ETV Bharat / sports

পাৰ্থ টেষ্টত ইতিহাস ৰচনা যশপ্ৰীত বুমৰাহৰ; কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন - BORDER GAVASKAR TROPHY 2024

Jasprit Bumrah equals Kapil Dev: যশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৰচিলে ইতিহাস ৷ 5 উইকেট দখলৰে কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন ৷

Border Gavaskar Trophy 2024
যশপ্ৰীত বুমৰাহ আৰু কপিলদেৱ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 23, 2024, 2:31 PM IST

স্প’ৰ্টছ ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতৰ বিৰুদ্ধে 104 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া ৷ যিটো ভাৰতৰ বিৰুদ্ধে ঘৰুৰ মাটিত অষ্ট্ৰেলিয়াৰ দ্বিতীয় সৰ্বনিম্ন স্ক'ৰ ।

পাৰ্থত ভাৰতীয় বলাৰসকলে বিশেষকৈ অধিনায়ক যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দলক 46 ৰাণৰ অগ্ৰগতি প্ৰদান কৰে ৷ অধিনায়কগৰাকীয়ে 5 টাকৈ উইকেট দখল কৰি প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৷

কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন বুমৰাহৰ

পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে দখল কৰে 5 টাকৈ উইকেট ৷ টেষ্ট ক্ৰিকেটত একাদশবাৰৰ বাবে খেলুৱৈগৰাকীয়ে পাঁচটা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । সমান্তৰালকৈ বুমৰাহ পৰিণত হৈছে এছ ই এন এ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া) আদি দেশবোৰত সৰ্বাধিক 5 টা উইকেট লাভ কৰা ভাৰতীয় বলাৰত ৷

এই দেশবোৰত 5 টা উইকেট দখল কৰি বুমৰাহে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা অধিনায়ক কপিলদেৱৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে ৷ দুয়োগৰাকী সম্প্ৰতি যুটীয়াভাৱে বিদেশৰ মাটিত 5 টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষস্থানত আছে ৷

সৰ্বাধিক 5 টা উইকেট দখলকাৰী ভাৰতীয় বলাৰৰ তালিকাৰ শীৰ্ষ 10 ত অন্তৰ্ভুক্ত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগবঢ়োৱা উন্নত প্ৰদৰ্শনৰ সুবাদতে বুমৰাহে সৰ্বাধিক 5 টা উইকেট দখলকাৰী ভাৰতীয় বলাৰৰ তালিকাৰ শীৰ্ষ 10 ত স্থান লাভ কৰিছে ৷ যিয়ে ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ হিচাপে বুমৰাহৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে ।

বুমৰাহে ভাঙিলে অষ্ট্ৰেলিয়াৰ মেৰুদণ্ড

ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত 5 টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং মেৰুদণ্ড একপ্ৰকাৰ ভাঙি পেলায় ৷ মেচখনৰ প্ৰথম দিনা বুমৰাহে প্ৰতিপক্ষৰ অ’পেনাৰ নাথান মেকচুইনি (10) ক এল বি ডব্লিউ আউট কৰে । তাৰপিছত উছমান খাৱাজা (8) আৰু ষ্টিভ স্মিথ (0) বুমৰাহৰ চিকাৰ হয় ৷

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সকো (3) ৰাণতে পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱায় ভাৰতীয় বলাৰগৰাকীয়ে । শনিবাৰ দ্বিতীয় দিনৰ খেলত বুমৰাহে অষ্ট্ৰেলিয়াৰ শেষ আশা এলেক্স কেৰীক ব্যক্তিগত 21 ৰাণত ক্ৰিজৰ পৰা বিদায় দিয়ে ৷

লগতে পঢ়ক: প্ৰথম ইনিংছত 104 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া; যশপ্ৰীত বুমৰাহৰ 5 উইকেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.