ETV Bharat / sports

বাম্পাৰ লটাৰী; কলকাতা নাইট ৰাইডাৰ্ছৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত ৰিংকু সিং

Rinku singh got 13 crore: আই পি এলৰ আগন্তুক ছিজনৰ বাবে ৰিংকু সিঙক ৰিটেইন কৰিছে কে কে আৰে ৷ ক্ৰিকেটাৰগৰাকীক 13 কোটি টকাত ৰিটেইন ৷

IPL 2025
ৰিংকু সিং (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 1, 2024, 12:44 PM IST

স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ ৰিটেইনচৰ ক্ষেত্ৰত সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছে ৰিংকু সিং ৷ বিগত সময়ত 55 লাখ টকাত চুক্তিবদ্ধ হোৱা ৰিংকু এইবেলি দলটোৰ সৰ্বাধিক ৰিটেইনচন পেইড খেলুৱৈত পৰিণত হৈছে ।

এইবাৰ কে কে আৰে 13 কোটি টকা দি ৰিংকু সিঙক ৰিটেইন কৰিছে ৷ কিন্তু ইমানো সহজ নাছিল ৰিংকুৰ এই যাত্ৰা ৷

কে কে আৰৰ সৰ্বাধিক ৰিটেইন খেলুৱৈত পৰিণত ৰিংকু

ৰিংকু সিঙক এটা সাক্ষাৎকাৰত সোধা হৈছিল যে, "আপুনি ইমান ৰাণ সংগ্ৰহ কৰাৰ লগতে কে কে আৰক বিজয় প্ৰদান কৰিছে, তেনেক্ষেত্ৰত অনুভৱ নকৰেনে যে আপুনি কমকৈ আপোনাৰ প্ৰাপ্য লাভ কৰিছে" ?

তেতিয়া ক্ৰিকেটাৰগৰাকীয়ে কৈছিল যে,"মই ইমানখিনি পাইছো ৷ এয়াই মোৰ বাবে যথেষ্ঠ ৷ মই কেতিয়াও ভবা নাছিলো যে মই 55 লাখ টকা লাভ কৰিম" ৷

IPL 2025
ৰিংকু সিং (IANS Photo)

ৰিংকু সিং উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ বাসিন্দা । তেওঁ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সদস্য । ৰিংকুৰ পিতৃয়ে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণৰ কাম কৰে । আনহাতে, ৰিংকুৰ ভাতৃ পেছাত এগৰাকী চাফাইকৰ্মী ৷ ভাতৃৰ দৰে পূৰ্বতে ক্ৰিকেটাৰগৰাকীয়ে চাফাইৰ কাম কৰিছে ৷ তদুপৰি তেওঁৰ পৰিয়ালে আগতে ক্ৰিকেট খেলাটো পছন্দ নকৰিছিল ৷

ৰিংকুৱে পিতৃক দিছিল বিশেষ উপহাৰ

পৰিয়ালৰ বিৰোধিতা স্বত্বেও ক্ৰিকেট খেলি গৈছিল ৰিংকুৱে ৷ এবাৰ এখন খেলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ পুৰস্কাৰ হিচাপে লাভ কৰিছিল এখন বাইক ৷ ৰিংকুৱে এই বাইকখন পিতৃক উপহাৰ দি চাইকেলৰ সলনি বাইকেৰে চিলিণ্ডাৰ বিতৰণৰ কামটো কৰিবলৈ উৎসাহিত কৰিছিল ৷

এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে অনুভৱ কৰিছিল যে ৰিংকুৱে ক্ৰিকেটৰ জৰিয়তে অধিক উন্নত প্ৰদৰ্শন দাঙি ধৰিব পাৰে ৷ পৰিয়ালৰ পৰা সমৰ্থন লাভৰ পিছত আচৰিত হৈ পৰে বাওঁহতীয়া বেটছমেনজন ৷

তেওঁ ঘৰুৱা ক্ৰিকেট আৰু বিগত সময়ত আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল । ৰিংকু সিঙে আই পি এল 2023 ত 5 টা বলত 5 টা ছয় কোবাইছিল ৷ তেওঁ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৷

লগতে পঢ়ক: ধোনী, বিৰাট আৰু ৰোহিতৰ লগতে ৰিয়ান পৰাগক ৰিটেইন; নিলামলৈ পন্ত, শ্ৰেয়ছ, ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.