ETV Bharat / sports

অনুৰাগীৰ ওচৰলৈ আহি আছে বিশ্বকাপৰ ট্ৰফী: চাওক ক’ত হ’ব প্ৰদৰ্শিত - T20 WORLD CUP TROPHY TOUR

author img

By ETV Bharat Sports Team

Published : Sep 6, 2024, 2:42 PM IST

Women's t20 world cup trophy tour: শুকুৰবাৰে বেংগালুৰুত প্ৰদৰ্শিত হ’ব মহিলা টি-20 বিশ্বকাপ 2024 ৰ ট্ৰফী ৷ 10 ছেপ্টেম্বৰত মুম্বাই অভিমুখে নিয়া হ’ব এই ট্ৰফী ৷ তাৰ পূৰ্বে কৰ্ণাটক ক্ৰিকেট প্ৰতিষ্ঠানত প্ৰদৰ্শন কৰা হ’ব এই ট্ৰফী ৷

T20 WORLD CUP TROPHY TOUR
আই চি চি মহিলা বিশ্বকাপৰ ট্ৰফী (Getty Images)

স্প’ৰ্টছ ডেস্ক, 6 ছেপ্টেম্বৰ: চলিত বৰ্ষৰ মহিলা টি-20 বিশ্বকাপলৈ মাজত বাকী আছে এমাহৰো কম সময় ৷ তেনে অৱস্থাত আগশাৰীৰ কেইবাখনো চহৰত প্ৰদৰ্শন কৰা হৈছে বিশ্বকাপৰ ট্ৰফী ৷ বিগত 3 ছেপ্টেম্বৰত ডুবাইত ট্ৰফী প্ৰদৰ্শনৰ পিছত ভাৰতৰো কেইবাখনো চহৰত এই ট্ৰফী প্ৰদৰ্শন কৰা হ’ব ৷ কাৰ্যসূচী অনুসৰি সদাব্যস্ত চহৰ বেংগালুৰু আৰু মুম্বাইত প্ৰদৰ্শন কৰা হ’ব বিশ্বকাপৰ ট্ৰফী ৷

6 ছেপ্টেম্বৰত বেংগালুৰুত প্ৰদৰ্শিত হ’ব ট্ৰফী

6 ছেপ্টেম্বৰত কৰ্ণাটক ইনষ্টিটিউট অৱ ক্ৰিকেটৰ পৰা আৰম্ভ কৰা হ’ব বিশ্বকাপৰ ট্ৰফী ভ্ৰমণৰ কাৰ্যসূচী ৷ যি হৈছে যুৱ মহিলা প্ৰতিভাশালী ক্ৰিকেটাৰসকলৰ প্ৰচাৰৰ অন্যতম কেন্দ্ৰ ৷ পৰৱৰ্তী সময়ত অনুৰাগীসকলে ক্ৰমে 7 আৰু 8 ছেপ্টেম্বৰত বেংগালুৰুৰ কৰমংগলাৰ নেক্সাছ মলত ট্ৰফীটো প্ৰত্যক্ষ কৰিব পাৰিব ৷

10 ছেপ্টেম্বৰত নিয়া হ’ব মুম্বাই অভিমুখে

ইয়াৰ পিছত 10 ছেপ্টেম্বৰত মুম্বাইত প্ৰদৰ্শিত হ'ব এই ট্ৰফী, য’ত অনুৰাগীসকলে 14 আৰু 15 ছেপ্টেম্বৰত মালাডৰ ইনফিনিটি মলত ট্ৰফীটো ওচৰৰ পৰা চাবলৈ সুযোগ লাভ কৰিব ৷ ভাৰতত এই কাৰ্যসূচীৰ অন্ত পৰাৰ পিছত ট্ৰফীটো লৈ যোৱা হ’ব শ্ৰীলংকা আৰু বাংলাদেশ অভিমুখে ৷ পৰৱৰ্তী সময়ত 3 অক্টোবৰত শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপৰ উদ্বোধনী মেচৰ পূৰ্বে ট্ৰফীটো ঘূৰাই অনা হ’ব ৷

সংযুক্ত আৰৱ এমিৰেটছে আয়োজন কৰিব এই প্ৰতিযোগিতা

ৰাজনৈতিক অস্থিৰতা আৰু নিৰাপত্তাৰ খাতিৰত আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে(আই চি চি) 20 আগষ্টত বাংলাদেশৰ পৰা সংযুক্ত আৰৱ এমিৰেটছলৈ স্থানান্তৰ কৰিছিল মহিলা টি-20 বিশ্বকাপ 2024 ৰ প্ৰতিযোগিতাসমূহ ৷

যদিও সংযুক্ত আৰৱ এমিৰেটছত এই খেলসমূহ অনুষ্ঠিত হ’ব, তথাপিও প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্বত থাকিব বাংলাদেশ ক্ৰিকেট ব’ৰ্ড(বিচিবি) ৷

20 অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল

মহিলা বিশ্বকাপৰ নৱম সংস্কৰণত প্ৰতিটো দলে অংশগ্ৰহণ কৰিব চাৰিখনকৈ গ্ৰুপ পৰ্যায়ৰ খেলত ৷ এই খেলসমূহ অনুষ্ঠিত হ’ব ডুবাই আৰু শ্বাৰজাহত ৷ আবেলিৰ খেলবোৰ স্থানীয় সময় অনুসৰি দুপৰীয়া 2 বজাত আৰম্ভ হোৱাৰ বিপৰীতে সন্ধিয়াৰ খেলবোৰ 6 বজাৰ পৰা আৰম্ভ হ'ব ।

প্ৰতিটো গ্ৰুপৰে শীৰ্ষৰ দুটা দলে ক্ৰমে 17 আৰু 18 অক্টোবৰত ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিব ৷ তাৰপিছত 20 অক্টোবৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত ফাইনেল । ছেমি ফাইনেল আৰু ফাইনেল দুয়োখন মেচৰে বাবে সংৰক্ষিত ৰখা হৈছে এটা দিন ।

পাকিস্তানৰ সৈতে গ্ৰুপ এ ত ভাৰত

ভাৰতক ছয়বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে গ্ৰুপ এ ত স্থান দিয়া হৈছে ৷ আনহাতে, গ্ৰুপ বি-ত বাংলাদেশ, 2009 ৰ চেম্পিয়ন ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, 2016 ৰ বিজয়ী ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ড আছে । মুখ্য প্ৰতিযোগিতাৰ পূৰ্বে 28 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ 10 খন অনুশীলন মেচ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: ক্ৰীড়া এৰি ৰাজনীতিত প্ৰৱেশ এইগৰাকী ক্ৰিকেটাৰৰ ! সামাজিক মাধ্যমত পত্নীয়ে দিলে পোষ্ট - RAVINDRA JADEJA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.