স্প’ৰ্টছ ডেস্ক: গোলাঘাটত বিপুল সমাৱেশেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম মেগা মাৰাথনৰ সফল সামৰণি । এই মাৰাথনত সহযোগ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখা, নুমলীগড় শোধনাগাৰ আৰু স্থানীয় ৰাইজে ৷
ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মাৰাথনৰ অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে শনিবাৰে পুৱা প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে বিশিষ্ট সমাজকৰ্মী, উদ্যমী যুৱ নেতা প্ৰিয়ংদ্বীপ কাকতিয়ে । এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 18 বছৰীয়া দৌৰবিদৰ পৰা আৰম্ভ কৰি 60 ঊৰ্ধৰ লোকসকলেও অংশগ্ৰহণ কৰা দেখা যায় ৷

উক্ত প্ৰতিযোগিতাৰ অন্তত তুলেশ্বৰী বৰুৱা মাইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি, বিশিষ্ট লেখক, সমাজকৰ্মী পবিত্ৰ প্ৰাণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।
লগতে বিশিষ্ট অতিথি হিচাপে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই নুমলীগড় শোধনাগাৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈয়ে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য সেনাধিনায়ক সঞ্জীৱ বৰা আৰু গোলাঘাট জিলা শাখাৰ সম্পাদক পবিত্ৰ নাথে আঁতধৰা অনুষ্ঠানটোত সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, অতিৰিক্ত আয়ুক্ত মিতালী লহকৰকে ধৰি বিভিন্ন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ৷

প্ৰতিযোগিতাৰ 40 বছৰৰ ঊৰ্ধৰ শাখাত পুহেশ্বৰ বৰাই প্ৰথম, জ্ঞানেন্দ্ৰ পাঠকে দ্বিতীয়, পূৰ্ণ ফুকনে তৃতীয় আৰু গিয়াচুদ্দিন আহমেদে চতুৰ্থ স্থান দখল কৰে । মহিলাৰ 40 বছৰৰ ঊৰ্ধৰ শাখাত কুসুম বৰাই প্ৰথম স্থান দখল কৰে ।
আনহাতে, মহিলাৰ 18 বছৰৰ পৰা 39 বছৰ শাখাত লক্ষী ভূমিজে প্ৰথম, ৰিংকী কুমাৰী চৌহানে দ্বিতীয়, ফুলমণি ওৰাঙে তৃতীয়, মণিকা মাঝিয়ে চতুৰ্থ, সুৰুজমিতা গগৈয়ে পঞ্চম, পাহি পাতিৰে ষষ্ঠ স্থান আৰু মমতা ওৰাঙে সপ্তম স্থান দখল কৰে । পুৰুষৰ 18 বছৰৰ পৰা 39 বছৰ শাখাত তিখেশ্বৰ কুৰ্মীয়ে প্ৰথম, মানৱী সিংহই দ্বিতীয়, বিজয় ডেকাই তৃতীয়, অনন্ত কোঁচে চতুৰ্থ, বিকাশ ঠেঙালে পঞ্চম, শিৱ মুড়াই ষষ্ঠ, ধন কৰ্মকাৰে সপ্তম, হিৰণ্য বৰদলৈয়ে অষ্টম স্থান, কামাল পেগুৱে নৱম আৰু অৰূপ গড়ে দশম স্থান দখল কৰে ।

এই বঁটা বিতৰণী সভাত উপস্থিত থাকি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই কয় যে, "আজি বৰ সুখৰ দিন ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মানস পুত্ৰস্বৰূপ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত, গোলাঘাট জিলা শাখাৰ আতিথ্যত দ্বিতীয়বাৰৰ বাবে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো । সদৌ অসম ভিত্তিত আয়োজন কৰা এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে, এই প্ৰতিযোগিতাত 40 বছৰৰ ঊৰ্ধৰ ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ বাবে আনন্দিত হৈছো" ।
লগতে পঢ়ক: দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব...