স্প’ৰ্টছ ডেস্ক, 3 ছেপ্টেম্বৰ: ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামীয়ে আজি উদযাপন কৰিছে জন্মদিন । ভাৰতীয় দলৰ এই বিপদজনক পেচাৰজনে ভৰি দিছে 34 বছৰত । উত্তৰ প্ৰদেশৰ আমৰোহাত জন্মগ্ৰহণ কৰা মহম্মদ ছামীয়ে ক্ৰিকেট জগতত যথেষ্ট নাম অৰ্জন কৰিছে । মহম্মদ ছামীৰ বলিঙৰ বাবে অনুৰাগীসকল এতিয়াও উন্মাদ ।
মহম্মদ ছামীয়ে নিজৰ কেৰিয়াৰত বহুতো উইকেট দখল কৰি বলিং বিভাগত নিজৰ দক্ষতা প্ৰমাণ কৰিছে ৷ এদিনীয়া বিশ্বকাপ 2023 ত বলিং বিভাগত মহম্মদ ছামীৰ প্ৰদৰ্শন আছিল শীৰ্ষত । টি-20 বিশ্বকাপত মহম্মদ ছামীয়ে প্ৰদৰ্শন কৰা আশ্চৰ্যজনক বলিঙক কোনেও আজিলৈ পাহৰিব পৰা নাই ৷
হাৰ্দিক পাণ্ডিয়াৰ স্থানত ছামী
টি-20 বিশ্বকাপ 2023 ত ভাৰতে ফাইনেলৰ বাহিৰে শৃংখলাৰ আটাইকেইখন মেচতে জয় লাভ কৰিছিল । প্ৰথম দুখন মেচত মেনেজমেণ্টে মহম্মদ ছামীক প্লেয়িং-11 ত স্থান দিয়া নাছিল । পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই কঁকালৰ আঘাতৰ বাবে মেচৰ পৰা বাহিৰ হোৱাত উক্ত স্থানত অন্তৰ্ভুক্ত কৰা হৈছিল ছামীক ৷
দলত স্থান লাভৰ পিছতে ছামীৰ ধুমুহা
মহম্মদ ছামীয়ে নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত খেলিবলৈ সুযোগ লাভ কৰিছিল ৷ কিন্তু সেই মেচখনত ছামীয়ে বিশেষ আধিপত্য বিস্তাৰ কৰিব নোৱাৰিলে ৷ তাৰপিছত ছামীয়ে সমগ্ৰ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি 7 খন মেচত দখল কৰে 24 টা উইকেট । এই 7 খন বিশ্বকাপ মেচত ছামীয়ে 3 বাৰ সৰ্বাধিক 5 টাকৈ উইকেট দখল কৰে ।
ছেমি ফাইনেলত অব্যাহত ছন্দ
বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহম্মদ ছামীয়ে 18 ৰাণত দখল কৰে দুটা উইকেট । পৰৱৰ্তী মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি 5 অভাৰত 18 ৰাণ ব্যয় কৰি দখল কৰে 5 টাকৈ উইকেট ৷
পৰৱৰ্তী মেচখনত ছামীয়ে একপ্ৰকাৰ ধ্বংসযজ্ঞ চলাই 7 অভাৰত 22 ৰাণৰ বিনিময়ত দখল কৰে 4 টা উইকেট । তাৰপিছত ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মহম্মদ ছামীয়ে 9.5 অভাৰত 27 ৰাণ ব্যয় কৰি 7 টা উইকেট দখল কৰে ৷ ছামীৰ এই প্ৰদৰ্শনৰ ফলতে ভাৰত ছেমি ফাইনেলত উপনীত হয় ।