ETV Bharat / sports

আকৌ বিতৰ্কত ভাজ্জী: এটা ৰীলৰ বাবেই অনুৰাগীক এইদৰে ক’লে হৰভজন সিঙে ! - Harbhajan Singh reel row

author img

By ANI

Published : Jul 16, 2024, 8:32 AM IST

Harbhajan Singh apologises: বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ খিতাপ জয়ৰ পিচত এটা ৰীলত নৃত্য কৰি সমালোচনাৰ সন্মুখীন হৈছিল হৰভজন সিং সহিতে ভাৰতীয় ক্ৰিকেটাৰ ৷ অৱশেষত হৰভজনে ক’লে এইদৰে..

HARBHAJAN SINGH REEL ROW
Harbhajan Singh apologises (ANI)

স্প’ৰ্টছ ডেস্ক, 16 জুলাই: শেহতীয়াকৈ পাকিস্তান চেম্পিয়নছক পৰাস্ত কৰি উদ্বোধনী বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ফাইনেলত ইণ্ডিয়া চেম্পিয়নে জয়লাভ কৰে । মেচৰ পিচতে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, সুৰেশ ৰাইনা আৰু যুৱৰাজ সিঙকে ধৰি খেলুৱৈসকলে বৰ্তমান চৰ্চাত থকা তৌবা তৌবাৰ গীতত ভংগীমা কৰি ৰীলৰ প্ৰস্তুত কৰে ।

ভিডিঅ’টোত সকলোৱে জনপ্ৰিয় গীতটোত নৃত্য কৰি খেলুৱৈকেইজনে উল্লাস কৰিছিল । কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী একাংশই এই উল্লাস সহজভাৱে নল’লে । প্ৰতিবন্ধী লোকক উপহাস কৰা বুলি কেবাজনো নেটিজেনে খেলুৱৈসকলক তীব্ৰ সমালোচনা কৰে । সোমবাৰে হৰভজন সিঙে ইনষ্টাগ্ৰামত গৈ ক্ষমা প্ৰাৰ্থনা বিচাৰে নেটিজেনক । লগতে তেওঁ বুজাই দিয়ে যে খেলুৱৈসকলৰ কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল ।

"যিসকলে ইয়াত ইংলেণ্ডত চেম্পিয়নশ্বিপ জয় কৰাৰ পিচত ছ'চিয়েল মিডিয়াত আমাৰ শেহতীয়াকৈ তৌবা তৌবাৰ ভিডিঅ'টো সন্দৰ্ভত অভিযোগ কৰি আছে, সেইসকলক মাত্ৰ বুজাব বিচাৰিছোঁ যে আমি কাৰো আৱেগক আঘাত দিব বিচৰা নাছিলো । আমি প্ৰতিজন ব্যক্তি আৰু সম্প্ৰদায়ক সন্মান কৰো আৰু এই ভিডিঅ'টো আছিল কেৱল ১৫ দিন ধৰি ক্ৰিকেট খেলাৰ পিচত আমাৰ মুখখন দেখুওৱাৰ বাবেহে । আমি কাকো অপমান বা ক্ষুণ্ণ কৰিবলৈ চেষ্টা কৰা নাই, তথাপিও যদি মানুহে ভাৱে যে আমি কিবা ভুল কৰিছো, তেন্তে ক্ষমা বিচাৰিছোঁ," হৰভজনে লিখিছে ।

খেলুৱৈগৰাকীয়ে লগতে কয়, "মোৰ ফালৰ পৰা মই সকলোকে ক'ব বিচাৰোঁ যে অনুগ্ৰহ কৰি ক্ষমা কৰক ৷ ইয়াতে এই বিতৰ্ক শেষ কৰি আগবাঢ়ি যাওঁ আহক । সুখী আৰু সুস্থ হৈ থাকক । সকলোকে ভাল পাওঁ ।"

ইণ্ডিয়া চেম্পিয়নে এডগবাষ্টনত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তান চেম্পিয়নছক পাঁচ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে । যুৱৰাজ সিঙৰ নেতৃত্বত খেলা দলটোৱে প্ৰতিযোগিতাখনত নিজৰ আধিপত্য প্ৰদৰ্শন কৰে ৷ খিতাপ দখল কৰে বাকী দলবোৰেও কঠোৰ যুঁজ দিছিল ।

ফাইনেলত টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ পথ বাছি লোৱা পাকিস্তান চেম্পিয়নে ২০ অভাৰত ৬ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰে । কামৰান আকমল আৰু মকছুদে দলটোৰ হৈ সুদৃঢ় আৰম্ভণি কৰে যদিও নিয়মীয়া উইকেট পতনৰ বাবে ১৫৬ ৰান কৰিবলৈ সক্ষম হয় পাক বাহিনী । দুৰ্দান্ত প্ৰদৰ্শনকাৰী শ্বোয়াইব মালিকে ২৩ টা বলত গুৰুত্বপূৰ্ণ ৪১ ৰান সংগ্ৰহ কৰি ইনিংছটোত আধিপত্য বিস্তাৰ কৰে ।

ভাৰতীয় বলিং আক্ৰমণক নেতৃত্ব দিয়া অনুৰীত সিঙে 3 টা উইকেট দখল কৰাৰ বিপৰীতে বিনয় কুমাৰ, পৱন নেগী আৰু ইৰফান পাথানে এটাকৈ উইকেট দখল কৰি পাকিস্তানৰ বেটিং লাইনআপক নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইণ্ডিয়া চেম্পিয়নে জয়ৰ উদ্দেশ্যৰে নিজৰ টাৰ্গেট অনুসৰণ কৰে । ৰবিন উথাপ্পা (১০) আগতীয়াকৈ আউট হোৱাৰ পাচতো অম্বতি ৰায়ডুৱে ৩০ বলত বিস্ফোৰক ৫০ ৰান সংগ্ৰহ কৰি মেন ইন ব্লুৰ বাবে শক্তিশালী ভেটি স্থাপন কৰে । সুৰেশ ৰাইনাও একেটা অভাৰতে ৪ ৰানত সোনকালেই পেভিলিয়নমুখী হয় । কিন্তু ৰায়ুডু আৰু গুৰকীৰাত সিং মানৰ শক্তিশালী অংশীদাৰিত্বই ভাৰতক নিজৰ পথত ৰাখিছিল ।

ৰায়ুডু আৰু মান ১০ ৰানৰ ব্যৱধানত আউট হয় যদিও ইউছুফ পাথানে ১৬ টা বলত ৩০ ৰানৰ বিস্ফোৰণ ঘটাই ভাৰতৰ পক্ষত গতিবেগ দৃঢ়তাৰে বৃদ্ধি কৰে ৷ অধিনায়ক যুৱৰাজ সিং (১৫*) আৰু ইৰফান পাথান (৫*)ৰ ক্ৰীজত থকাৰ সময়তে ভাৰতে ১৯.১ অভাৰত ৫ উইকেটত ১৫৯ ৰান কৰি জয়লাভ কৰে ৷ এই বিজয়ে তেওঁলোকৰ অনুৰাগীসকলক বহু আনন্দিত কৰি তোলে ।

লগতে পঢ়ক: পাকিস্তান চেম্পিয়নক পৰাস্ত কৰি বিশ্ব চেম্পিয়নশ্বিপ অফ লেজেণ্ডচ 2024 দখল ইণ্ডিয়া চেম্পিয়নছৰ - World Championship of Legends 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.