ETV Bharat / sports

ইমানে খালিফ প্ৰকৃততে এজন পুৰুষ; স্বৰ্ণপদক ঘূৰাই লোৱাৰ দাবী হৰভজন সিঙৰ

Imane Khelif Medical Report: ইমানে খালিফৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ পিছতে হৰভজন সিঙৰ প্ৰতিক্ৰিয়া ৷ স্বৰ্ণপদক ঘূৰাই অনাৰ দাবী প্ৰাক্তন ভাৰতীয় বলাৰগৰাকীৰ ৷

Harbhajan singh on Imane Khelif
ইমানে খালিফ সন্দৰ্ভত প্ৰতিক্ৰিয়া হৰভজন সিঙৰ (ANI and AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 6, 2024, 6:23 PM IST

স্প’ৰ্টছ ডেস্ক: আলজেৰিয়া তথা পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ী বক্সাৰ ইমানে খালিফ প্ৰকৃততে এজন পুৰুষ ৷ মঙলবাৰে চিকিৎসা বিজ্ঞানে পোহৰলৈ আনে এই সত্য ৷

এই খবৰ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ পেৰিছত অলিম্পিক 2024 ত মহিলাৰ 66 কেজি শাখাত স্বৰ্ণপদক লাভ কৰাৰ পিছতে চৰ্চালৈ আহিছিল বক্সাৰগৰাকী ৷ সামাজিক মাধ্যমতো বক্সাৰগৰাকীৰ যোগ্যতা সন্দৰ্ভত বহু লোকে উত্থাপন কৰিছিল প্ৰশ্ন ৷

HARBHAJAN SINGH ON IMANE KHELIF
ইমানে খালিফ প্ৰকৃততে এজন পুৰুষ (AFP Photo)

ইমানে খালিফে নিজকে পুৰুষ বুলি দাবী কৰে

বহুতে জৈৱিক পুৰুষ বুলি অভিহিত কৰা খালিফে পুনৰ এবাৰ পৰিছে সমস্যাত ৷ চিকিৎসা প্ৰতিবেদনে নিশ্চিত কৰিছে যে বক্সাৰগৰাকী সঁচাকৈয়ে এজন পুৰুষ । এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিঙে ৷ সিঙে অলিম্পিক আয়োজকসকলক বক্সাৰগৰাকীয়ে লাভ কৰা স্বৰ্ণপদকটো ঘূৰাই ল’বলৈ আহ্বান জনাইছে ৷

চিকিৎসা প্ৰতিবেদনত সকলো স্পষ্ট

মূলতঃ ফৰাচী সাংবাদিক জাফাৰ আইত অউডিয়াৰ হাতত পৰা চিকিৎসা প্ৰতিবেদনখনে দাবী কৰিছে যে বক্সাৰজনৰ "আভ্যন্তৰীণ অণ্ডকোষ আৰু XY ক্ৰম'জম" আছে । যিটো কোনো পুৰুষৰ শৰীৰতহে দেখা যায় ৷ চিকিৎসা প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে খালিফ 5-আলফা ৰিডাকটেজৰ অভাৱৰ দ্বাৰা প্ৰভাৱিত হৈছিল, যি হৈছে আনুবংশিক পুৰুষৰ ক্ষেত্ৰত পোৱা এক যৌন বিকাৰ ।

হৰভজন সিঙৰ প্ৰতিক্ৰিয়া

ভাৰতৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিঙে ইমানে খালিফক পুৰুষ হিচাপে চিহ্নিত কৰা চিকিৎসা প্ৰতিবেদনখন দেখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ এক্সত (পূৰ্বতে টুইটাৰ) খালিফে লাভ কৰা স্বৰ্ণপদকটো ঘূৰাই আনিবলৈ অলিম্পিক কমিটিক আহ্বান জনায় ।

প্ৰকাশ পোৱা চিকিৎসা প্ৰতিবেদনে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া

পেৰিছৰ ক্ৰেমলিন-বিছেত্ৰে চিকিৎসালয় আৰু আলজিয়াৰ্ছৰ মহম্মদ লামিন ডেবাগিন চিকিৎসালয়ৰ বিশেষজ্ঞসকলে প্ৰস্তুত কৰিছিল এই বিশেষ চিকিৎসা প্ৰতিবেদনখন ৷ মূলতঃ 2023 চনৰ জুন মাহতে প্ৰস্তুত কৰা হৈছিল এই প্ৰতিবেদন ।

প্ৰতিবেদনখনত খালিফৰ জৈৱিক বৈশিষ্ট্য, যেনে- আভ্যন্তৰীণ অণ্ডকোষৰ অস্তিত্ব আৰু জৰায়ুৰ অভাৱৰ বিষয়ে বৰ্ণনা কৰিছে । এম আৰ আইৰ প্ৰতিবেদনত মাইক্ৰ'পেনিসৰ উপস্থিতিৰ বিষয়েও উল্লেখ কৰা হৈছে ৷

আই বি এ-য়ে আৰোপ কৰিছিল নিষেধাজ্ঞা

ইমানে খালিফক 2023 চনত আন্তৰ্জাতিক বক্সিং এছ'চিয়েছনে (আই বি এ) নিষিদ্ধ কৰিছিল । তেওঁক নতুন দিল্লীত বিশ্ব চেম্পিয়নশ্বিপৰ সোণৰ পদকৰ যুঁজত অংশগ্ৰহণ কৰিবলৈও বাধা দিয়া হৈছিল ৷

খালিফে এগৰাকী মহিলা বুলি ঘোষণা কৰিছিল

ইয়াৰ পূৰ্বে লিংগ বিতৰ্কৰ প্ৰতিক্ৰিয়াস্বৰূপে খালিফে ঘোষণা কৰিছিল যে তেওঁ সঁচাকৈয়ে এগৰাকী মহিলা । "মই আন মহিলাৰ দৰে এগৰাকী মহিলা, মই এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিলো, মই এগৰাকী মহিলা হিচাপে বাস কৰো আৰু মই যোগ্য" বুলি বক্সাৰগৰাকীয়ে কৈছিল ।

এলন মাস্ক আৰু ৰাউলিঙৰ বিৰুদ্ধে অভিযোগ

খালিফে লগতে দাবী কৰে যে, সমগ্ৰ লিংগ বিতৰ্কটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, লেখিকা জে কে ৰাউলিং আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে আৰম্ভ কৰিছিল । তেওঁ ৰাউলিং আৰু মাস্কৰ নাম "বৰ্ধিত চাইবাৰ উৎপীড়নৰ ঘটনা" ৰ বাবে অপৰাধমূলক অভিযোগত ৰাখিছিল ।

লগতে পঢ়ক: মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমানে খেলিফৰ প্ৰকৃত সত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.