ETV Bharat / sports

ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ পূৰ্বে তিৰুপতি বালাজীৰ আশিস ল’লে গৌতম গম্ভীৰে; বিশ্বজয়ী ভাৰতীয় দলক শুভেচ্ছা - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:49 PM IST

Gautam Gambhir: ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীয়ে তিৰুপতিৰ বালাজী মন্দিৰ পৰিদৰ্শন কৰি প্ৰাৰ্থনা কৰে । লগতে ভাৰতীয় ক্ৰিকেট দলটোক টি-২০ বিশ্বকাপ ২০২৪ বিজয়ী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

T20 WORLD CUP 2024
Gautam Gambhir (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 30 জুন: ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ দৌৰত থকা ভাৰতৰ প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰে দেওবাৰে তিৰুপতি ভ্ৰমণ কৰি দেৱতাক পূজা কৰে । বাৰ্বাডোছত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি বিশ্ব বিজয়ী হোৱা ৰোহিত শৰ্মা নেতৃত্বতাধীন ভাৰতীয় ক্ৰিকেট দলটোক গম্ভীৰে অভিনন্দন জনায় ।

‘‘মই টীম ইণ্ডিয়াক অভিনন্দন জনাইছো, সমগ্ৰ দেশক অভিনন্দন জনাইছো যে ভাৰতে বিশ্বকাপ জয় কৰিছে । ১৪০ কোটি ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ কথা ৷ এই দলটোৱে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে আৰু সমগ্ৰ দেশ অতি সুখী ।’’ সংবাদ মাধ্যমৰ আগত গম্ভীৰে কয় ।

লগতে পঢ়ক: টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক বিশেষ ধন্যবাদ - T 20 WORLD CUP 2024

তেওঁ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা আৰু সমগ্ৰ সহায়ক কৰ্মচাৰীক দেশক এই সফলতা প্ৰদান কৰাৰ বাবে অভিনন্দন জনায় ।

টি-২০ৰ পৰা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত চাউথপ’গৰাকীয়ে কয়, “চাওক বিশ্বকাপত জয়লাভ কৰি টি-২০ কেৰিয়াৰ সমাপ্ত কৰাতকৈ ভাল কি হ’ব পাৰে ৷ তেওঁলোক দুয়োজনেই মহান খেলুৱৈ আৰু তেওঁলোকে ভাৰতীয় ক্ৰিকেটৰ বাবে ইমানখিনি কৰিছে, তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকক শুভকামনা জনাইছোঁ ।"

লগতে পঢ়ক: ৰোহিত শৰ্মাই মোক আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা দিলে: দীনেশ লাড - Rohit childhood coach Dinesh Lad

শেহতীয়াকৈ গম্ভীৰে ভাৰতৰ প্ৰাক্তন খেলুৱৈ অশোক মালহোত্ৰা, যতীন পৰঞ্জপে আৰু সুলক্ষনা নাইকৰে গঠিত বিচিচিআইৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ সন্মুখত পুৰুষৰ জ্যেষ্ঠ দলৰ মুখ্য প্ৰশিক্ষকৰ সাক্ষাৎকাৰত উপস্থিত হৈছিল ।

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ সহযোগত আয়োজন কৰা টি-২০ বিশ্বকাপ ২০২৪ সম্পূৰ্ণ হোৱাৰ পিচতে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰিছে আৰু ইয়াৰ পিচত গম্ভীৰে কাৰ্যভাৰ গ্ৰহণ কৰিব । গম্ভীৰ ২০০৭ চনত টি-২০ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল আৰু লগতে ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰো অংশ আছিল ।

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গম্ভীৰ কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক হিচাপে ঘূৰি আহিছিল আৰু দলটোৱে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল । ইয়াৰ পূৰ্বে চাউথপ’গৰাকী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰশিক্ষক হিচাপেও আছিল । খেলৰ জীৱনত আগ্ৰাসী অ’পেনাৰ গম্ভীৰে সপ্তদশ লোকসভাতো বিজেপিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.