ETV Bharat / sports

আই চি চি ৰ অধ্যক্ষ জয় শ্বাহৰ দৰমহা কিমান ? জানিলে আচৰিত হৈ পৰিব আপুনি - ICC CHAIRMAN JAY SHAH SALARY

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 1:23 PM IST

Jay Shah ICC Salary: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে জয় শ্বাহ ৷ এতিয়াৰে পৰা জয় শ্বাহে লাভ কৰিব মোটা অংকৰ দৰমহা ৷ পিছে শ্বাহে কিমান দৰমহা পাব, তাক লৈও জল্পনা-কল্পনা চলিছে অনুৰাগীৰ মাজত ৷ কিন্তু এই দৰমহাৰ নিৰিখ জানিলে আচৰিত হৈ পৰিব আপুনি ৷

ICC CHAIRMAN JAY SHAH SALARY
আই চি চি ৰ অধ্যক্ষ জয় শ্বাহ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: বি চি চি আইৰ সচিব জয় শ্বাহ মঙলবাৰে সৰ্বসন্মতিক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ(আই চি চি) অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল । ক্ৰিকেটৰ সৰ্বোচ্চ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা পঞ্চমগৰাকী ভাৰতীয়ত পৰিণত হৈছে জয় শ্বাহ । ইতিমধ্যে এই সিদ্ধান্ত ঘোষণা হোৱাৰ পাছৰে পৰা শ্বাহে সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰিছে অজস্ৰ শুভেচ্ছাবাণী ৷

নতুন পদটোত অধিষ্ঠিত হোৱা জয় শ্বাহে এতিয়াৰে পৰা লাভ কৰিব মোটা অংকৰ দৰমহা ৷ বিচিচিআইয়ে তেওঁক কিমান দৰমহা দিছিল আৰু বৰ্তমান তেওঁ কিমান দৰমহা লাভ কৰিব, তাক জানিবলৈ নেটিজেনসকলৰ মাজত অব্যাহত আছে চৰ্চা ৷ আই চি চিৰ অধ্যক্ষ হিচাপে শ্বাহে লাভ কৰিবলগীয়া দৰমহাৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল-

বি চি চি আইয়ে কিমান দৰমহা দিছিল ?

2019 চনত বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হৈছিল জয় শ্বাহ । বি চি চি আইৰ সভাপতি, উপ-সভাপতি, কোষাধ্যক্ষ আৰু সচিবৰ পদসমূহ আটাইতকৈ সন্মানীয় । এই পদত অধিষ্ঠিত লোকসকল পৰিষদৰ শীৰ্ষ বিষয়া । কিন্তু জানি আচৰিত হ’ব যে বি চি চি আইৰ এনে শীৰ্ষ পদৰ বাবে নাই কোনো নিৰ্ধাৰিত দৰমহা ৷ তেওঁলোকে কোনো মাহিলী বা বাৰ্ষিক হিচাপত লাভ নকৰে দৰমহা ৷

কিন্তু বি চি চি আইয়ে তেওঁলোকক ভাট্টা, ক্ষতিপূৰণ আৰু পৰিশোধৰ ৰূপত কিছু পৰিমাণৰ ধন প্ৰদান কৰে ৷ টীম ইণ্ডিয়াৰ সৈতে সম্পৰ্কিত আন্তৰ্জাতিক সভা আৰু বিদেশ ভ্ৰমণত অংশগ্ৰহণ কৰাৰ বাবে জয় শ্বাহে প্ৰতিদিনে 1000 ডলাৰ(প্ৰায় 82 হাজাৰ টকা) আৰু ঘৰুৱা বৈঠকৰ বাবে ভাট্টা হিচাপে প্ৰতিদিনে 40 হাজাৰ টকা লাভ কৰে ।

যদি বৈঠকৰ পিছত ঘৰুৱা মাটিত টীম ইণ্ডিয়াৰ সৈতে ভ্ৰমণ কৰে, তেন্তে সচিবগৰাকীয়ে প্ৰতিদিনে 30,000 টকা লাভ কৰে । ইয়াৰোপৰি, ব’ৰ্ডে ভাৰত আৰু বিদেশ ভ্ৰমণৰ বাবে বিলাসী হোটেল আৰু ব্যৱসায়িক শ্ৰেণীৰ টিকটত থকা-খোৱা আৰু ভ্ৰমণৰ সুবিধা কৰি দিয়ে ৷

আই চি চিয়ে কিমান দৰমহা দিব ?

আই চি চিত শীৰ্ষপদত অধিষ্ঠিত লোকসকলৰ বাবে তেনে কোনো বিশেষ পাৰিশ্ৰমিক নাই । কিন্তু বোৰ্ডে তেওঁলোকৰ কৰ্তব্যৰ ওপৰত আধাৰিত বিশেষ কিছু ভাট্টা আৰু সা-সুবিধা প্ৰদান কৰে । অধ্যক্ষগৰাকীক আই চি চিৰ বৈঠক আৰু ভ্ৰমণত অংশগ্ৰহণ কৰাৰ বাবে দৈনিক ভাট্টা, ভ্ৰমণ আৰু হোটেলৰ আৱাস প্ৰদান কৰা হয় । অৱশ্যে, আই চি চিয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই ইয়াৰ পৰিমাণ ৷ কিন্তু, অনুমান কৰিব পাৰি যে আই চি চিৰ ভাট্টা বি চি চি আইৰ দৰে প্ৰায় একে ৷

লগতে পঢ়ক: সাগৰৰ বুকুত বিজয় নিচান সৰুপথাৰৰ নিশামণি বৰাৰ: জিনিলে স্বৰ্ণ - KITE BOARDING CHAMPIONSHIP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.