ETV Bharat / sports

এছিয়াৰ শ্ৰেষ্ঠ ভাৰত; এছিয়ান হকী চেম্পিয়নছৰ খিতাপ দখল ভাৰতীয় হকী দলৰ - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 17, 2024, 7:14 PM IST

India Wins Asian Hockey Champions Trophy: ভাৰতীয় পুৰুষ হকী দলে ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে প্ৰতিযোগিতাখনত জয়লাভ কৰে । লগতে এছিয়ান চেম্পিয়নছ ট্ৰফীত দলটোৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখে । যুগৰাজ সিঙে এটা আকৰ্ষণীয় ফিল্ড গ'লেৰে দলটোক চেম্পিয়নৰ সন্মান প্ৰদান কৰে ।

India Wins Asian Hockey Champions Trophy
এছিয়ান হকী চেম্পিয়নছৰ খিতাপ দখল ভাৰতীয় হকী দলৰ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, ১৭ ছেপ্টেম্বৰ : পুনৰবাৰ এছিয়াৰ শ্ৰেষ্ঠ হকী দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় পুৰুষ হকী দল । এছিয়ান হকী চেম্পিয়নশ্বিপত চীনক পৰাস্ত কৰি ভাৰতে এছিয়ান হকীত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখে । ভাৰতীয় হকী দলে ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰে এই ঈপ্সিত লক্ষ্যত উপনীত হয় ।

আনহাতে, মকী হকী প্ৰশিক্ষণ ঘাটিত লাভ কৰা এই বিজয়ৰ জৰিয়তে ভাৰতে প্ৰতিযোগিতাখনৰ ইতিহাসত পঞ্চমবাৰৰ বাবে খিতাপ জয় কৰে । ইয়াৰ উপৰি সাতখন মেচৰ আটাইকেইখনতে জয়লাভ কৰা প্ৰতিযোগিতাখনৰ একমাত্ৰ অপৰাজিত দল হিচাপে পৰিগণিত হয় ।

অধিনায়ক হৰমনপ্ৰীত সিঙে মেচৰ চতুৰ্থ কোৱাৰ্টাৰত ভাৰতীয় ডিফেণ্ডাৰ যুগৰাজ সিঙক প্ৰদান কৰা এটা সুযোগ সুন্দৰভাৱে গ'ললৈ ৰূপান্তৰ কৰি দুয়োপক্ষৰ মাজত বিজয়ৰ ব্যৱধান গঢ়ি তোলে । যুগৰাজ সিঙৰ নিৰ্ণায়ক গ'লটো আহে মেচখনৰ ৫১ মিনিটত ।

ভাৰত আৰু চীনৰ মাজত প্ৰতিযোগিতাখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল । আনহাতে, হৰমনপ্ৰীত বাহিনী এক উৎকৃষ্ট ৰেংকিং আৰু পূৰ্বৱৰ্তী ৰেকৰ্ডৰ ভিত্তিত প্ৰতিযোগিতাখনত ফেভাৰিট হিচাপে অৱতীৰ্ণ হৈছিল । অৱশ্যে যুঁজ অবিহনে হাৰমনা দল নাছিল চীনো । ফলত ভাৰতে খিতাপ অৰ্জন কৰিবলৈ কঠোৰ যুঁজ দিবলগা হয় ।

পঞ্চমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফী জয় ভাৰতৰ

২০১১, ২০১৬ আৰু ২০২৩ চনত এককভাৱে প্ৰতিযোগিতাখনত জয়লাভৰ পিচত এইটো হৈছে ভাৰতৰ অভিলেখ ভংগকাৰী পঞ্চম খিতাপ । উল্লেখ্য, 2018 চনত ভাৰত আৰু পাকিস্তান যুটীয়া বিজয়ী আছিল । আনহাতে, পাকিস্তান হৈছে এই প্ৰতিযোগিতাখনত দ্বিতীয় সৰ্বাধিক সফল দল । পাকিস্তানে তিনিবাৰ প্ৰতিযোগিতাখন নিজৰ দখললৈ নিছে আৰু দক্ষিণ কোৰিয়াই ২০২১ চনত খিতাপ জয় কৰিছিল । ইয়াৰ বাবে এই প্ৰতিযোগিতাখনত চীনৰ প্ৰদৰ্শন হৈছে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ । কিয়নো এছিয়ান হকী চেম্পিয়নশ্বিপত এইবাৰ প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল ।

তৃতীয় স্থানত পাকিস্তান

ইফালে তৃতীয় স্থানৰ বাবে খেলা মেচখনত পাকিস্তানে দক্ষিণ কোৰিয়াক ৫-২ গ'লত পৰাস্ত কৰে । পাকিস্তানে ছেমি ফাইনেলত চীনৰ বিৰুদ্ধে পৰাজিত হৈছিল । অৱশ্যে প্ৰতিযোগিতাখন তৃতীয় স্থানত সমাপ্ত কৰে ।

লগতে পঢ়ক :বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচনা কৰিব ৰোহিত শৰ্মাই: ভংগ কৰাৰ সম্ভাৱনা এগৰাকী শীৰ্ষ ক্ৰিকেটাৰৰ অভিলেখ - IND VS BAN TEST SERIES
লগতে পঢ়ক :দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ, মুখামুখি হ’ব চীনৰ - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.