ETV Bharat / sports

ৰোমাঞ্চকৰ বিজয়েৰে পি ভি সিন্ধুৰ অলিম্পিকৰ অভিযান আৰম্ভ - Paris Olympics 2024

author img

By ANI

Published : Jul 28, 2024, 7:06 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকত মহিলাৰ একক প্ৰতিযোগিতাত মালদ্বীপৰ শ্বাটলাৰক পৰাস্ত পি ভি সিন্ধুৰ । ২১-৯, ২১-৬ পইণ্টৰ ব্যৱধানত সিন্ধুৱে বিজয় সাব্যস্ত কৰে ।

Paris Olympics 2024
ৰোমাঞ্চকৰ বিজয়েৰে পি ভি সিন্ধুৰ অলিম্পিকৰ অভিযান আৰম্ভ (IANS)

স্পৰ্টছ ডেস্ক,২৮ জুলাই : পেৰিছ অলিম্পিকত মহিলাৰ একক প্ৰতিযোগিতাত মালদ্বীপৰ ফাতিমাথ নাবাহা আব্দুল ৰজ্জকৰ বিৰুদ্ধে পোনপটীয়া বিজয়েৰে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে তেওঁৰ তৃতীয় অলিম্পিক পদকৰ আশা জীয়াই ৰাখিছে । খেলখনত সিন্ধুৰ দৃঢ়তা আৰু আত্মবিশ্বাস স্পষ্ট আছিল । দুয়োটা ৰাউণ্ডতে সিন্ধুৰ সন্মুখত প্ৰতিদ্বন্দ্বী ধাৰাশায়ী হয় । ২৯ মিনিট ধৰি চলা খেলখনত ২১-৯, ২১-৬ পইণ্টৰ ব্যৱধানত সিন্ধুৱে জয় সাব্যস্ত কৰে ।

পদকৰ আশাত সিন্ধু :

তৃতীয় অলিম্পিক পদকৰ সন্ধানত সিন্ধুৱে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ কোনো ত্ৰুটি ৰখা নাই । বেডমিণ্টন ক'ৰ্টৰ প্ৰতিটো ইঞ্চি তেওঁৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিছিল আৰু প্ৰতিদ্বন্দ্বীক নৰম শ্বট খেলিবলৈ প্ৰলোভিত কৰিছিল । দ্বিতীয়বাৰৰ বাবে সিন্ধু আৰু ৰজ্জক মুখামুখি হৈছিল । ইয়াৰ পূৰ্বেও ভাৰতীয় শ্বাটলাৰগৰাকীয়ে মালদ্বীপৰ শ্বাটলাৰক পৰাস্ত কৰিছিল আৰু সেই ধাৰা পেৰিছতো অব্যাহত ৰাখিলে সিন্ধুৱে ।

খেলৰ প্ৰথম ৰাউণ্ডত সিন্ধু আৰু ৰজ্জকৰ যুঁজ আকৰ্ষণীয় আছিল । এটা সময়ত দুয়োগৰাকীৰে স্ক'ৰ ৪-৪ আছিল । কিন্তু সিন্ধুৱে নিজৰ অভিজ্ঞতা আৰু আত্মবিশ্বাস দেখুৱাই খেলখনত আগুৱাই গ'ল । এবাৰত সিন্ধুৱে ১০ পইণ্টৰ স্প্ৰী লাভ কৰে । প্ৰথম ৰাউণ্ডত পি ভি সিন্ধুৱে ২১ পইণ্টৰ সৈতে বিজয় সাব্যস্ত কৰে আৰু ৰজ্জকে সিন্ধুৰ কাৰিকৰী দক্ষতা অতিক্ৰম কৰিবলৈ ব্যৰ্থ হয় ।

একেদৰে দ্বিতীয় ৰাউণ্ডতো সিন্ধুৰ আধিপত্য অব্যাহত থাকে । প্ৰথম অৱস্থাত ৰজ্জকে প্ৰত্যাৱৰ্তনৰ সুযোগ পাইছিল যদিও মালদ্বীপৰ খেলুৱৈগৰাকীয়ে এই সুযোগ ল'ব নোৱাৰিলে । এই ৰাউণ্ডত পি ভি সিন্ধুৱে ২১-৬ পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে । লগে লগে সিন্ধুৰ তৃতীয়টো অলিম্পিক পদকৰো পথ মুকলি হয় ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকৰ দ্বিতীয় দিন : পদকৰ যুঁজত অৱতীৰ্ণ হ'ব এইসকল ভাৰতীয়... - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.