ETV Bharat / sports

এছিয়ান লেক্ৰোজ চেম্পিয়নশ্বিপ; ৰূপৰ পদক লাভ ভাৰতীয় মহিলা দলৰ - Asian Lacrosse Championship

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 11:09 AM IST

Asian Lacrosse Championship: উজবেকিস্তানৰ চামাৰ্কন্দত অনুষ্ঠিত ছিনিয়ৰ মহিলা লেক্ৰোজ চেম্পিয়নশ্বিপত ভাৰতীয় দলে ৰূপৰ পদক লাভ কৰে । চৌদি আৰৱৰ হাতত ৯-১১ গ'লৰ ব্যৱধানত পৰাজিত দলটো । এছিয়া পেচিফিক চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন ভাৰতৰ ।

Asian Lacrosse Championship
এছিয়ান লেক্ৰোজ চেম্পিয়নশ্বিপ; ৰূপৰ পদক লাভ ভাৰতীয় মহিলা দলৰ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক,৫ জুলাই : বিশ্বজুৰি ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ জয়যাত্ৰা অব্যাহত আছে । ক্ৰিকেট, বেডমিণ্টন, হকীকে বিভিন্ন ক্ৰীড়াত ভাৰতীয় খেলুৱৈয়ে সুনাম অৰ্জন কৰি আহিছে । এইবাৰ লেক্ৰোজ চেম্পিয়নশ্বিপত ভাৰতৰ সফলতা । উজবেকিস্তানৰ চামাৰ্কন্দত অনুষ্ঠিত ছিনিয়ৰ মহিলা এছিয়ান লেক্ৰোজ চেম্পিয়নশ্বিপত ভাৰতীয় দলে আকৰ্ষণীয় প্ৰদৰ্শন কৰি ৰূপৰ পদক অৰ্জন কৰে ।

বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে অভিজ্ঞ চৌদি আৰৱৰ হাতত ৯-১১ গ'লৰ ব্যৱধানত পৰাজিত হয় । এই ৰোমাঞ্চকৰ খেলখনত ঝুলা কুমাৰী গুৰ্জাৰ আৰু বিশাখা মেঘৱালে তিনিটাকৈ, অধিনায়ক সুনীতা মীনাই দুটা আৰু ডালি গামেটিয়ে ভাৰতৰ হৈ এটা গ'ল কৰে ।

একে সময়তে, গ'লকীপাৰ দীপিকা বামানিয়াৰ প্ৰদৰ্শনো প্ৰশংসনীয় আছিল । দলটোৰ আন খেলুৱৈসকল আছিল হেমলতা দাংগী, মীৰা ডোজা, ৰাধিকা জেড্ডে, কীৰ্তি কুৰুভা, ৰাশি গৌৰ, দিব্যান্সী ডবে, ৰিধিমা বাঘেলা, অলকা সিং । দলটোৰ সৈতে প্ৰশিক্ষক নীৰজ বাত্ৰা আৰু চাকিল খান, মেনেজাৰ ড৹ গংগাধাৰায়া, সহকাৰী মেনেজাৰ চেলিম খান, চিফ ডে মিছন শ্বাহজাদ খান, সৌৰভ ভেতালো আছিল । ভাৰতৰ অধিনায়ক সুনীতা মীনা ২২ টা গ'লৰ সৈতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ স্ক'ৰাৰ আছিল । বিজয়ীসকলক এছিয়া পেচিফিক লেক্ৰোজ ফেডাৰেচনৰ অধ্যক্ষ জাপানৰ ক্ৰিছ জিনোৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

এই ঐতিহাসিক বিজয়ৰ বাবে ভাৰতীয় লেক্ৰোজ ফেডাৰেচনৰ সাধাৰণ সম্পাদক তৌচিফ আহমেদ লাৰী, ৰাজস্থানৰ ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাঠৌৰ, জনজাতীয় মন্ত্ৰী বাবুলাল খাৰাদি, বিধায়ক ফুল সিং মীনা, প্ৰতাপ ভিল, উদয় লাল দংগী, উদয়পুৰ বিভাগীয় আয়ুক্ত আৰু ৰাজস্থান ৰাজ্যিক খনি আৰু খনিজ লিমিটেডৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ ভট্ট, জনজাতীয় আয়ুক্ত প্ৰজ্ঞা কেবলৰমানি আদিয়ে দলটোক অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়া পেচিফিক চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে য'ত বিশ্বকাপৰ দল বাছনি কৰা হ'ব ।

লগতে পঢ়ক : টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: ভাৰতীয় ক্ৰিকেট দলক ১২৫ কোটি টকাৰ পুৰস্কাৰ - Team India Victory Parade

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.