স্প’ৰ্টছ ডেস্ক, ৩ মে': কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হোৱা আই পি এলৰ ৫১ সংখ্যক মেচখন লেগ স্পিনাৰ পীযুষ চাওলাৰ বাবে স্মৰণীয় খেল হিচাপে পৰিগণিত হৈছে । কিয়নো খেলখনত প্ৰথমটো উইকেট দখলেৰে নিজৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ল স্পিনাৰগৰাকী । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে চাওলা ৷
চাওলাই যৌথভাৱে দ্বিতীয় স্থান লাভ কৰাৰ লগতে পশ্চিম ভাৰতীয় অলৰাউণ্ডাৰ ডুৱাইন ব্ৰাভোৰ আই পি এলৰ ১৮৩ টা উইকেটৰ সৈতে সমতা স্থাপন কৰিছে । ৭.৯৭ ইক'নমি আৰু ২০.৫৭ ষ্ট্ৰাইক ৰেটেৰে ১৮৩ টা উইকেট দখল কৰিছিল চাওলাই । এই লাভজনক প্ৰতিযোগিতাত তেওঁ এতিয়ালৈকে চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে ।
লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাৰ শীৰ্ষত আছে আৰু তেওঁৰ নামত ২০০ টা উইকেট আছে ।
ইনিংছৰ সপ্তম অভাৰত অভিজ্ঞ স্পিনাৰগৰাকীয়ে মিডল এণ্ড অফৰ শাৰীত এটা ডেলিভাৰী কৰিছিল । বেটিং কৰি থকা ৰিংকু সিঙে মিড-উইকেটৰ মাজেৰে বলটো কোবাবলৈ চেষ্টা কৰিছিল । অৱশ্যে, তেওঁৰ শ্বটটো পোনপটীয়াকৈ বলাৰৰ হাতলৈ যায় । চাওলাই এটা সহজ কেচ লৈছিল আৰু এই উইকেটৰ সৈতে ব্ৰাভোক অতিক্ৰম কৰিছিল ।
বেটিং কৰি কেকেআৰে প্ৰথম ১০ অভাৰৰ ভিতৰত কেবাটাও উইকেট হেৰুৱাই গভীৰ সমস্যাত পৰে । অৱশ্যে, অভিজ্ঞ মনীষ পাণ্ডে আৰু ভেংকটেশ আয়াৰে ইনিংছটো পুনৰুত্থান কৰে ।
চলি থকা ছিজনত এই মেচখনৰ পূৰ্বে ৯.৮৫ ইক'নমি আৰু ৩১.৫ ষ্ট্ৰাইক ৰেটেৰে চাৰিটা উইকেট দখল কৰিছে চাওলাই । ৬.৫৬ ৰান ইক'নমিৰে ৪ টা উইকেট দখল কৰি ৭ খন টি-২০ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।
লগতে পঢ়ক: কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024