ETV Bharat / sports

আই পি এলত উন্নত প্ৰদৰ্শন স্বত্বেও এখন মেচতে কেৰিয়াৰ সমাপ্ত এইসকল ক্ৰিকেটাৰৰ - CRICKETERS WHO PLAY ONE T20 MATCH

Cricketers who have played T20I for India: ক্ৰিকেটত মাত্ৰ এখন মেচ খেলিয়েই কেৰিয়াৰৰ সামৰণি মাৰিব পাৰেনে ? পঢ়ক এই প্ৰতিবেদন...

CRICKETERS WHO PLAY ONE T20 MATCH
এখন মেচতে কেৰিয়াৰ সমাপ্ত এইসকল ক্ৰিকেটাৰৰ (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 14, 2024, 9:53 AM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: ক্ৰিকেটৰ এটি অতিকৈ জনপ্ৰিয় ফৰ্মেট হৈছে টি 20 ক্ৰিকেট ৷ বৰ্তমান সময়ত বহু উদীয়মান যুৱ ক্ৰিকেটাৰে টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ চলাই আছে আপ্ৰাণ চেষ্টা ৷ বিশেষকৈ আই পি এলত উন্নত প্ৰদৰ্শন অব্যাহত ৰখা বহু ক্ৰিকেটাৰৰ সপোন হৈছে টীম ইণ্ডিয়াত স্থান লাভ কৰাটো ৷ তাৰমাজতে বহু কেইগৰাকীয়ে অৱশ্যে লাভ কৰিছে এই সুবিধা ৷

কিন্তু কেতিয়াবা কোনো কোনো ক্ৰিকেটাৰৰ বাবে এখন টি 20 মেচেই হৈ পৰে এগৰাকী ক্ৰিকেটাৰৰ কেৰিয়াৰৰ অন্তিমটো পৰ্যায় ৷ আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা একাংশ খেলুৱৈৰ কেৰিয়াৰ মাত্ৰ এখন খেলতে আছিল সীমাবদ্ধ । তেওঁলোকে পুনৰ টীম ইণ্ডিয়াৰ হৈ টি 20 খেলিবলৈ লাভ কৰা নাছিল সুযোগ ৷

এনেকুৱা একাংশ ক্ৰিকেটাৰ হৈছে-

সন্দীপ ৱাৰিয়াৰ

ছুইং বলাৰ সন্দীপ ৱাৰিয়াৰেও মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় টি 20 মেচ খেলিছে । তেওঁ 2021 চনত শ্ৰীলংকাৰ বিৰুদ্ধে টি 20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । এই মেচখনত 3 অভাৰত 23 ৰাণ ব্যয় কৰাৰ পিছতো কোনোধৰণৰ উইকেট লাভ কৰিব নোৱাৰিলে ৷ তাৰপিছত আৰু কেতিয়াও সন্দীপে খেলিবলৈ সুযোগ নাপালে ৷

কৰণ শৰ্মা

লেগ স্পিনাৰ কৰণ শৰ্মাই আই পি এলত কৰিছে উন্নত প্ৰদৰ্শন । ক্ৰিকেটাৰগৰাকীয়ে 2014 চনত ইংলেণ্ডৰ বিৰুদ্ধে বহুত আশাৰে টি 20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । এই মেচখনত তেওঁ 4 অভাৰত মাত্ৰ 28 ৰাণ ব্যয় কৰি দখল কৰিছিল এটা উইকেট ৷ অৱশ্যে কৰণ শৰ্মাই টীম ইণ্ডিয়াত নিজৰ দক্ষতা দেখুৱাবলৈ দ্বিতীয়বাৰ পোৱা নাছিল সুযোগ ।

ঋষি ধৱন

ফাষ্ট বলাৰ ঋষি ধৱন ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা উন্নত প্ৰদৰ্শনৰ বাবেই আহিছিল চৰ্চালৈ ৷ পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীয়ে টি 20 ত আত্মপ্ৰকাশ কৰিছিল ৷ দুৰ্ভাগ্যবশতঃ তেওঁ নিজৰ ভাগ্য পৰীক্ষা কৰাৰ বাবে লাভ কৰিছিল মাত্ৰ এটাহে সুযোগ ৷ তেওঁ 2016 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে একমাত্ৰ মেচখনত অংশগ্ৰহণ কৰিছিল ৷ চাৰি অভাৰত 42 ৰাণ ব্যয় কৰি খেলুৱৈগৰাকীয়ে লাভ কৰিছিল এটা উইকেট ৷

ময়ংক মাৰ্কণ্ডে

সোঁহতীয়া লেগ ব্ৰেক বলাৰ ময়ংক মাৰ্কণ্ডে আই পি এলত উন্নত প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰিছে নিৰ্বাচকসকলৰ । তেওঁ 2019 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় টি 20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ৷ সেই মেচখনত 4 অভাৰ বলিং কৰি 31 ৰাণ ব্যয় কৰিছিল যদিও খেলুৱৈগৰাকীয়ে উইকেট দখলত ব্যৰ্থ হৈছিল ৷ দ্বিতীয়বাৰৰ বাবে নিজৰ দক্ষতা প্ৰমাণৰ বাবে খেলুৱৈগৰাকীয়ে কোনো সুযোগ লাভ কৰা নাছিল ৷

এছ বদ্ৰীনাথ

তাৰকা বেটছমেন সুব্ৰমণিয়াম বদ্ৰীনাথ টি 20 ক্ৰিকেটত অভিষেকৰ সময়ত ঘৰুৱা ক্ৰিকেটৰ এগৰাকী শীৰ্ষ খেলুৱৈ আছিল । বদ্ৰীনাথে 2011 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি 20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰে । এই মেচখনত তেওঁ 37 টা বলত 43 ৰাণ সংগ্ৰহ কৰিছিল । বদ্ৰীনাথক টি 20 ৰ এখন মেচতে সীমাবদ্ধ কৰা হৈছিল, য’ত যুৱ খেলুৱৈসকলে অধিক সুযোগ লাভ কৰে ।

লগতে পঢ়ক: শচীন তেণ্ডুলকাৰৰ ঐতিহাসিক অভিলেখ; 3 বলত 24 ৰাণ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.