ETV Bharat / sports

অলিম্পিকৰ দ্বিতীয় বক্সিং বিশ্ব কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডত অসমৰ অংকুশিতা বড়োৰ জয়লাভ - Indian boxer Ankushita Boro - INDIAN BOXER ANKUSHITA BORO

Boxing World Qualifier: বেংককত চলি থকা পেৰিছ অলিম্পিকৰ দ্বিতীয় বক্সিং বিশ্ব কোৱালিফায়াৰত জয়লাভ কৰি ভাৰতৰ যুৱ বক্সাৰ অংকুশিতা বড়োৱে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । একে সময়তে পুৰুষৰ শাখাত পৰাজয়ৰ লগে লগে বাহিৰ হ’ল অভিমন্যু । পঢ়ক সম্পূৰ্ণ খবৰ...

ANKUSHITA BORO
INDIAN BOXER ANKUSHITA BORO (IANS)
author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:13 PM IST

নিউজ ডেস্ক, ২৭ মে’: বেংককত অনুষ্ঠিত হৈ থকা পেৰিছ অলিম্পিকৰ দ্বিতীয় বক্সিং বিশ্ব কোৱালিফায়াৰত ৬০ কেজি শাখাত মংগোলিয়াৰ নমুন মংকোৰক সোমবাৰে পৰাস্ত কৰে পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োৱে ৷ ইফালে পুৰুষৰ ৮০ কেজি শাখাত আয়াৰলেণ্ডৰ কেলিন কেচিডিৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় অভিমন্যু ৷ মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অংকুশিতাই শক্তিশালী আৰম্ভণি কৰি তিনিটা ৰাউণ্ডৰ অন্তত ৪-১ পইন্টত জয়লাভ কৰে ।

ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী অভিমন্যুৱে প্ৰথম ৰাউণ্ডত ১০ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বুলগেৰিয়াৰ ক্রিষ্টিয়ান নিকোলভক পৰাস্ত কৰিছিল ৷ কিন্তু আয়াৰলেণ্ডৰ কেচিডি মেচখনৰ বাবে ভালদৰে সাজু হৈ আছিল আৰু অন্তিম ৰাউণ্ডত অভিমন্যুৱে নিজৰ সকলোখিনি দিয়াৰ পাচতো তেওঁ ৫-০ পইন্টত পৰাজয় বৰণ কৰে ৷

মঙলবাৰে শচীন ছিৱাচ (৫৭ কেজি), অবিনাশ জামৱাল (৬৩.৫ কেজি) আৰু নিশান্ত দেৱে (৭১ কেজি) অলিম্পিক কোটা লাভৰ দিশত অভিযান আগবঢ়াই নিয়াৰ লক্ষ্য ৰাখিব ।

লগতে পঢ়ক: এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে - Dipa Karmakar Wins Gold

দেওবাৰৰ খেলত জামৱালে প্ৰথম ৰাউণ্ডৰ যুঁজত লিথুৱেনিয়াৰ এণ্ড্ৰিজুছ লাভ্ৰেনোভাছৰ বিৰুদ্ধে ৫-০ পইন্টত জয়লাভ কৰিছিল । ইফালে বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ নিশান্ত দেৱেও গিনি-বিছাউৰ আৰ্মাণ্ডো বিঘাফাৰ বিৰুদ্ধে ৫-০ পইন্টত বিজয় সাব্যস্ত কৰে ।

শচীনে ডেনমাৰ্কৰ ফ্ৰেডেৰিক জেনচেনৰ বিৰুদ্ধে, জামৱালে কলম্বিয়াৰ জোচে মেনুৱেল ভিয়াফাৰা ফ’ৰীৰ বিৰুদ্ধে আৰু নিশান্তে মংগোলিয়াৰ অটগনবাটাৰ বায়ম্বা এৰ্ডেনৰ বিৰুদ্ধে খেলিব ।

ইতিমধ্যে ভাৰতে পেৰিছ অলিম্পিকৰ বাবে ৩ কোটা নিশ্চিত কৰিছে । যোৱা বছৰ হাংঝু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰি পেৰিছ গেমছৰ বাবে পথ নিশ্চিত কৰিছে নিখাত জাৰিন (মহিলা ৫০ কেজি), প্ৰীতি (৫৪ কেজি) আৰু টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে (৭৫ কেজি) ।

লগতে পঢ়ক: বক্সিং বিশ্ব কোৱালিফায়াৰত অবিনাশ জামৱাল আৰু নিশান্ত দেৱৰ সহজ জয় - Boxing World Qualifiers

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.