ETV Bharat / sports

ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ কিছুসময়ৰ পিছতে এইগৰাকী ক্ৰিকেটাৰক নতুন দায়িত্ব - IPL 2025 - IPL 2025

Dwayne Bravo as KKR mentor: কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) পৰৱৰ্তী ছিজনৰ বাবে দলটোৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে ডৱেইন ব্ৰাভোক ৷ ব্ৰাভোৱে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে এই কথা ৰাজহুৱা হয় ৷ পূৰ্বে চেন্নাই চুপাৰ কিংছৰ সৈতে থকা সকলো সম্পৰ্ক বাদ দি ব্ৰাভোৱে নতুন দলটোত যোগদান কৰে ৷

IPL 2025
ডৱেইন ব্ৰাভো (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Sep 27, 2024, 11:54 AM IST

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে ডৱেইন ব্ৰাভোক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025 ৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে ৷ কেৰিবিয়ান ক্ৰিকেটৰ প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীয়ে কে কে আৰত খালী হোৱা গৌতম গম্ভীৰৰ স্থানত নিযুক্তি লাভ কৰে ৷

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকাগৰাকীয়ে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে কে কে আৰৰ ফ্ৰেঞ্চাইজিয়ে এই ঘোষণা কৰে ।

কে কে আৰৰ স্বত্বাধিকাৰী ভেংকি মহীশূৰে নিশ্চিত কৰিছে যে, ব্ৰাভোৱে সমগ্ৰ বিশ্বৰ বিভিন্ন লীগত নাইট ৰাইডাৰ্ছৰ অন্যান্য ফ্ৰেঞ্চাইজিৰ সৈতেও কাম কৰিব ।

"ডি জে ব্ৰাভোৱে আমাৰ সৈতে সংযুক্ত হোৱাতো অতি ৰোমাঞ্চকৰ বিষয় । তেওঁ য'তেই থাকিব, তাতেই জয়ী হোৱাৰ গভীৰ ইচ্ছা প্ৰকাশ কৰিব ৷ ব্ৰাভোৰ বিস্তৃত অভিজ্ঞতা আৰু জ্ঞানে ফ্ৰেঞ্চাইজি আৰু সকলো খেলুৱৈকে অপৰিসীমভাৱে উপকৃত কৰিব । আমিও অতিশয় আনন্দিত যে তেওঁ আমাৰ চৌদিশে থকা আন সকলো ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত হ'ব"- বুলি মহীশূৰে এক বিবৃতিৰ জৰিয়তে সদৰী কৰে ।

ব্ৰাভোৱে আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল যদিও কেৰিবিয়ান প্ৰিমিয়াৰ লীগ (চি পি এল) ৰ সমগ্ৰ সময়চোৱাত ফ্ৰেঞ্চাইজিৰ হৈ খেলা নাইট ৰাইডাৰ্ছৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । ব্ৰাভোৱে 2022 আৰু 2023 ছিজনত চেন্নাই ছুপাৰ কিংছৰ বলিং প্ৰশিক্ষক হিচাপে কাম কৰিছিল ।

2021 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱা ব্ৰাভোৱে লীগৰ ক্ৰিকেট খেল অব্যাহত ৰাখিছিল । শেহতীয়াকৈ তেওঁ 2024 চনৰ টি-20 বিশ্বকাপত আফগানিস্তান দলৰ সৈতে বলিং পৰামৰ্শদাতা হিচাপে কাম কৰিছিল । চি পি এলৰ চলি থকা ছিজনত তেওঁ খেলি আছিল যদিও আঘাতৰ বাবে পৰৱৰ্তী সময়ত দলটোৰ সৈতে থকা চুক্তি বাতিল কৰিবলগীয়া হয় ৷ শেহতীয়াকৈ ক্ৰিকেটাৰগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষকৰ আই পি এলত প্ৰৱেশ, মেগা নিলামৰ পূৰ্বে এই দলত যোগদান - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.