ETV Bharat / sports

জীয়ৰীক সাক্ষাতৰ পিছতে মহম্মদ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পূৰ্বৰ পত্নীৰ - MOHAMMED SHAMI Ex WIFE ALLEGATIONS

Mohammed Shami Ex Wife Hasin Allegations: ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিৰুদ্ধে পূৰ্বৰ পত্নীৰ গুৰুতৰ অভিযোগ ৷ জীয়ৰীক সাক্ষাতৰ পিছতে ঘটিছে এই ঘটনা ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

MOHAMMED SHAMI EX WIFE ALLEGATIONS
মহম্মদ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ: টীম ইণ্ডিয়াৰ শীৰ্ষ পেচাৰ মহম্মদ ছামীৰ বিৰুদ্ধে প্ৰাক্তন পত্নী হাছিন জাহানে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ । শেহতীয়াকৈ ছামীয়ে নিজৰ কন্যাক কৰা সাক্ষাতৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ৷ দীৰ্ঘসময়ৰ পিছত কন্যাৰ সাক্ষাৎ লাভ কৰি স্বাভাৱিকতে আবেগিক হৈ পৰিছিল ক্ৰিকেটাৰগৰাকী ৷

এই ঘটনাৰ পিছতে পূৰ্বৰ পত্নীয়ে ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ পূৰ্বৰ পত্নী হাছিন জাহানে দাবী কৰা অনুসৰি, ছামীয়ে এই সকলোবোৰ আনক দেখুওৱাৰ বাবেহে কৰিছে ৷

তেওঁৰ নিজৰ কন্যাৰ প্ৰতি কোনো দায়িত্ব নাই

হাছিন জাহানে দাবী কৰা অনুসৰি, মহম্মদ ছামীয়ে নিজ কন্যা আয়ৰাক অৱহেলা কৰে ৷ এই সাক্ষাতৰ পূৰ্বে কন্যাই পিতৃৰ পৰা গীটাৰ আৰু কেমেৰা বিচাৰিছিল, যদিও ক্ৰিকেটাৰগৰাকীয়ে এয়া ক্ৰয় কৰা নাছিল বুলি পূৰ্বৰ পত্নীয়ে সদৰী কৰে ৷ ছামীয়ে মাথো আনক দেখুৱাবলৈহে আয়ৰাক সাক্ষাৎ কৰিছিল ৷

"মোৰ ছোৱালীৰ পাছপ’ৰ্টৰ ম্যাদ উকলি গৈছে । নতুন পাছপ’ৰ্টৰ বাবে ছামীৰ স্বাক্ষৰৰ প্ৰয়োজন । সেইবাবেহে আয়ৰাই পিতৃক সাক্ষাৎ কৰিছিল" বুলি মহম্মদ ছামীৰ পূৰ্বৰ পত্নী হাছিন জাহানে ৰাজহুৱাকৈ মন্তব্য কৰিছে ৷

"পিছে ছামীয়ে পাছপ’ৰ্টত স্বাক্ষৰ কৰাৰ সলনি আয়ৰাৰ সৈতে গৈছিল শ্বপিং মললৈ । তাত তেওঁ সাধাৰণতে প্ৰচাৰ কৰা কোম্পানীৰ ব্ৰেণ্ডেড জোতা আৰু কাপোৰ ক্ৰয় কৰে ৷ ছামীয়ে সেই কোম্পানীৰ কোনো সামগ্ৰী ক্ৰয় কৰিবলৈ কোনো ধন পৰিশোধ কৰাৰ প্ৰয়োজন নাই । গতিকে তেওঁ আয়ৰাক সেই মললৈ লৈ গৈছিল । কিন্তু ছোৱালীজনীয়ে বিচৰা গীটাৰ আৰু কেমেৰাটো ক্ৰয় কৰা নাছিল ৷ ছামীয়ে কেতিয়াও মোৰ ছোৱালীৰ বিষয়ে নাভাবে । ছামীয়ে এমাহ আগতে আয়ৰাক লগ পাইছিল । কিন্তু তেতিয়া সামাজিক মাধ্যমত কোনো পোষ্ট প্ৰকাশ কৰা নাছিল । এতিয়া পোষ্ট কৰাৰ কাৰণ কি" বুলি হাছিন জাহানে উত্থাপন কৰে প্ৰশ্ন ৷

ইফালে ছামীয়ে শেহতীয়াকৈ কন্যা আয়ৰাক সাক্ষাৎ কৰি একেলগে গৈছিল বজাৰ কৰিবলৈ ৷ ছামীয়ে সেই সময়ত আৱেগিক হৈ পৰাৰ মুহূৰ্তৰ ভিডিঅ’ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৷

ছামীয়ে সামাজিক মাধ্যমত লিখিছিল এনেদৰে, "মই বহুদিনৰ পিছত তোমাক পুনৰ দেখিছিলো । সেই মুহূৰ্তত এনে লাগিছিল যেন সময় ৰৈ গৈছে । মই তোমাক কিমান ভালপাওঁ, তোমাক ক’ব নোৱাৰো বেবো" ।

অৱশ্যে এই সাক্ষাতৰ পিছতে ক্ৰিকেটাৰগৰাকীক মুকলিকৈ সমালোচনা কৰিছে পূৰ্বৰ পত্নী হাছিনে ৷ মহম্মদ ছামী আৰু হাছিন জাহানে 2014 চনত বিবাহপাশত আৱদ্ধ হৈছিল । আয়ৰাৰ জন্ম হয় 2015 চনত ৷ পৰৱৰ্তী সময়ত ছামী আৰু জাহানৰ মাজত কাজিয়াৰ মাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে জাহানে 2018 চনত ছামীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছিল । বৰ্তমান দুয়োজনে পৃথকে বাস কৰি আছে ।

লগতে পঢ়ক: "কামবেক কিং" ঋষভ পন্তৰ জন্মদিন; খেলুৱৈগৰাকীৰ বিষয়ে নজনা কিছু কথা - HAPPY BIRTHDAY RISHABH PANT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.