ETV Bharat / sports

আইএছএছএফ বিশ্বকাপ; ঈশা অনিল আৰু উমা মহেশৰ স্বৰ্ণ জয় - ISSF World Cup 2024

ISSF World Cup : আন্তৰ্জাতিক শ্বুটিং ক্ৰীড়া ফেডাৰেচনৰ বিশ্বকাপত ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । অনিল টাকচেল আৰু উমা মহেশ মদিনীয়ে স্বৰ্ণ পদক জয় কৰে ।

আইএছএছএফ বিশ্বকাপত ঈশা অনিল আৰু উমা মহেশৰ স্বৰ্ণ জয়

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 1:30 PM IST

স্পৰ্টছ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : স্পেইনৰ গ্ৰেনাডাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্প'ৰ্ট ফেডাৰেচনৰ (আইএছএছএফ) শ্বুটিং বিশ্বকাপৰ 10 মিটাৰ এয়াৰ ৰাইফল জুনিয়ৰ মিক্সড দলৰ প্ৰতিযোগিতাত ভাৰতে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে । ঈশা অনিল টাকচালে আৰু উমা মহেশ মাদিনেনীয়ে নিজৰ ব্যক্তিগত মহিলা আৰু পুৰুষ ইভেণ্টত সোণৰ পদক জয়ৰ পিচত মঙলবাৰে মিক্সড দলৰ ইভেণ্টৰ ফাইনেলত নিজ দেশৰে অনভি ৰাথোৰ আৰু অভিনৱ শ্ব'ক ১৬-৮ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।

এই প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈকে তিনিটা স্বৰ্ণসহ সাতটা পদক অৰ্জন কৰিছে । অনভি আৰু অভিনৱে ৬২৯.০ ৰ যুটীয়া স্ক'ৰেৰে সোণৰ পদকৰ মেচখনৰ বাবে যোগ্যতা অৰ্জন কৰে । ঈশা আৰু উমা মহেশ ৬২৭.৪ পইণ্টেৰে তেওঁলোকৰ পিছত স্থান লাভ কৰে ।

ইয়াৰ পূৰ্বে মঙলবাৰে দৃষ্টি চাংৱান আৰু পাৰস খোলাই এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টৰ পদক মেচৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । যুটিটোৱে অৰ্হতা অৰ্জনত ষষ্ঠ স্থান লাভ কৰে । আনহাতে, জৰ্জিয়ান যুটি দুটাই প্ৰতিযোগিতাখনত সোণ আৰু ৰূপৰ পদক জয় কৰে ।

উল্লেখ্য যে, ভাৰতৰ এটা ৩৪ জনীয়া দলে এই বিশ্বকাপত অংশগ্ৰহণ কৰিছে । প্ৰতিযোগিতাখনত সকলো দেশৰে কেৱল কনিষ্ঠ আৰু জ্যেষ্ঠ 10 মিটাৰ এয়াৰ গান ইভেণ্ট অনুষ্ঠিত হৈছে । বৰ্তমানলৈকে ভাৰতীয় খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ।

শেহতীয়াভাৱে বিভিন্ন বিভাগত ভাৰতীয় কনিষ্ঠ খেলুৱৈসকলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই আহিছে । ৰাষ্ট্ৰীয় লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় খেলুৱৈসকলৰ এই প্ৰদৰ্শনে ভৱিষ্যতৰ দিনত তেওঁলোকৰ উজ্জ্বল প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক : পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক কীব’ৰ্ড যোদ্ধা আখ্যা ইৰফান পাঠানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.