ETV Bharat / sports

ৰোহিত-জাডেজাৰ শতকেৰে ৰাজকোটত শক্তিশালী স্থিতিত ভাৰত - IND vs ENG 3rd Test

IND vs ENG 3rd Test : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই উজ্জ্বল প্ৰদৰ্শনৰে ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি কেইবাটাও অভিলেখ ভংগ কৰে। ভাৰতে প্ৰথম দিনটোত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 326 ৰাণ ৷

IND vs ENG 3rd Test
ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:31 PM IST

স্পৰ্টছ ডেস্ক, 15 ফেব্ৰুৱাৰী : সৌৰাষ্ট্ৰ ক্ৰিকেট এচছিয়েশ্যন ষ্টেডিয়ামত আজিৰে পৰা অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টত ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাডেজাৰ শতকৰ সহায়ত প্ৰথম দিনাই ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে শক্তিশালী স্থিতিত উপনীত হৈছে ৷ টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতে প্ৰথম দিনটোত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 326 ৰাণ ৷ ৰোহিত শৰ্মাই 131 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাডেজাই 110 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ আছে ৷

উল্লেখ্য যে, এই মেচত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰৰ একাদশ শতক অৰ্জন কৰে ৰোহিত শৰ্মাই ৷ ইয়াৰ লগে লগে ৰোহিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 46 টা শতক সম্পূৰ্ণ কৰিছে ৷ এই শতকৰে হিটমেন বৰ্তমানৰ সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে ৷ ভাৰতৰ হৈ 469 খন আন্তঃৰাষ্ট্ৰীয় মেচত 493 টা ইনিংছত 47 টা শতক অৰ্জন কৰিছে ৰোহিতে ৷ সম্প্ৰতি সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ ক্ষেত্ৰত সক্ৰিয় খেলুৱৈৰ ভিতৰত বিৰাট কোহলী শীৰ্ষত আছে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা সক্ৰিয় খেলুৱৈ

1- বিৰাট কোহলী : মেচ - 552, চেঞ্চুৰী - 80

2 - ডেভিদ ৱাৰ্নাৰ: মেচ - 375, চেঞ্চুৰী - 49

3 - ৰোহিত শৰ্মা : মেচ - 469, চেঞ্চুৰী - 47

4- জ’ ৰুট: মেচ - 340, চেঞ্চুৰী - 46

সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত ৰোহিত-

এই খেলখনত ৰোহিত শৰ্মাই তৃতীয়টো ছয় কোবোৱাৰ পিছতে সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক এই ক্ষেত্ৰত পিছ পেলাইছে ৰোহিতে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটতে অধিনায়ক হিচাপে হিটমেনে 212 টা 6 কোবোৱাৰ বিপৰীতে ভাৰতীয় অধিনায়ক হিচাপে কেপ্টেইন কুলে 211 টা 6 কোবাইছে ৷ এতিয়া এই তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰোহিত ৷

তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা আটাইতকৈ বয়সীয়াল অধিনায়ক-

ইয়াৰ লগে লগে ৰোহিত শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে সৰ্বাধিক শতক অৰ্জন কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷ টেষ্টত 11 টা, এদিনীয়াত 31 টা আৰু টি-২০ত 1 টা শতক অৰ্জন কৰিছে ৰোহিতে ৷

অ’পেনাৰ হিচাপে 3 টা শতক অৰ্জন কৰিছে-

ভাৰতীয় অ’পেনাৰ হিচাপে ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত ৰোহিত শৰ্মাও অন্তৰ্ভুক্ত হৈছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অ’পেনিং বেটছমেন হিচাপে 3 টা শতক অৰ্জন কৰিছে ৰোহিতে ৷ আনহাতে সুনীল গাভাস্কাৰে ইংলেণ্ডৰ বিৰুদ্ধে অ’পেনাৰ হিচাপে 4 টা শতক অৰ্জন কৰিছে ৷ ৰোহিত এতিয়া মাত্ৰ 1 শতকত পিছ পৰি আছে ৷

ইফালে আজিৰ খেলত শুভমন গীল, যশস্বী জয়ছোৱাল, ৰজত পাতিদাৰ ৰাণ সংগ্ৰহত ব্যৰ্থ হোৱাৰ বিপৰীতে ছৰফৰাজ খানে বিস্ফোৰক বেটিঙেৰে 62 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ আনহাতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই শক্তিশালী বেটিঙেৰে 110 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

ইংলেণ্ডৰ হৈ মাৰ্ক উডে 3 টা উইকেট দখল কৰাৰ বিপৰীতে টম হাৰ্টলীয়ে দখল কৰে 1 টা উইকেট ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড, ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলৰ আত্মপ্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.