ETV Bharat / sports

দ্বিতীয় এদিনীয়াত ৩২ ৰাণৰ জয়ৰে ১-০ ত অগ্ৰগতি সিংহল বাহিনীৰ - India vs Sri Lanka

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 10:48 PM IST

IND vs SL 2nd ODI: শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল । শ্ৰীলংকাৰ স্পিন বলাৰ জেফ্ৰি ভাণ্ডাৰছেই ৬ টা উইকেট দখল কৰি দলটোৰ বিজয়ৰ পথ সুগম কৰি তোলে ৷ শৃংখলাৰ প্ৰথমখন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছিল । সম্পূৰ্ণ খবৰ পঢ়ক...

INDIA VS SRI LANKA
দ্বিতীয়খন এদিনীয়াত ভাৰতক ৩২ ৰানত পৰাস্ত সিংহল বাহিনীৰ (AP)

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: দেওবাৰে শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হয় দ্বিতীয়খন এদিনীয়া খেল । এই খেলখনত ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ হাতত ৩০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । খেলখনত শ্ৰীলংকাৰ জিঅ’ফ্ৰে ভাণ্ডাৰছেই ৬টা উইকেট দখল কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় । এই জয়েৰে শ্ৰীলংকাই ৩খন মেচৰ এদিনীয়া শৃংখলাত ১-০ গ’লত অগ্ৰগতি লাভ কৰিছে, কিয়নো এই শৃংখলাৰ প্ৰথমখন মেচ দুয়োটা দলৰ মাজত ড্ৰ’ হৈছিল ।

ভাৰতক ৩২ ৰানত পৰাস্ত কৰে শ্ৰীলংকাই

শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত শ্ৰীলংকাৰ ক্ৰিকেট দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে । এই লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে ৪৫.৩ অভাৰত ২১০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল আৰু ইয়াৰ লগে লগে শ্ৰীলংকাই ৩২ ৰাণেৰে খেলখন নিজৰ নামত কৰে ।

ৰোহিত-অক্ষৰৰ বাহিৰে কোনো বেটছমেনে দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে

মেচখনত ৰোহিত শৰ্মাই ভাৰতৰ হৈ ৬৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিছিল । এই ইনিংছত ৰোহিতে ৫টা চাৰি আৰু ৪টা ছয় মাৰে । ৰোহিতৰ উপৰি অক্ষৰ পেটেলে ৪৪টা বলত ৪ টা চাৰিটা আৰু ২টা ছয়ৰে ৪৪টা ৰানৰ ইনিংছ খেলিছিল । উপ-অধিনায়ক শুভমন গিলেও ৪৪টা বলত ৩টা চাৰিৰ সৈতে ৩৫ ৰানৰ অৱদান আগবঢ়ায় । ইয়াৰ বাহিৰে আন কোনো বেটছমেনে ভাৰতৰ হৈ দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে । শ্ৰীলংকাৰ হৈ জিঅ’ফ্ৰে ভাণ্ডাৰছেই ৬টা উইকেট দখল কৰাৰ বিপৰীতে চৰিথ আছালংকাই ৩টা উইকেট দখল কৰে ।

লগতে পঢ়ক: বেটিং ব্যৰ্থতা: প্ৰথম এদিনীয়াত সিংহল বাহিনীৰ বিৰুদ্ধে ড্ৰ’ খেলিলে ৰোহিত বাহিনীয়ে - India vs Sri Lanka

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.