ETV Bharat / sports

অলিম্পিকৰ ইতিহাসত চতুৰ্থ স্থান দখল কৰা তৃতীয়জন ভাৰতীয় শ্বুটাৰ : কোন এই অৰ্জুন বাবুতা ? - PARIS OLYMPICS 2024 - PARIS OLYMPICS 2024

Arjun Babuta : ভাৰতৰ তাৰকা শ্বুটাৰ অৰ্জুন বাবুতাই সোমবাৰে সামান্য ব্যৱধানত অলিম্পিকৰ পদক অৰ্জন কৰাত ব্যৰ্থ হয়। অৱশ্যে তেওঁ অলিম্পিকৰ ইতিহাসত চতুৰ্থ স্থান দখল কৰা তৃতীয়জন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয়। ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষৰ ব্যক্তিগত ইভেণ্টত তেওঁ চতুৰ্থ স্থান দখল কৰে। পঢ়ক সম্পূৰ্ণ খবৰ...

ARJUN BABUTA
অলিম্পিকৰ পদক অৰ্জনত ব্যৰ্থ অৰ্জুন বাবুতা (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 10:43 PM IST

স্পৰ্টছ ডেস্ক, 29 জুলাই : পেৰিছ অলিম্পিকত সোমবাৰে সামান্য ব্যৱধানত পদক বঞ্চিত হয় ভাৰতৰ যুৱ শ্বুটাৰ অৰ্জুন বাবুতা ৷ তেওঁৰ ইভেন্টত চতুৰ্থ স্থান দখল কৰে শ্বুটাৰগৰাকীয়ে ৷ চণ্ডীগড়ৰ এই 25 বছৰীয়া শ্বুটাৰগৰাকীয়ে সোমবাৰে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত 208.4 স্ক’ৰ সংগ্ৰহ কৰে ৷ ইয়াৰ পূৰ্বে 28 জুলাইত মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টলত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷

বাবুতাই সমগ্ৰ ফাইনেলত পদক জয়ৰ দৌৰত তিষ্ঠি আছিল ৷ কিন্তু, তেওঁৰ দ্বিতীয়টো শেষ শ্বটত তেওঁ মাত্ৰ 10.1 পইণ্টহে লাভ কৰিবলৈ সক্ষম হয়, যাৰ বাবে তেওঁ তৃতীয় স্থানৰ পৰা চতুৰ্থ স্থানলৈ অৱনমিত হয় ৷ তেওঁৰ পদক লাভৰ সপোন ছিন্নভিন্ন হৈ পৰে যেতিয়া তেওঁ শেষৰটো শ্বটত মাত্ৰ 9.5 পইণ্টহে লাভ কৰে ৷

অৰ্জুন বাবুতা অলিম্পিকৰ ইতিহাসত চতুৰ্থ স্থান দখল কৰা তৃতীয়গৰাকী ভাৰতীয় শ্বুটাৰ ৷ তেওঁৰ পূৰ্বে জয়দীপ কৰ্মকাৰে লণ্ডন অলিম্পিকত (2012) চতুৰ্থ স্থান দখল কৰিছিল ৷ বেইজিং অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই 2016 চনৰ ৰিঅ’ত চতুৰ্থ স্থান দখল কৰিছিল ৷ এয়া এনেকুৱা এক স্থান য’ত কোনো খেলুৱৈয়ে অৱস্থান কৰিবলৈ পছন্দ নকৰে ৷

লগতে পঢ়ক : মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন মনু ভাকৰ-সৰবজোৎ সিঙৰ - Paris Olympics 2024

বাবুতা পঞ্জাৱৰ জালালাবাদ অঞ্চলৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে ৷ এয়া ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ এখন সৰু গাঁও ৷ তেওঁ জন্ম গাঁৱতে প্ৰাথমিক শিক্ষা সমাপ্ত কৰে আৰু পিচলৈ পৰিয়ালৰ সৈতে চণ্ডীগড়লৈ গুচি যায় ৷ তেওঁৰ পিতৃ ভাৰতীয় ৰে’লৱেত কৰ্মৰত ৷ অৰ্জুনে চণ্ডীগড়ৰ ডি এ ভি কলেজৰ পৰা বি এ অনাৰ্ছ অধ্যয়ন কৰিছিল ৷

কোৰিয়াৰ এছিয়ান চেম্পিয়নশ্বিপত (2023) 10 মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰি অৰ্জুনে দেশৰ বাবে 2024 চনৰ অলিম্পিকৰ কোটা নিশ্চিত কৰিছিল ৷ কায়ৰোৰ বিশ্ব চেম্পিয়নশ্বিপত (2022) 10 মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত অৰ্জুনে স্বৰ্ণ পদক লাভ কৰিছিল ৷ আই এছ এছ এফ বিশ্বকাপ, চাংৱন (2022)ত তেওঁ ব্যক্তিগত আৰু পুৰুষৰ দলীয় ইভেণ্টত 2 টা সোণৰ পদক লাভ কৰে ৷ ইয়াৰ উপৰিও তেওঁ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত 10 মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল ৷

সামান্য ব্যৱধানত পদক হেৰুৱালে বাবুতাই :

মনু ভাকৰে ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ এদিন পাচত চলি থকা পেৰিছ অলিম্পিক গেমছৰ শ্বুটিং ইভেণ্টত সোমবাৰে ভাৰতৰ হৈ পদক লাভ কৰাৰ সুযোগ লাভ কৰে শ্বুটাৰ অৰ্জুন বাবুতাই ৷ কিন্তু অৰ্জুনে সামান্য ব্যৱধানত পদক হেৰুৱাই 10 মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত ফাইনেলত চতুৰ্থ স্থান দখল কৰে ৷

17 নং শ্বটটোৱে আশা ভংগ কৰিলে :

প্ৰথম 16 টা শ্বটৰ সময়ত অৰ্জুনে দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখি ৰূপৰ পদক লাভ কৰাৰ আশাত আছিল ৷ কিন্তু 17 সংখ্যক চেষ্টাত 10.1 ৰ সামান্য দুৰ্বল শ্বটত তেওঁ চতুৰ্থ স্থানলৈ নামি আহিল ৷

20 সংখ্যক প্ৰচেষ্টাত ক্ৰ’ৱেচিয়াৰ মাৰিচিক মিৰানৰ সমান স্ক’ৰ কৰিবলৈ অৰ্জুনক 10.9 ৰ নিখুঁত ষ্ট্ৰাইকৰ প্ৰয়োজন হৈছিল যদিও ভাৰতীয় খেলুৱৈগৰাকীয়ে 9.5 পইন্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়, যি ইভেণ্টত তেওঁৰ শেষ শ্বট হিচাপে প্ৰমাণিত হয় ৷ অৰ্জুনে মুঠ 208.4 পইণ্ট লাভ কৰাৰ বিপৰীতে তৃতীয় স্থানৰ ক্ৰ’ৱেচিয়ানগৰাকীয়ে 209.8 পইণ্ট লাভ কৰি পদকৰ দৌৰত 1.4 পইণ্ট পিছ পৰি থাকে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিক : কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ ভাৰতীয় পুৰুষৰ আৰ্চাৰী দলৰ অভিযান সমাপ্ত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.