ETV Bharat / sports

পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 3:10 PM IST

Paris Olympics 2024: ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক । ইতিমধ্যে বিশ্ব ইতিহাস ৰচনাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ ৰাওনা নিৰ্বাচিত প্ৰতিগৰাকী খেলুৱৈ । ব্যতিক্ৰম নহয় অসমকন্যা লাভলীনা বৰগোঁহাই । পুনৰ ইতিহাস ৰচনাৰ উদ্দেশ্যৰে ভাৰতৰ বক্সাৰৰ দলটোৰ সৈতে জাৰ্মানীলৈ ৰাওনা হৈছে আন আন খেলুৱৈসকলৰ সৈতে লাভলীনা ।

Olympic Medallist Lovlina Borgohain
পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই (Google)

গুৱাহাটী, ২৯ জুন: পুনৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই । টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহায়ে পুনৰ ইতিহাস ৰচনাৰ সপোন লৈ পেৰিছ অভিমুখে ৰাওনা হৈছে ।

এইবাৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছত ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক অনুষ্ঠিত হ'ব । ২০২০ চনৰ টকিঅ' অলিম্পিকৰ দৰে এইবাৰৰ পেৰিছ অলিম্পিকতো বক্সিঙত ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমকন্যা লাভলীনা বৰগোঁহায়ে । লক্ষণীয় বিষয় যে টকিঅ' অলিম্পিকত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত ৭৫ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব ।

টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহায়ে ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত অসমৰ তথা দেশৰ নাম উজলাই তুলিছিল । এইবাৰৰ পেৰিছ অলিম্পিকত সোণৰ পদক অৰ্জনৰ লক্ষ্যৰে লাভলীনা বৰগোঁহাইসহ ভাৰতীয় বক্সাৰৰ দলটোৱে জাৰ্মানী অভিমুখে ৰাওনা হৈছে । লাভলীনা বৰগোঁহাইসহ ভাৰতীয় বক্সাৰৰ দলটোৱে সদ্যহতে জাৰ্মানীৰ ছাৰব্ৰুকেন নগৰীত ২২ জুলাইলৈ প্রশিক্ষণ গ্ৰহণ কৰিব ।

প্ৰশিক্ষণৰ সময়ত তাত কেম্প কৰিবলগীয়া আন আন দেশৰ শক্তিশালী খেলুৱৈসকলৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাত অংশগ্রহণ কৰিব । লাভলীনা বৰগোঁহাইৰ লগতে আন এগৰাকী অসমীয়া আছে ভাৰতীয় দলটোত । তেওঁ হৈছে প্ৰশিক্ষক প্ৰণামিকা বৰা । প্রশিক্ষক প্ৰণামিকা বৰাৰ ঘৰ তিতাবৰৰ সমীপৰ টিপমীয়া বৰপাচি গাঁৱত । ভাৰতীয় দলৰ হৈ কেইবাবাৰো খেলা প্ৰণামিকা বৰাই এছিয়ান পৰ্যায়ত পদক অৰ্জন কৰিছে ।

হাৰিয়ানাৰ ৰোহটকত থকা বক্সিঙৰ চেণ্টাৰ অৱ এক্সেলেন্সত ব্যস্ত থকা প্ৰণামিকা বৰা ৰাষ্ট্ৰীয় মহিলা দলৰ প্রশিক্ষক পেনেলৰ অন্যতম সদস্য । জাৰ্মানীৰ পৰাই লাভলীনা বৰগোঁহাইসহ ভাৰতীয় দলটোৱে পোনে পোনে পেৰিছত উপস্থিত হৈ অলিম্পিকত অংশ ল'ব ।

উল্লেখ্য যে, ২০২০ ৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোঁহায়ে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ২০২৩ চনত সোণৰ পদক, ২০১৮ আৰু ২০১৯ চনত দুয়োবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে, ২০২২ চনৰ এছিয়ান গেমছতো লাভলীনা বৰগোঁহায়ে পদক লাভেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । লাভলীনা বৰগোঁহায়ে পেৰিছ অলিম্পিকত পদক লাভেৰে পুনৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসমবাসী ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

পেৰিছত অলিম্পিক গেমছত ভাৰতৰ ১০০ বছৰীয়া যাত্ৰাক প্ৰদৰ্শন - 100 years at Olympic Games

অলিম্পিকৰ বাৰ্তা দিবলৈ পেৰিছলৈ আমন্ত্ৰিত অসমৰ গীতিকা - Sports Photographer Gitika Talukdar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.