ETV Bharat / sports

পাকিস্তান চেম্পিয়নক পৰাস্ত কৰি বিশ্ব চেম্পিয়নশ্বিপ অফ লেজেণ্ডচ 2024 দখল ইণ্ডিয়া চেম্পিয়নছৰ - World Championship of Legends 2024

author img

By ANI

Published : Jul 14, 2024, 5:08 PM IST

India Champions : চিৰপ্ৰতিদ্বন্দী পাকিস্তান চেম্পিয়নক পাঁচ উইকেটত পৰাস্ত কৰি বিজয়ী ইণ্ডিয়া চেম্পিয়নছ ৷ যুৱৰাজ সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত তেওঁলোকৰ আধিপত্য প্ৰদৰ্শন কৰিছিল ৷

WORLD CHAMPIONSHIP OF LEGENDS 2024
বিশ্ব চেম্পিয়নশ্বিপ অফ লেজেণ্ডচ 2024 দখল ভাৰতৰ (Photo: WCL)

স্পৰ্টছ ডেস্ক, 14 জুলাই : বিশ্ব চেম্পিয়নশ্বিপ অফ লেজেণ্ডচ 2024-ৰ এক শ্বাসৰুদ্ধকৰ ফাইনেলত, শনিবাৰে (13 জুলাই) এজবাষ্টনত চিৰপ্রতিদ্বন্দ্বী পাকিস্তান চেম্পিয়নক পাঁচ উইকেটত পৰাস্ত কৰি ইণ্ডিয়া চেম্পিয়নছ বিজয়ী হয় ৷

যুৱৰাজ সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত তেওঁলোকৰ আধিপত্য প্ৰদৰ্শন কৰিছিল ৷ দুয়োটা দলে কঠোৰ যুঁজ হোৱাৰ সময়তে ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে আকাংক্ষিত খিতাপ সুৰক্ষিত কৰে ৷

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা পাকিস্তান চেম্পিয়নে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 156 ৰাণৰ এক প্ৰতিদ্বন্দ্বিতামূলক দলীয় স্ক’ৰ সংগ্ৰহ কৰে ৷ কামৰান আকমল (19 বলত 24 ৰাণ) আৰু মকছুদে (12 বলত 21 ৰাণ) দলটোক এক দৃঢ় আৰম্ভণি দিছিল, কিন্তু ভাৰতীয় বলাৰে লোৱা নিয়মীয়া উইকেটে দলটোৰ স্ক'ৰ নিয়ন্ত্ৰণত ৰাখিছিল ৷

পাকিস্তান চেম্পিয়নৰ হৈ বিস্ফোৰক প্ৰদৰ্শন কৰে শ্বৱেইব মালিকে; বেটছমেনজনে 23 টা বলত গুৰুত্বপূৰ্ণ 41 ৰাণৰ এক ইনিংছ খেলে ৷ অধিনায়ক ইউনুছ খানে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় ৷ তেওঁ ব্যক্তিগত 7 ৰাণত ইৰফান পাঠানৰ বলত ক্লিন বোল্ড হয় ৷ মিডল অৰ্ডাৰৰ পতনৰ পিচত মিছবাহ-উল-হক ব্যক্তিগত 18 ৰাণত আঘাতৰ বাবে ক্ৰীজ ত্যাগ কৰে ৷ অৱশ্যে টেইল এণ্ডাৰ বেটছমেন সোহেইল তানবীৰৰ (9 বলত অপৰাজিত 19 ৰাণ) অৱদানে পাকিস্তানক সন্মানজনক স্ক'ৰত উপনীত হোৱাত সহায় কৰে ৷

ভাৰতীয় বলিং আক্ৰমণৰ নেতৃত্ব লয় অনুৰীত সিঙে ৷ বেগী বলাৰজনে 4 অভাৰত 43 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ ইফালে অনুৰীত সিঙক যোগ্য সঁহাৰি আগবঢ়াই বিনয় কুমাৰ, পৱন নেগী আৰু ইৰফান পাঠানে এটা কৈ উইকেট উইকেট দখল কৰি পাকিস্তানৰ বেটিং লাইন-আপত খহনীয়া সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

