ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত চালকৰ আসনত ভাৰত

author img

By ANI

Published : Jan 27, 2024, 6:16 PM IST

IND vs ENG Hyderabad Test : ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত হায়দৰাবাদত তৃতীয়দিনা চালকৰ আসনত ভাৰত । বাতৰি যুগুতোৱাৰ সময়লৈকে ভাৰতৰ প্ৰথম ইনিংছৰ ১৯০ ৰাণৰ অগ্ৰগতিৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৪ উইকেটৰ বিনিময়ত ১৬০ ৰাণ সংগ্ৰহ কৰিছে ।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত চালকৰ আসনত ভাৰত
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত চালকৰ আসনত ভাৰত

স্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি থকা ভাৰত-ইংলেণ্ড প্ৰথম টেষ্টৰ তৃতীয়দিনা মধ্যাহ্নভোজনৰ সময়ত ১০১ ৰাণৰ অগ্ৰগতিৰে ইংলেণ্ডৰ বিৰুদ্ধে চালকৰ আসনত ভাৰত । মধ্যাহ্নভোজনৰ সময়ত ইংলেণ্ড ১ উইকেটৰ বিনিময়ত ৮৯ ৰাণ সংগ্ৰহ কৰে । সেই সময়ত বেন ডাকেট (৩৮*) আৰু অলি পোপ (১৬*) ক্ৰীজত অপৰাজিত হৈ থাকে ।

প্ৰথম টেষ্ট মেচৰ তৃতীয় দিনটো ভাৰতে ৭ উইকেটত ৪২১ ৰাণৰ পৰা আৰম্ভ কৰে । তৃতীয়দিনা ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেল ক্ৰীজত নামে । কিন্তু জো ৰুটৰ ক্ষুৰধাৰ আক্ৰমণাত্মক স্পেলত জাদেজা-অক্ষৰৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ ভংগ কৰে ।

ভাৰতৰ প্ৰথম ইনিংছৰ ১২০ নম্বৰ অভাৰৰ তৃতীয় আৰু চতুৰ্থ বলত ৰুটে জাদেজাক (১৮০ বলত ৮৭ ৰাণ) আৰু যশপ্ৰীত বুমৰাহক (১ বলত ০ ৰাণ) পেভিলিয়নৰ ৰাস্তা দেখুৱায় । ৰুটে মেচখনত হেট্ৰিকৰ সুবিধা লাভ কৰে যদিও মহম্মদ চিৰাজে তেওঁক উক্ত সুযোগৰ পৰা বঞ্চিত কৰে ।

অক্ষৰ পেটেল ক্ৰীজত খোপনি পুতি আছিল যদিও তেৱোঁ 121 নম্বৰ অভাৰত ৰেহান আহমেদৰ চিকাৰ হয় । ইয়াৰ ফলত হায়দৰাবাদত ইংলেণ্ডৰ বিৰুদ্ধে 190 ৰাণৰ অগ্ৰগতিৰে ভাৰতৰ ইনিংছ 436 ৰাণত সমাপ্ত হয় । ইয়াৰ পিছত জেক ক্ৰাউলি আৰু বেন ডাকেটে প্ৰথম ছেছনৰ পিছত আলহী দলটোৰ হৈ দ্বিতীয় ইনিংছ মুকলি কৰে ।

আনহাতে, ৰবিচন্দ্ৰন অশ্বিনে ক্ৰাউলিক ৩৩ টা বলত ৩১ ৰাণত আউট কৰি দশম অভাৰত ভাৰতক প্ৰথমটো সফলতা প্ৰদান কৰে । ইয়াৰ পিছত পোপ আৰু ডাকেটে দ্বিতীয় উইকেটৰ যুটিত দলক দৃঢ়তা প্ৰদানৰ চেষ্টা কৰে যদিও ব্যক্তিগত ৪৭ ৰাণত যশপ্ৰীত বুমৰাহৰ চিকাৰ হয় ডাকেট । ইয়াৰ পিছত জো ৰুটক (২) আউট কৰে বুমৰাহে আৰু জনী বেৰায়ষ্ট্ৰোক পেভিলিয়নমুখী কৰে ৰবীন্দ্ৰ জাদেজাই । বাতৰি যুগোতোৱাৰ পৰলৈকে ইংলেণ্ডে ৪ উইকেটৰ বিনিময়ত ১৫৭ ৰাণ সংগ্ৰহ কৰে । এই সময়ত পোপ (৫৭) আৰু বেন ষ্টোক (৪) ৰাণত ক্ৰীজত আছে ।

উল্লেখ্য যে প্ৰথম টেষ্টৰ দ্বিতীয় দিনটোত জাদেজা আৰু অক্ষৰে তৃতীয় ছেছনত ইংলেণ্ডৰ স্পিনাৰসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰে আৰু শুকুৰবাৰে দ্বিতীয় দিনৰ শেষত ভাৰতক শক্তিশালী স্থিতিলৈ লৈ যায় । দ্বিতীয় দিনৰ অন্তত ভাৰতে স্ক'ৰ বোৰ্ডত ৪২১/৭ ৰাণ সংগ্ৰহ কৰে । সেই সময়ত জাদেজা আৰু অক্ষৰে ক্ৰমান্বয়ে ৮১ (১৫৫)* আৰু ৩৫ (৬২)* ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু ভাৰতে সামগ্ৰিকভাৱে ১৭৫ ৰাণৰ অগ্ৰগতি লাভ কৰে ।

অৱশ্যে যদিও বাঁওহতীয়া যুটিটোৱে তৃতীয় ছেছনৰ বেছিভাগ সময় আধিপত্য বিস্তাৰ কৰিছিল, ইয়াৰ বিপৰীতে ৰুট ইংলেণ্ডৰ শ্ৰেষ্ঠ স্পিনাৰ হিচাপে পৰিগণিত হয় । তেওঁ দিনটোৰ প্ৰথম অভাৰতেই জয়ছোৱালক আউট কৰে ।

সংক্ষিপ্ত স্ক'ৰ : ইংলেণ্ড 246 আৰু ১৫৭/৪ (অলি পোপ ৫৭*, বেন ডাকেট 38, জেক ক্ৰাউলি 31; ।শপ্ৰীত বুমৰাহ ২-২১) ।

ভাৰত ৪৩৬ (ৰবীন্দ্ৰ জাদেজা ৮৭, কে এল ৰাহুল ৮৬, যশস্বী জয়ছোৱাল ৮০; জো ৰুট ৪-৭৯) ।

লগতে পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে ১৭৫ ৰানৰ অগ্ৰগতি ভাৰতৰ, জাডেজাৰ অপৰাজিত অৰ্ধশতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.