটকীপাৰ বেটছমেনৰ তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ ধোনীৰ 144 টা টেষ্ট ইনিংছত কোবাইছে 78 টা ছয় ৷ ধোনীয়ে তেওঁৰ অধিনায়কত্বত দলটোত এজন ফিনিচাৰৰ ভূমিকাও পালন কৰিছিল ।
    MOST SIXES BY WICKET KEEPER BATTER
    এম এছ ধোনী (IANS PHOTOS)
  • ঋষভ পন্ত: ভাৰতীয় ক্ৰিকেট দলৰ যুৱ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত এই তালিকাৰ তিনি নম্বৰত আছে । টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা উইকেটকীপাৰ বেটছমেনৰ তালিকাত তৃতীয় স্থানত থকা খেলুৱৈগৰাকীয়ে 56 টা ইনিংছত 55 টা ছয় কোবোৱাৰ অভিলেখ স্থাপন কৰিছে ৷
    MOST SIXES BY WICKET KEEPER BATTER
    ঋষভ পন্ত (IANS PHOTOS)
  • ব্ৰেড হেডেন: টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা উইকেটকীপাৰ বেটছমেনৰ তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন ব্ৰেড হেডেন চতুৰ্থ স্থানত আছে । তেওঁ অষ্ট্ৰেলিয়াৰ হৈ খেলি 112 টা টেষ্ট ইনিংছত 54 টা ছয় কোবাইছিল ৷
    MOST SIXES BY WICKET KEEPER BATTER
    ব্ৰেড হেডেন (IANS PHOTOS)
  • ব্ৰেণ্ডন মেককুলাম: নিউজিলেণ্ডৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন তথা বৰ্তমান ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰশিক্ষক ব্ৰেণ্ডন মেককুলামে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা পঞ্চমগৰাকী ক্ৰিকেটাৰত পৰিণত হৈছে ৷ মেককুলামে 84 টা ইনিংছত 34 টা ছয় কোবাইছে ।
    MOST SIXES BY WICKET KEEPER BATTER
    ব্ৰেণ্ডন মেককুলাম (IANS PHOTOS)

লগতে পঢ়ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ অভিলেখ ভংগ: এইগৰাকী বেটছমেনে এক অভাৰত সংগ্ৰহ কৰিলে 39 ৰাণ - YUVRAJ SINGH RECORD BROKEN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.