স্প’ৰ্টছ ডেস্ক: এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলে । দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি দ্বিতীয়খন ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ মেচত জাপানক 2-0 গ’লত পৰাস্ত কৰে ।
মেচখনৰ প্ৰথমাৰ্ধত দুয়োটা দলে গ’ল প্ৰদান কৰাত ব্যৰ্থ হয় ৷ যদিও ভাৰতে ধাৰাবাহিকভাৱে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল, তথাপিও গ’ল প্ৰদান কৰাত ব্যৰ্থ হৈছিল দলটো ৷
ভাৰতে জাপানক 2-0 ত পৰাস্ত কৰে
ভাৰতৰ হৈ নৱনীতে পেনাল্টিৰে দলৰ হৈ প্ৰথমটো গ’ল প্ৰদান কৰাৰ বিপৰীতে লাল ৰেমচিয়ামীয়ে দ্বিতীয়টো গ’ল প্ৰদান কৰে ৷ এতিয়া বুধবাৰে অনুষ্ঠিত হ’বলগা ফাইনেল মেচখনত চীনৰ মুখামুখি হ’ব ভাৰতীয় দলটো ৷ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেলত চীনে মালয়েছিয়াক 3-1 গ’লত পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে ৷
🏑FINAL SHOWDOWN!🏑
— Hockey India (@TheHockeyIndia) November 20, 2024
The moment we've all been waiting for is here! It's time for the grand finale at the Bihar Women’s Asian Champions Trophy Rajgir 2024! 🇮🇳 Team India 🇮🇳 faces China 🇨🇳 in an epic battle for the championship!
Our Bharat Ki Sherniyan are all set to give it… pic.twitter.com/sArdAqXpf7
ভাৰতে লাভ কৰে 11 টা পেনাল্টি কৰ্ণাৰ
উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় লাল ৰেমশ্মীক ৷ খেলখনৰ প্ৰথম 45 মিনিটত ভাৰত আৰু জাপানে গ’ল প্ৰদানৰ বাবে কঠোৰ সংগ্ৰাম কৰা দেখা যায় যদিও গ’ল প্ৰদানত ব্যৰ্থ হয় ৷ এই সময়ছোৱাত ভাৰতে ধাৰাবাহিকভাৱে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও তাক গ’ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । ভাৰতীয় দলটোৱে 11 বাৰ পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে জাপানে লাভ কৰা নাছিল এটাও পেনাল্টি কৰ্ণাৰ ৷
"দলটোৰ লক্ষ্য আছিল কেৱল জয়ী হোৱা আৰু ইয়াৰ বাবে সকলো খেলুৱৈয়ে একেলগে কঠোৰ পৰিশ্ৰম কৰিছিল । ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল" মেচখনত জয়ী হোৱাৰ অন্তত ভাৰতীয় মহিলা হকী দলটোৰ অধিনায়ক চালিমা টেটে এনেদৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷
ভাৰতীয় দলে আক্রমণাত্মকভাৱে খেলিছিল
প্রশিক্ষক হৰেন্দ্র সিঙে ছেমি ফাইনেলত দলৰ বিজয়ত সুখ প্রকাশ কৰি খেলুৱৈসকলৰ মানসিকতা আৰু কৌশলৰ প্রশংসা কৰে ৷ সিঙে কয় যে, আমাৰ কৌশল সদায়ে আক্ৰমণাত্মক হকী খেলাৰ পক্ষে আছিল । বিপক্ষৰ দলটো ডিফেন্সিভ হ’লেও দৰ্শকে নিশ্চয় দেখিছিল যে ভাৰতীয় দলটোৱে আক্ৰমণাত্মক হকী খেলিছিল । এইটোৱেই আমাৰ সফলতাৰ চাবিকাঠী" ।
📸 A stunning showdown in Rajgir! 🏑🇮🇳
— Hockey India (@TheHockeyIndia) November 19, 2024
A perfect blend of skill, resilience, and teamwork brought us closer to championship glory. Let’s rally behind our girls as they aim to bring home the crown!
Share your favorite moment with us in the comments below! 👇🏻
#HockeyIndia… pic.twitter.com/vwCI3TPKbz
চাপৰ মাজতো খেলুৱৈসকলে ভাল খেলিলে
প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে, "আমি নিশ্চিত যে আমি চীনৰ শক্তিশালী প্ৰতিৰোধ ওফোৰাই পেলোৱাত সফল হ’ম । ভাৰতীয় দলটোৱে সদায়ে হেঁচাৰ মাজতো উন্নত প্ৰদৰ্শন কৰি আহিছে আৰু এই ফাইনেলখনো বেলেগ নহ’ব । ফাইনেলক লৈ আমি 100% আত্মবিশ্বাসী" ।
— Hockey India (@TheHockeyIndia) November 19, 2024
"লীগ মেচত পৰাজয়ৰ পিছত বিপক্ষৰ দলে ৰক্ষণাত্মক মনোভাৱেৰে খেলিব বুলি আমি জানিছিলো । আমি আলোচনাত স্পষ্টকৈ কৈছিলো যে, এয়া মাথো এটা গ’লৰ কথা । আমাৰ খেলুৱৈসকলে ধৈৰ্য ধৰি শেষ মুহূৰ্তলৈকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ যেতিয়া সেই গ'লটো প্ৰদান কৰিলে, খেলখন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আৰু আমাৰ বাবে দুৱাৰখন মুকলি হ'ল" বুলি ভাৰতীয় মহিলা হকী দলটোৰ প্ৰশিক্ষক হৰেন্দ্ৰ সিঙে সদৰী কৰে ৷
লগতে পঢ়ক: 14 বছৰৰ মূৰত ভাৰতৰ মাটিত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু লিঅ’নেল মেছি