ETV Bharat / sports

শেষ মুহূৰ্তত স্থান সলনি; ৰিয়াদত অনুষ্ঠিত নহয় আই পি এলৰ মেগা নিলাম - IPL 2025

24-25 নৱেম্বৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম ৷ পিছে ৰিয়াদৰ সলনি আন এখন ঠাইতহে অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম ৷

IPL 2025
আই পি এলৰ মেগা নিলামৰ বাবে খেলুৱৈৰ তালিকা (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 6, 2024, 1:15 PM IST

স্প’ৰ্টছ ডেস্ক: বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ক্ৰিকেট অনুৰাগীসকল ৷ আই পি এলৰ পৰৱৰ্তী ছিজন আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব মেগা নিলাম ৷

পূৰ্বে চৌদি আৰৱৰ ৰিয়াদত এই নিলাম অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বি চি চি আইয়ে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত প্ৰকাশ কৰা নাছিল কোনো বিবৃতি ৷ কিন্তু মঙলবাৰে বি চি চি আইয়ে আই পি এল 2025 মেগা নিলামৰ স্থান আৰু তাৰিখ ঘোষণা কৰে ৷

24-25 নৱেম্বৰত অনুষ্ঠিত হ'ব বৃহৎ নিলাম

বি চি চি আইয়ে মঙলবাৰে সন্ধিয়া নিলামৰ দিন ঘোষণা কৰে । বহু প্ৰতীক্ষিত তথা ধনী লীগ হিচাপে পৰিচিত আই পি এল 2025 ৰ খেলুৱৈৰ নিলাম চলিত মাহৰে 24-25 তাৰিখত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ'ব । বি চি চি আইয়ে এয়াও প্ৰকাশ কৰিছে যে 1574 গৰাকী খেলুৱৈয়ে নিলামৰ বাবে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে ।

1574 গৰাকী খেলুৱৈয়ে কৰিছে পঞ্জীয়ন

বি চি চি আইৰ সচিব জয় শ্বাহে এক সংবাদ মাধ্যমৰ বিবৃতিত কয়, "2024 চনৰ 4 নৱেম্বৰলৈ মুঠ 1,574 গৰাকী খেলুৱৈৰ (1,165 গৰাকী ভাৰতীয় আৰু 409 গৰাকী বিদেশী) নাম নিলামৰ বাবে পঞ্জীয়ন কৰা হৈছে ৷ যিসকলে 24-25 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামত অংশগ্ৰহণ কৰিব" ৷

তালিকাত অন্তৰ্ভুক্ত মুঠ 1,224 গৰাকী আনকেপড খেলুৱৈ

এই তালিকাত 320 গৰাকী কেপড খেলুৱৈ আৰু 1,224 গৰাকী আনকেপড খেলুৱৈৰ লগতে সহযোগী ৰাষ্ট্ৰসমূহৰ 30 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত আছে ৷ তদুপৰি 48 গৰাকী কেপড ভাৰতীয় খেলুৱৈক নিলামত অন্তৰ্ভুক্ত কৰা হোৱাৰ বিপৰীতে 272 গৰাকী কেপড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈও নিলামৰ বাবে উপলব্ধ হ'ব ।

965 আনকেপড ভাৰতীয় খেলুৱৈ পঞ্জীভুক্ত

বিগত আই পি এল ছিজনৰ অংশ হোৱা 152 গৰাকী আনকেপড ভাৰতীয় খেলুৱৈ আৰু 3 গৰাকী আনকেপড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো নিলামত অন্তৰ্ভুক্ত কৰা হ'ব । বিবৃতিটোত প্ৰকাশ কৰা হৈছে যে, 965 গৰাকী আনকেপড ভাৰতীয় আৰু 104 গৰাকী আনকেপড আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে ।

মুঠ 204 টা খালী স্থানৰ বাবে হ'ব নিলাম

আই পি এল 2025 ৰ পূৰ্বে 10 টা ফ্ৰেঞ্চাইজিয়ে মুঠ 46 গৰাকী খেলুৱৈক ধৰি ৰাখিছিল । ইয়াৰ পিছত মুঠ 204 গৰাকী খেলুৱৈৰ স্থান খালী আছিল। এই 204 টা স্থান পূৰণ কৰিবলৈ 24-25 নৱেম্বৰত অনুষ্ঠিত হ'ব মেগা নিলাম ৷ যাৰ বাবে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ মুঠ 1,574 গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে ।

আই পি এল 2025 মেগা নিলামৰ বাবে বিভিন্ন দেশৰ খেলুৱৈসকলে পঞ্জীয়ন কৰিছে:

  • ভাৰত – 1,165
  • দক্ষিণ আফ্ৰিকা – 91
  • অষ্ট্ৰেলিয়া – 76
  • ইংলেণ্ড – 52
  • নিউজিলেণ্ড – 39
  • ৱেষ্ট ইণ্ডিজ – 33
  • আফগানিস্তান – 29
  • শ্ৰীলংকা – 29
  • বাংলাদেশ – 13
  • নেদাৰলেণ্ড – 12
  • আয়াৰলেণ্ড – 9
  • জিম্বাব’ৱে – 8
  • কানাডা – 4
  • স্কটলেণ্ড – 2
  • ইটালী – 1
  • সংযুক্ত আৰৱ আমিৰশ্বাহী – 1

লগতে পঢ়ক: ধোনী, বিৰাট আৰু ৰোহিতৰ লগতে ৰিয়ান পৰাগক ৰিটেইন; নিলামলৈ পন্ত, শ্ৰেয়ছ, ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.