স্পৰ্টছ ডেস্ক,২৫ জানুৱাৰী : অলিম্পিক বিজয়ী বক্সাৰ মেৰী কমৰ অৱসৰক লৈ চৰ্চা চলি থকাৰ মাজতে খেলুৱৈগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । বক্সাৰগৰাকীয়ে জনোৱা মতে তেওঁ অৱসৰ লোৱা নাই আৰু এতিয়াও অৱসৰৰ কোনো পৰিকল্পনা কৰা নাই । লগতে খেলুৱৈগৰাকীয়ে অৱসৰ সম্পৰ্কীয় বাতৰিবোৰো খণ্ডন কৰে ।
অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে শেহতীয়াকৈ অসমৰ ডিব্ৰুগড়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । অনুষ্ঠানটোত তেওঁ শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ কেৰিয়াৰৰ বিষয়ে কেইবাটাও মন্তব্য কৰিছিল । তেওঁ কৈছিল যে ক্ৰীড়াৰ সফলতাৰ বাবে তেওঁ এতিয়াও আগ্ৰহী ৷ কিন্তু বয়সৰ সীমাৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰে । অৱশ্যে তেওঁ খেল অব্যাহত ৰাখিব বুলি কৈছিল ।
তাৰকা খেলুৱৈগৰাকীৰ মতে তেওঁৰ সেই মন্তব্যৰ ভুলকৈ উপস্থাপন কৰা হৈছে । একাংশ সংবাদ মাধ্যমত তেওঁ অৱসৰ ল'ব বুলি বাতৰি প্ৰকাশ পাইছে । এই কথা মিছা বুলি উল্লেখ কৰি মেৰী কমে কয় যে তেওঁ এতিয়ালৈকে অৱসৰ লোৱা নাই আৰু যেতিয়াই তেওঁ সিদ্ধান্ত ল'ব ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিব । মেৰী কমৰ মতে তেওঁ এতিয়াও ফিটনেছৰ ওপৰত গুৰুত্ব দি আছে ।
উল্লেখ্য যে, আন্তৰ্জাতিক বক্সিং এছ'চিয়েচনৰ নিয়ম অনুসৰি, ৪০ বছৰৰ অধিক বয়সৰ খেলুৱৈসকলে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব নোৱাৰে । মেৰী কমৰ বয়স বৰ্তমান ৪১ বছৰ আৰু তেওঁৰ জন্ম ১৯৮২ চনৰ ২৪ নৱেম্বৰত হৈছিল ।
তাৰকা মহিলা বক্সাৰ মেৰী কমে ৬ টা বিশ্ব খিতাপ অৰ্জন কৰা প্ৰথম আৰু ২০১৪ চনৰ এছিয়ান গেমছত বক্সিঙত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে । তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰা আৰু ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপেও পৰিগণিত হৈছিল ।
লগতে পঢ়ক :নৱমখন টেষ্টৰ আয়োজন হায়দৰাবাদত, ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ শৃংখলাৰ প্ৰথম টেষ্ট