ETV Bharat / sports

বদোদৰাত বানত আৱদ্ধ ভাৰতীয় ক্ৰিকেটাৰ: এন ডি আৰ এফৰ তৎপৰতাত উদ্ধাৰ - RADHA YADAV STUCK IN FLOOD

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 6:02 PM IST

Vadodra Floods: গুজৰাটত হোৱা শেহতীয়া বান পৰিস্থিতিৰ মাজত আৱদ্ধ এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ এন ডি আৰ এফৰ তৎপৰতাত উদ্ধাৰ ক্ৰিকেটাৰগৰাকীৰ লগতে পৰিয়ালবৰ্গ ৷ এই তথ্য ৰাজহুৱা কৰি এন ডি আৰ এফক ধন্যবাদ জ্ঞাপন কৰে ক্ৰিকেটাৰগৰাকীয়ে । পঢ়ক বিতং খবৰ...

WOMENS CRICKETER RADHA YADAV
বানত আৱদ্ধ ক্ৰিকেটাৰ ৰাধা যাদৱ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: গুজৰাটত যোৱা পাঁচ দিন ধৰি অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত ৷ যাৰ বাবে প্ৰায় প্ৰতিখন জিলা পৰিছে বানৰ কবলত । ৰাজ্যখনৰ অধিকাংশ অঞ্চল ডুব গৈছে বাঢ়নী পানীত ৷ ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰো ৰাজ্যখনত হোৱা বান পৰিস্থিতিৰ কবলত পৰি পৰিয়ালৰ সৈতে আৱদ্ধ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

এই ক্ৰিকেটাৰগৰাকী আন কোনো নহয়, বৰং ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ ৰাধা যাদৱ ৷ পৰিস্থিতি ইমানে বেয়াৰ ফালে ঢাল খাইছিল যে ক্ৰিকেটাৰগৰাকীক পৰিয়ালৰ সৈতে অৱশেষত উদ্ধাৰ কৰে এন ডি আৰ এফৰ এটা দলে ৷

WOMENS CRICKETER RADHA YADAV
বদোদৰাৰ বান (instagram account of Radha Jadav)

সামাজিক মাধ্যমৰ জৰিয়তে ক্ৰিকেটাৰগৰাকীয়ে সদৰী কৰে এই কথা ৷ তাৰকা বলাৰগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম কাহিনীত এটা ভিডিঅ’ পোষ্ট কৰি এন ডি আৰ এফ বাহিনীক ধন্যবাদ জ্ঞাপন কৰে ৷

WOMENS CRICKETER RADHA YADAV
গুজৰাটৰ বান পৰিস্থিতি (instagram account of Radha Jadav)

এই উদ্ধাৰকাৰ্যৰ 3 ঘণ্টা পিছত ক্ৰিকেটাৰগৰাকীয়ে আন এক পোষ্টৰ জৰিয়তে বদোদৰা পৌৰ নিগম আৰু অগ্নি নিৰ্বাপক বাহিনীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । ৰাধাই পোষ্টটোত এনেদৰে লিখিছিল, "এনে এক বেয়া পৰিস্থিতিত য’ত কাৰো ওচৰলৈ যোৱাটো অসম্ভৱ, তেনে পৰিস্থিতিত এই দলটোৱে সকলোকে সহায় কৰি আছে, সকলোকে খাদ্য প্ৰদান কৰি আছে । বহুত ধন্যবাদ" ।

RADHA YADAV STUCK IN FLOOD
ধাৰাসাৰ বৃষ্টিপাতৰ ফলত এই পৰিস্থিতি উদ্ভৱ (instagram account of Radha Jadav)

গুজৰাটৰ প্ৰায় প্ৰতিখন জিলাতে যোৱা চাৰি-পাঁচ দিন ধৰি মুষলধাৰ বৰষুণ হৈ আছে । যাৰ ফলত সকলো ঠাই পানীৰে প্লাৱিত হৈ বান পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে 11 খন জিলাত ঘোষণা কৰা হৈছে ৰেড এলাৰ্ট ৷ এন ডি আৰ এফৰ দলটোৱে নিৰন্তৰ উদ্ধাৰ অভিযান চলাই আছে । বিশ্বামিত্ৰী নদীৰ পানীয়ে চহৰখন বুৰাই পেলোৱাত বদোদৰাত সৃষ্টি হৈছে বান পৰিস্থিতি । যি পৰিৱেশত বন্দী হৈ পৰিছিল ভাৰতীয় মহিলা ক্ৰিকেটাৰ ৰাধা যাদৱ ৷

লগতে পঢ়ক: তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ আন এক ভিডিঅ’ ভাইৰেল: শুভমন গিলক কঠোৰ সমালোচনা - VIRAT KOHLI VIRAL VIDEO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.