ETV Bharat / sports

ক্ৰিকেটপ্ৰেমীলৈ সুখবৰ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগা শৃংখলাৰ পূৰ্বে প্ৰত্যাৱৰ্তন মহম্মদ ছামীৰ - MOHAMMED SHAMI

Mohammed Shami Comeback Update: বৰ্তমান সময়ত সম্পূৰ্ণ সুস্থ টীম ইণ্ডিয়াৰ ফাষ্ট বলাৰ মহম্মদ ছামী ৷ অচিৰে প্ৰত্যাৱৰ্তন কৰিব খেলপথাৰলৈ ৷

MOHAMMED SHAMI
মহম্মদ ছামী (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 12, 2024, 5:04 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক সুখবৰ ৷ প্ৰায় এবছৰ ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পিছত প্ৰত্য়াৱৰ্তন ঘটাবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ ফাষ্ট বলাৰ মহম্মদ ছামী ৷ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহিবলৈ সাজু হৈ উঠিছে ক্ৰিকেটাৰগৰাকী ৷

বুধবাৰে আৰম্ভ হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ এখন খেলত মধ্য প্ৰদেশৰ বিৰুদ্ধে ছামীয়ে প্ৰতিনিধিত্ব কৰিব বংগক ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে অনুৰাগীসকলৰ বাবে এয়া অতিকৈ ভাল খবৰ ।

ছামীয়ে এন চি এ-ৰ পৰা খেলিবলৈ লাভ কৰে অনুমতি

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীয়ে (এন চি এ) ছামীক খেলিবলৈ জনাইছে অনুমোদন । সোঁহতীয়া ফাষ্ট বলাৰজনৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত এন চি এ কিছু পলমকৈ প্ৰদান কৰে ফিটনেছৰ প্ৰমাণপত্ৰ ৷ যাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া 5 খন মেচৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা দলত স্থান লাভ কৰা নাছিল খেলুৱৈগৰাকীয়ে ৷

MOHAMMED SHAMI
ৰঞ্জী মেচৰ জৰিয়তে কৰিব প্ৰত্যাৱৰ্তন (ETV Bharat)

ছামী মধ্যপ্ৰদেশৰ হৈ অংশগ্ৰহণ কৰিব ৰঞ্জি মেচত

ক্ৰিকেট এছ'চিয়েশ্যন অৱ বেংগলৰ সন্মানীয় সম্পাদক নৰেশ ওজাই এক বিবৃতিত কয়, "ভাৰতীয় ক্ৰিকেট আৰু বংগ ৰঞ্জী ট্ৰফী দলক উৎসাহ যোগাই তাৰকা পেচাৰ মহম্মদ ছামীয়ে বুধবাৰে ইন্দোৰত আৰম্ভ হ'বলগীয়া ৰঞ্জী ট্ৰফী এলিট গ্ৰুপ চি খেলখনত মধ্য প্ৰদেশৰ বিৰুদ্ধে বংগৰ হৈ অংশগ্ৰহণ কৰি প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্য়াৱৰ্তন কৰিব" ৷

বংগৰ বাবে এই খেল গুৰুত্বপূৰ্ণ

ছামীৰ অন্তৰ্ভুক্তিয়ে বংগৰ দ্ৰুত বলিং বিভাগক উৎসাহিত কৰিব, কিয়নো আকাশদীপ আৰু মুকেশ কুমাৰৰ দৰে দলটোৰ বলাৰসকল বৰ্তমান অষ্ট্ৰেলিয়াত ভাৰতীয় দলৰ সৈতে আছে । ছামীৰ ফিটনেছ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হ'ব আৰু ৰঞ্জী খেলৰ সময়ত তেওঁক নিৰীক্ষণ কৰা হ'ব । এতিয়ালৈকে ৰঞ্জী ট্ৰফী 2024 ত বেংগলে 4 খন মেচত অৰ্জন কৰিছে 8 পইণ্ট ৷ আনহাতে, মধ্য প্ৰদেশে 8 মেচত 10 পইণ্ট অৰ্জন কৰে ।

লগতে পঢ়ক: বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত নেটত অনুশীলন মহম্মদ ছামীৰ; দিলে প্ৰত্যাৱৰ্তনৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.