ETV Bharat / sports

বেটছমেন-বলাৰৰ সুবিধাৰ্থে প্ৰস্তুত গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ পিটচ, মূল একাদশত স্থান লাভৰ সম্ভাৱনা কুলদীপ যাদৱৰ - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : Sep 26, 2024, 12:42 PM IST

IND vs BAN pitch and Weather Report: ভাৰত-বাংলাদেশৰ মাজৰ অন্তিমখন টেষ্ট মেচ শুকুৰবাৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব ৷ ষ্টেডিয়ামখনৰ ছয় নং পিটচত মুখামুখি হ’ব দুয়োটা দল ৷ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে পিটচ ৷

IND VS BAN 2ND TEST
বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: কানপুৰৰ গংগা নদীৰ পাৰত অৱস্থিত গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত 27 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ৷ দুয়োটা দলে ষ্টেডিয়ামখনৰ ছয় নং পিটচত সমুখ সমৰত নামিব ৷

বুধবাৰে সন্ধিয়া টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ষ্টেডিয়ামৰ পিটচ কিউৰেটৰ শিৱ কুমাৰৰ পৰা পিটচখনৰ সন্দৰ্ভত সবিশেষ তথ্য গ্ৰহণ কৰে । কিউৰেটৰগৰাকীয়ে পাঁচ আৰু ছয় নং পিটচৰ সন্দৰ্ভত কয় যে, বেটছমেনৰ লগতে বলাৰৰ সহায়ক হোৱাকৈ এই পিটচ তৈয়াৰ কৰা হৈছে ৷

মেচখনৰ আৰম্ভণিৰ পিছতে বেটছমেনৰ বাবে সহায়ক হ’বলগীয়া পিটচখন সময় অতিক্ৰম কৰাৰ লগে লগে স্পিনাৰৰ বাবে বিশেষভাৱে সহায়ক হৈ উঠিব ৷

দুই-তিনিদিনৰ মেচৰ পিছত যদি পিটচত ফাঁট মেলে, তেনেক্ষেত্ৰত বলটো বেটছমেনক উদ্দেশ্যি দলিওৱাৰ পিছত দ্ৰুতগতিত ঘূৰাৰ সম্ভাৱনা আছে, যিয়ে অধিক পৰিমাণে লাভান্বিত কৰিব বেটছমেনক ৷

কুলদীপ যাদৱে লাভ কৰিব পাৰে সুযোগ

সম্প্ৰতি এই মেচক লৈ ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে অব্যাহত আছে চৰ্চা ৷ এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে কুলদীপ যাদৱ ৷ কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়াম কুলদীপ যাদৱৰ ঘৰুৱা খেলপথাৰ হোৱাৰ বাবে বলাৰগৰাকীক মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা আছে ৷ অৱশ্যে এইক্ষেত্ৰত এতিয়াও গ্ৰহণ কৰা হোৱা নাই কোনো সিদ্ধান্ত ৷

পুৱাৰে পৰা সলনি হৈছে বতৰ, আৱৰিছে মেঘে, চিন্তিত আয়োজক

বৃহস্পতিবাৰৰ পৰাই সলনি হ’বলৈ ধৰিছে কানপুৰৰ বতৰ ৷ পুৱাৰে পৰা আকাশ ছানি ধৰিছে ক’লা ডাৱৰে ৷ বতৰ বিশেষজ্ঞই জাৰি কৰা নিৰ্দেশনা অনুসৰি, এই মেচত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে ৷

যদিহে মেচখনৰ পূৰ্বৰ এই দিনটোত বৰষুণ হয়, তেন্তে নেট অনুশীলনৰ পৰা বিৰত থাকিব লাগিব দল দুটা ৷ পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ভাৰতে পুৱা 9.30 বজাৰ পৰা নেট অনুশীলন আৰম্ভ কৰাৰ বিপৰীতে বাংলাদেশে দিনৰ 1.30 বজাত অনুশীলনৰ বাবে ষ্টেডিয়ামত উপস্থিত হ’ব ৷

গ্ৰীণপাৰ্ক ষ্টেডিয়ামৰ পিচ কিউৰেটৰ শিৱ কুমাৰে কয় যে, "বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আমি পিটচ কভাৰ প্ৰস্তুত কৰিছো । পিটচক বৰষুণৰ পৰা সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সকলো ব্যৱস্থা" ৷

লগতে পঢ়ক: দুহাজাৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া খাদ্য যোগান আৰু টিকটৰে মেচ উপভোগৰ সুবিধা - INDIA VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.