স্প’ৰ্টছ ডেস্ক: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি আছে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ খেল ৷ ইতিমধ্যে এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰি শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ৷
শৃংখলাৰ দ্বিতীয়খন টেষ্ট 6 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে টীম ইণ্ডিয়াৰ সদস্যসকলক নেট অনুশীলনত ব্যস্ত হোৱা দেখা যায় ৷ কিন্তু তাৰমাজত সংঘটিত হোৱা এক অবাঞ্চিত পৰিস্থিতিৰ পিছত টীম ইণ্ডিয়াই গ্ৰহণ কৰে কঠোৰ সিদ্ধান্ত ৷
বুধবাৰে টীম ইণ্ডিয়াই চলোৱা নেট অনুশীলন অনুৰাগীৰ বাবে মুকলি আছিল ৷ তাত উপস্থিত থকা একাংশ অনুৰাগীয়ে টীম ইণ্ডিয়াৰ সদস্যসকলক উদ্দেশ্যি অশালীন মন্তব্য কৰা পৰিলক্ষিত হৈছিল ৷ যাৰ বাবে এতিয়াৰে পৰা দলটোৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷
অনুশীলনত অনুৰাগীৰ অভব্য আচৰণ
আচলতে দুয়োটা দলৰ নেট অনুশীলনৰ সময়ছোৱা অনুৰাগীৰ বাবে মুকলি আছিল ৷ যাৰ বাবে তাত সহস্ৰাধিক অনুৰাগী উপস্থিত হয় ৷ একাংশই টীম ইণ্ডিয়াক মুকলি সমৰ্থন কৰাৰ বিপৰীতে অধিকাংশ অনুৰাগীয়ে অষ্ট্ৰেলিয়াক সমৰ্থন কৰা দেখা গৈছিল ৷ যাৰ বাবে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷
𝗣𝗿𝗲𝗽 𝗠𝗼𝗱𝗲 🔛 #TeamIndia gearing up for the Pink-Ball Test in Adelaide 👌 👌#AUSvIND pic.twitter.com/5K4DlBtOE6
— BCCI (@BCCI) December 4, 2024
নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক বি চি চি আইৰ এগৰাকী শীৰ্ষ বিষয়াই পি টি আইৰ আগত প্ৰকাশ কৰা অনুসৰি, "ইয়াত সম্পূৰ্ণ বিশৃংখলতা দেখা দিছিল । অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষণ অধিৱেশনৰ সময়ত 70 জনতকৈ অধিক লোক উপস্থিত হোৱা নাছিল ৷ কিন্তু ভাৰতৰ অধিৱেশনৰ সময়ত প্ৰায় 3,000 লোক উপস্থিত হৈছিল । কোনেও আশা কৰা নাছিল যে, টীম ইণ্ডিয়াৰ বাবে ইমানসংখ্যক অনুৰাগী আহিব" ।
"ছিডনীত পঞ্চম টেষ্টৰ পূৰ্বে অনুৰাগীসকলৰ বাবে আন এটা দিন ৰখা হৈছিল, য'ত অনুৰাগীসকলে দল দুটাৰ অনুশীলনত উপস্থিত থাকি সেই সময় উপভোগ কৰিব পাৰে ৷ কিন্তু দ্বিতীয় টেষ্টৰ পূৰ্বে সংঘটিত এনে অবাঞ্চিত ঘটনাৰ বাবে তাক বাতিল কৰা হৈছে ৷ কিয়নো একাংশ অনুৰাগীৰ আপত্তিজনক আৰু অসংবেদনশীল মন্তব্যৰ বাবে বহুত অসন্তুষ্ট হৈছিল খেলুৱৈসকল ।
বিশেষকৈ অনুৰাগীসকলে ৰোহিত শৰ্মা আৰু ঋষভ পন্তক ছয় কোবাবলৈ নিৰ্দেশ দিয়াৰ লগতে খেলুৱৈসকলৰ ফিটনেছ সম্পৰ্কত বিভিন্ন মন্তব্য আগবঢ়াইছিল ৷
এই সকলোবোৰ ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে পি টি আইক এনেদৰে কয়, "বিৰাট কোহলী আৰু শুভমন গিলৰ বাবে ইমানসংখ্যক অনুৰাগীৰ ভিৰ হ'ব পাৰে, সেয়া ভবা নাছিল । একাংশ লোকে ফেচবুকত বন্ধুবৰ্গৰ সৈতে লাইভত ব্যস্ত থকাৰ বিপৰীতে একাংশই উচ্চস্তৰত বাৰ্তালাপত ব্যস্ত আছিল । এগৰাকী সমৰ্থকে এজন খেলুৱৈক গুজৰাটী ভাষাত 'হাই' কোৱাৰ বাবে নিৰন্তৰ অনুৰোধ কৰি আছিল । আন এজনে আকৌ ক্ৰিকেটাৰজনৰ ফিটনেছ সম্পৰ্কত অশালীন মন্তব্যৰে লজ্জিত কৰিছিল ।
— BCCI (@BCCI) December 4, 2024
অৱশ্যে এয়া প্ৰথম ঘটনা নহয়, যেতিয়া ভাৰতীয় খেলুৱৈসকলে অনুৰাগীসকলৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছিল । মহম্মদ চিৰাজে 2021-22 বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত একে ধৰণৰ ঘটনাৰ সন্মুখীন হৈছিল ৷ খেলুৱৈগৰাকীক উদ্দেশ্যি অনুৰাগীয়ে বৰ্ণবাদমূলক গালি-শপনি পাৰিছিল ৷
তদুপৰি ভাৰতীয় দল পৰিচালনা কৰা ই-মেচ ৰেফাৰী ডেভিদ বুনৰ বিৰুদ্ধেও অনুৰাগীয়ে অভিযোগ উত্থাপন কৰিছিল ৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে ষ্টেডিয়ামৰ পৰা ছয়গৰাকী অনুৰাগীক সেই স্থানৰ পৰা বাহিৰ কৰিছিল ৷
লগতে পঢ়ক: পাকিস্তানৰ টেষ্ট দলৰ পৰা বাদ পৰিল শ্বাহিন; তিনি বছৰৰ মূৰত প্ৰত্যাৱৰ্তন মহম্মদ আব্বাছৰ