ETV Bharat / sports

আই পি এল ২০২৫: লক্ষ্ণৌ চুপাৰ জায়েণ্টছত সলনিৰ সম্ভাৱনা গৌতম গম্ভীৰৰ স্থান - IPL 2025 - IPL 2025

author img

By ETV Bharat Sports Team

Published : Aug 20, 2024, 1:05 PM IST

Zaheer Khan Might Replace Gautam Gambhir: আই পি এলত অংশগ্ৰহণকাৰী দলসমূহৰ ভিতৰত অন্যতম লক্ষ্ণৌ চুপাৰ জায়েণ্টছত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা ৷ প্ৰশিক্ষক হিচাপে পূৰ্বে নিযুক্তিপ্ৰাপ্ত গৌতম গম্ভীৰৰ স্থানত নিয়োগ কৰা হ’ব পাৰে জাহিৰ খানক ৷ যিয়ে আই পি এলৰ 2025 চনৰ সংস্কৰণত গ্ৰহণ কৰিব বিশেষ ভূমিকা ৷

IPL 2025
জাহিৰ খান আৰু গৌতম গম্ভীৰ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানৰ সন্দৰ্ভত এক ডাঙৰ খবৰ ৷ ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, দ্ৰুত বলাৰ জাহিৰ শীঘ্ৰেই পৰামৰ্শদাতাৰ ভূমিকাত নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷

যদি এই খবৰ সঁচা প্ৰমাণিত হয়, তেন্তে খানে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অংশগ্ৰহণকাৰী দল লক্ষ্ণৌ চুপাৰ জায়েণ্টছত পৰামৰ্শদাতা হিচাপে যোগদান কৰিব ৷ তেওঁ দলটোত গৌতম গম্ভীৰৰ খালী ঠাই পূৰণ কৰাৰ সম্ভাৱনা প্ৰবল ।

লক্ষ্ণৌ চুপাৰ জায়েণ্টছত জাহিৰ খানৰ যোগদানৰ সম্ভাৱনা:

প্ৰকৃততে গৌতম গম্ভীৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পূৰ্বৰ দুটাকৈ চিজনৰ পৰামৰ্শদাতা আছিল । ইয়াৰ পিছত আই পি এল 2024 ত গম্ভীৰে দলটো এৰি তেওঁৰ পুৰণি দল কলকাতা নাইট ৰাইডাৰ্ছত যোগদান কৰে । গম্ভীৰে দলটোৰ এজন পৰামৰ্শদাতা হিচাপে কাম কৰি আই পি এল 2024 ৰ চূড়ান্ত খিতাপ অৰ্জনত দলটোক সক্ষম কৰি তোলে ৷

কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাত গম্ভীৰক উক্ত স্থানত নিযুক্তি দিয়া হয় ৷ যাৰ ফলত দলটোৰ পৰামৰ্শদাতাৰ স্থানটো খালী হৈ পৰে ৷

কিন্তু এতিয়া জাহিৰ খানে সেই খালী ঠাই পূৰণ কৰিব পাৰে । জাহিৰে এল এছ চি-ৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সন্দৰ্ভত অব্যাহত আছে আলোচনা ৷ যদি সকলো ঠিকে থাকে, তেন্তে জাহিৰ খানক আই পি এল 2025 ত লক্ষ্ণৌ চুপাৰ জায়েণ্টছত পৰামৰ্শদাতা হিচাপে যোগদান কৰা পৰিলক্ষিত হ’ব ।

ভাৰতৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তিত ব্যৰ্থ জাহিৰ খান

জাহিৰ খান ভাৰতৰ 2011 চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ সদস্য । জাহিৰ খান লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভৰ পিছত, দলটোৰ বলাৰসকলৰ বাবে যথেষ্ট সহায়ক হ’ব ৷ কিয়নো জাহিৰ ভাৰতৰ এজন বিখ্যাত বলাৰ আছিল ।

উল্লেখ্য যে, গৌতম গম্ভীৰৰ পৰামৰ্শৰ পিছত দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰ মৰ্নে মৰ্কেলক ভাৰতীয় ক্ৰিকেট দলৰ বলিং বিভাগৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ মৰ্নেক নিযুক্তিৰ পূৰ্বে জাহিৰ খানৰ নাম এইক্ষেত্ৰত চৰ্চাত আছিল ৷

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ প্ৰশিক্ষণ দলত অন্তৰ্ভুক্ত আছে এডাম ভগেছ, লেন্স ক্লুজনাৰ, জণ্টি ৰ'ডছ, শ্ৰীধৰণ শ্ৰীৰাম আৰু প্ৰবীণ তাম্বেৰ নাম ৷ তদুপৰি দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে জাষ্টিন লেংগাৰ । জাহিৰ খানে সঞ্জীৱ গোয়েংকাৰ মালিকানাধীন ফ্ৰেঞ্চাইজিত যোগদান কৰিব বুলি বৰ্তমান আশা কৰা হৈছে । কিন্তু এই মুহূৰ্তত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতি দিব পৰা নাযায় ।

লগতে পঢ়ক: বিচিচিআইৰ সচিব জয় শ্বাহৰ ওপৰত খড়্গহস্ত প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ - DULEEP TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.