ETV Bharat / sports

মহম্মদ শ্বামী আৰু ছানিয়া মিৰ্জা আৱদ্ধ হ’ব নেকি বিবাহপাশত ? স্পষ্ট কৰিলে শ্বামীয়ে - MOHAMMED SHAMI SANIA MIRZA MARRIAGE

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:02 PM IST

Mohammed Shami: ভাৰতৰ সোঁহাতৰ তাৰকা বেগী বলাৰ মহম্মদ শ্বামীয়ে টেনিছ চেন্সেশন ছানিয়া মিৰ্জাৰ সৈতে বিবাহৰ খবৰ সন্দৰ্ভত স্পষ্ট কৰিলে নিজৰ স্থিতি ৷ কি ক’লে শ্বামীয়ে... জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

MOHAMMED SHAMI SANIA MIRZA MARRIAGE
মহম্মদ শ্বামী আৰু ছানিয়া মিৰ্জা আৱদ্ধ হ’ব নেকি বিবাহপাশত (ANI Photo)

স্পৰ্টছ ডেস্ক, ২০ জুলাই : শেহতীয়াকৈ মহম্মদ শ্বামী আৰু ছানিয়া মিৰ্জাৰ মাজত লিংক আপৰ বাতৰি বহুলভাৱে বিয়পি পৰিছিল যদিও শেহতীয়াকৈ প’ডকাষ্টত হোৱা এক কথা-বতৰাত শ্বামীয়ে এই সকলোবোৰ বাতৰি খাৰিজ কৰিছিল । বহু ছ’চিয়েল মিডিয়া হেণ্ডেলত দুয়োৰে বিয়া হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অৱশ্যে এই সন্দৰ্ভত সোধাত শ্বামীয়ে এনে মিছা প্ৰচাৰ কৰা সকলো ব্যৱহাৰকাৰীক ধমক দিয়ে । লগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত সকলোৱে দায়িত্বশীলভাৱে কাম কৰিব লাগে বুলিও তেওঁ কয় ।

ইউটিউব চেনেলত প’ডকাষ্টত তেওঁ কয়, ‘ছ’চিয়েল মিডিয়াত সকলোকে দায়িত্বশীলভাৱে কাম কৰিবলৈ আৰু এনে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ।’

শ্বামীয়ে আৰু কয়, ‘এইটো আচহুৱা আৰু ইচ্ছাকৃতভাৱে কিছু অসাৰ মজাৰ বাবে কৰা হৈছে । কিন্তু কি কৰিব পাৰি ? মোৰ ফোনটো খুলিলে সেই মিমবোৰ চাব পাৰিম । কিন্তু মই মাত্ৰ ক'ব বিচাৰিছো যে মই ভাবো মিমবোৰ ধেমালিৰ বাবে বনোৱা হয়, কিন্তু যদি সেইবোৰ কাৰোবাৰ জীৱনৰ লগত জড়িত, তেন্তে আপুনি ভাবিব লাগে আৰু তাৰ পিছতহে এনেবোৰ কথা শ্বেয়াৰ কৰিব লাগে । এই লোকসকলে অনভেৰিফাইড পেজৰ পৰা শ্বেয়াৰ কৰে আৰু যিকোনো কথা কৈ বাচি যায় ।

তেওঁ লগতে কয়, ‘কিন্তু মই এটা কথা ক’ব বিচাৰিম, যদি আপোনাৰ এই সকলোবোৰ ভেৰিফাইড পেজৰ পৰা ক’বলৈ সাহস আছে, তেন্তে মই উত্তৰ দিম । সফলতা লাভ কৰিবলৈ চেষ্টা কৰক, মানুহক সহায় কৰক আৰু নিজকে উন্নত কৰক, তেতিয়া মই বিশ্বাস কৰিম যে আপুনি এজন ভাল মানুহ ।

উল্লেখ্য যে, যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ সময়ত হোৱা আঘাতৰ পৰা আৰোগ্য লাভ কৰিবলৈ চেষ্টা কৰিছে শ্বামীয়ে । কিছুদিন পূৰ্বে বেগী বলাৰগৰাকীয়ে নেটত প্ৰেক্টিছ কৰা দেখা গৈছিল, যিটো ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক ইতিবাচক লক্ষণ । বৰ্তমান ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে হোৱাইট বলৰ শৃংখলা খেলি আছে আৰু ইয়াৰ পিচত বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্ট আৰু তিনিখন টি-২০ মেচত অৱৰ্তীণ হ’ব ।

লগতে পঢ়ক : অধিনায়কত্বৰ পৰা বাদ: বিচিচিআয়ে খবৰটো দিয়াৰ পিছতেই হাৰ্দিক পাণ্ডিয়াৰ ডাঙৰ ঘোষণা - HARDIK PANDYA DIVORCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.