স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: অলিম্পিকৰ দ্বৈত পদক বিজয়ী শ্বুটাৰ মনু ভাকৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে ৷ এই বিশেষ মুহূৰ্তৰ ফটো ভাৰতীয় মহিলা শ্বুটাৰগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত পোষ্ট কৰিছে । এক্সৰ জৰিয়তে এই সাক্ষাতৰ কথা প্ৰকাশ কৰা মনুৱে তেণ্ডুলকাৰ সন্দৰ্ভত প্ৰকাশ কৰিছে এক বিশেষ মন্তব্য ৷
হৃদয় স্পৰ্শ কৰা বিশেষ মন্তব্য কৰিলে মনুৱে
মনু ভাকৰে নিজৰ এক্সত এনেদৰে লিখিছিল, "একমাত্ৰ শচীন তেণ্ডুলকাৰ ছাৰ । এই বিশেষ মুহূৰ্তটো এই ক্ৰিকেট কিংবদন্তিৰ সৈতে ভাগ-বতৰা কৰি ধন্য অনুভৱ কৰিছো । তেওঁৰ যাত্ৰাই মোক আৰু আমাৰ বহুতকে আমাৰ সপোন পূৰাবলৈ অনুপ্ৰাণিত কৰিছে । পাহৰিব নোৱাৰা স্মৃতিৰ বাবে ছাৰক ধন্যবাদ" ৷
The one and only Sachin Tendulkar sir!
— Manu Bhaker🇮🇳 (@realmanubhaker) August 30, 2024
Feeling blessed to share this special moment with the cricketing icon! His journey motivated me and many of us to chase our dreams. Thank you sir for unforgettable memories! 🙌🏏 #FamilyLove #CricketLegend #Inspiration #SachinTendulkar… pic.twitter.com/qtHdkhkbHR
মনুৱে এই দুটা ইভেণ্টত পদক জিকিছিল
মনু ভাকৰে পেৰিছ অলিম্পিক 2024 ত শ্বুটিং ইভেণ্টত আশ্চৰ্যজনক প্ৰদৰ্শন কৰি দেশৰ নাম আলোকিত কৰিছে । তেতিয়াৰে পৰা সমগ্ৰ দেশতে চৰ্চাত আছে মনু ভাকৰৰ নাম । শ্বুটাৰগৰাকীয়ে মহিলাৰ 10 মিটাৰৰ ব্যক্তিগত শাখাত আৰু 10 মিটাৰ মিশ্ৰিত শ্বুটিং ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি সৃষ্টি কৰিছিল ইতিহাস ।
মনুৱে অলিম্পিকত ইতিহাস সৃষ্টি কৰে
মনুৱে অলিম্পিকত ভাৰতৰ হৈ দুটা পদক জয় কৰা প্ৰথমগৰাকী খেলুৱৈ ৷ পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত শ্বুটাৰগৰাকী আছিল ভাৰতীয় দলটোৰ ধ্বজাবাহক । সেই সময়ত মহান বেটছমেন শচীন তেণ্ডুলকাৰেও মনুৰ দুৰ্দান্ত প্ৰদৰ্শনৰ প্ৰশংসা কৰিছিল । তদুপৰি সামাজিক মাধ্যমত পোষ্ট কৰি খেলুৱৈগৰাকীক জনাইছিল অভিনন্দন ।
উল্লেখ্য যে, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰৰ শেহতীয়া সফলতাৰ বাবে সন্মানিত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালে মনুক প্ৰদান কৰে 10 লাখ টকাৰ চেক ৷