ETV Bharat / sports

কোনগৰাকী বেটছমেনক বল দিবলৈ কঠিন: উত্তৰ দিলে যশপ্ৰীত বুমৰাহে - JASPRIT BUMRAH

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 4:57 PM IST

Jasprit Bumrah Viral Video: কোনজন বেটছমেনক বলিং কৰাটো আটাইতকৈ কঠিন, তাৰ উত্তৰ দিছে ভাৰতৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে ৷ যি ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ৷

JASPRIT BUMRAH
ভাৰতৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: ভাৰতৰ সোঁহতীয়া দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ হৈছে আন্তৰ্জাতিক ক্ৰিকেটৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ বলাৰসকলৰ ভিতৰত এজন ৷ যি গৰাকী খেলুৱৈ দ্ৰুত বলিঙৰ লগতে য়ৰ্কাৰ বল কৰাৰ সামৰ্থৰ বাবে জনাজাত ।

2016 চনত টীম ইণ্ডিয়াৰ হৈ আত্মপ্ৰকাশ কৰাৰ পিছত অতি কম সময়তে সকলো ফৰ্মেটত নিজকে এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে যশপ্ৰীত বুমৰাহে ৷

ডেথ বলিং বিশেষজ্ঞ

বুমৰাহ ডেথ বলিঙৰ বাবে বিশেষভাৱে জনাজাত, য’ত বলাৰে এগৰাকী বেটছমেনক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বান্ধি ৰাখি উইকেট দখল কৰাত গুৰুত্ব আৰোপ কৰে ৷ খেলুৱৈগৰাকীৰ অসাধাৰণ সামৰ্থই তেওঁক বিশ্ব ক্ৰিকেটৰ আটাইতকৈ বিপদজনক বলাৰ হিচাপে স্বীকৃতি দিছে ৷ অৱশ্যে কোনগৰাকী বেটছমেন বলাৰৰ বাবে আটাইতকৈ বিপদজনক, সেয়া শেহতীয়াকৈ প্ৰকাশ কৰিছে ভাৰতৰ দ্ৰুত বলাৰগৰাকীয়ে ৷

কোনগৰাকী বেটছমেনক বলিং কৰাটো কঠিন

শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত এটা অনুষ্ঠানৰ সময়ত বুমৰাহক সোধা হৈছিল যে এনে কোনো বেটছমেন আছে নেকি, যাৰ বিৰুদ্ধে বলিং কৰাটো কঠিন ৷ প্ৰশ্নটোৰ উত্তৰত বুমৰাহে কোনো বেটছমেনৰ নাম নোলোৱাকৈ অতি কৌশলীভাৱে উত্তৰ প্ৰদান কৰে ৷

"চাওক, মই এটা ভাল উত্তৰ দিব বিচাৰো ৷ কিন্তু প্ৰকৃত কথাটো হ'ল যে মই নিবিচাৰো যে, মোৰ মনত কোনোবাই আধিপত্য বিস্তাৰ কৰক ৷ কিয়নো স্পষ্টভাৱে মই সকলোকে সন্মান কৰোঁ ৷ কিন্তু মই মোৰ মনত নিজকে কওঁ যে, যদি মই মোৰ কাম ভালদৰে কৰোঁ, পৃথিৱীৰ কোনেও মোক বাধা দিব নোৱাৰে" বুলি বুমৰাহে কয় ৷

"গতিকে মই প্ৰতিদ্বন্দ্বীৰ সলনি নিজকে চাওঁ ৷ মই অনুভৱ কৰোঁ যে, সকলোবোৰৰ ওপৰত মোৰ নিয়ন্ত্ৰণ আছে আৰু যদি মই নিজকে সৰ্বশ্ৰেষ্ঠ সুযোগ দিওঁ, তেন্তে বেটছমেনক তেওঁ মোতকৈ ভাল হ'ব বুলি শক্তি দিয়াৰ সলনি বাকী সকলোবোৰ স্বয়ংক্ৰিয়ভাৱে কাম কৰিব । গতিকে মই সেইটো কৰিব নিবিচাৰো" বুলিও ভাৰতীয় দ্ৰুত বলাৰগৰাকীয়ে কৌশলী মন্তব্য প্ৰদান কৰে ।

টি-20 বিশ্বকাপত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা

ক্ৰিকেট ইতিহাসৰ প্ৰথমগৰাকী বলাৰ যশপ্ৰীত বুমৰাহে তিনিওটা ফৰ্মেটতে আই চি চি ৰেংকিঙত শীৰ্ষ স্থানত উপনীত হৈছে ৷ শেহতীয়াকৈ সমাপ্ত হোৱা টি-20 বিশ্বকাপ 2024 ত টীম ইণ্ডিয়াক আকাংক্ষিত বিজয় প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল খেলুৱৈগৰাকীয়ে । এই প্ৰতিযোগিতাত বুমৰাহে 4.17 ৰ আকৰ্ষণীয় ইক’ন’মিক ৰেটত মুঠ 15 টা উইকেট আৰু গড় 8.26 উইকেট দখল কৰে ।

লগতে পঢ়ক: ভংগ হোৱাৰ দিশে মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ: লৰ্ডছত জ’ ৰুটৰ 33 তম শতক অৰ্জন - Joe Root

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.