লগতে পঢ়ক : বেটিং প্ৰশিক্ষকৰ পদ বিলোপ কৰাৰ সম্ভাৱনা বি চি চি আইৰ; বলিং প্ৰশিক্ষকৰ দৌৰত মৰ্নে মৰ্কেল - Indian Cricket Team

পাকিস্তান চেম্পিয়নৰ 156 ৰাণৰ প্ৰত্যুত্তৰত, ইণ্ডিয়া চেম্পিয়নসকলে বিজয়ৰ অভিপ্ৰায়েৰে তেওঁলোকৰ ৰাণ চেজ আৰম্ভ কৰে ৷ ৰবীন উথাপ্পাক (10) সোনকালে হেৰুৱালেও, অম্বাতি ৰায়ুডুৰ 30 টা বলত বিস্ফোৰক 50 ৰাণে মেন ইন ব্লুৰ বিজয়ৰ ভেটি স্থাপন কৰে ৷

উত্থাপাৰ উইকেট পতনৰ পিচত একেটা অভাৰতে সুৰেশ ৰাইনা (4)ও পেভিলিয়নমুখী হোৱাত মেচখনলৈ পাকিস্তানে পুনৰ প্ৰত্যাৱৰ্তন কৰে ৷ কিন্তু ৰায়ুডু আৰু গুৰকীৰত সিং মানৰ (33 বলত 34 ৰাণ) মাজত শক্তিশালী অংশীদাৰীত্বই ভাৰতক বিজয় পথলৈ প্ৰত্যাৱৰ্তন কৰাত সহায় কৰে ৷

ৰায়ুডু আৰু মান 10 ৰাণৰ ব্যৱধানত বিদায় লোৱাৰ পিচত শেষৰ অভাৰত আউট হোৱাৰ পূৰ্বে ইউছুফ পাঠানে দলক এক ধুমুহাময় ইনিংছ উপহাৰ দিয়ে ৷ ইউছুফ পাঠানে 16 টা বলত 30 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি মেচখন ভাৰতৰ পক্ষলৈ আনে ৷

ইয়াৰ পিচতে অধিনায়ক যুৱৰাজ সিং (15) আৰু ইৰফান পাঠান (5) ক্ৰীজত অপৰাজিত থাকি ভাৰতৰ জয় নিশ্চিত কৰে আৰু 19.1 অভাৰত 5 উইকেট হেৰৱাই 159 ৰাণ সংগ্ৰহ কৰে ৷

পাকিস্তানৰ বলাৰসকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা স্বত্বেও লক্ষ্যৰ দিশে আগবঢ়া ভাৰতৰ যাত্ৰা বন্ধ কৰিব নোৱাৰিলে ৷ আমেৰ য়ামিনে 3 অভাৰত 29 ৰাণ খৰছ কৰি 2 টা উইকেট দখল কৰে ৷ ছোৱেইব মালিক, ছয়ীদ আজমল আৰু ৱাহাব ৰিয়াজে এটাকৈ দখল কৰে ৷

সংক্ষিপ্ত স্ক'ৰ :

পাকিস্তান চেম্পিয়ন : 20 অভাৰত 156/6 (ছোৱেইব মালিক 41, কামৰান আকমল 24; অনুৰীত সিং 2/43) বনাম ভাৰত চেম্পিয়ন : 19.1 অভাৰত 159/5 (অম্বাতি ৰায়ুডু 50, গুৰকীৰত সিং মান 34, ইউছুফ পাঠান 30; আমেৰ য়ামিন 2/29) ৷

লগতে পঢ়ক : হাৰাৰেত জয়ছোৱালৰ ধুমুহা, জিম্বাব’ৱেক 10 উইকেট পৰাস্ত ভাৰতৰ - IND VS ZIM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.