ETV Bharat / sports

ভাৰতৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ - India Head Coach

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:18 PM IST

India Head Coach: ৰাহুল দ্ৰাবিড়ৰ স্থান ল’ব ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে ৷ ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতৰ প্ৰাক্তন বাওঁহাতৰ বেটছমেনগৰাকীক ৷ গম্ভীৰে দায়িত্ব গ্ৰহণৰ পাচতেই প্ৰথমে শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটোক প্ৰশিক্ষণ দিব ।

India Head Coach
ভাৰতৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ (AP Photo)

স্প’ৰ্টছ ডেস্ক, ৯ জুলাই: ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ বি চি চি আইৰ সম্পাদক জয় শ্বাহে মঙলবাৰে ঘোষণা কৰে এই কথা । জয় শ্বাহে X ত এটা পোষ্ট কৰি ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক স্বাগতম জনাই অতিকে আনন্দিত হোৱা বুলি কয় ।

শ্বাহে X কয়, "আধুনিক ক্ৰিকেটৰ দ্ৰুত বিকাশ হৈছে আৰু গৌতমে এই পৰিৱৰ্তিত পৰিৱেশৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে । সমগ্ৰ কেৰিয়াৰত বিভিন্ন ভূমিকাত পাৰদৰ্শিতা দেখুওৱা পাচত, মই নিশ্চিত যে গৌতম ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে আদৰ্শ ব্যক্তি । টিম ইণ্ডিয়াৰ প্ৰতি তেওঁৰ স্পষ্ট দৃষ্টিভংগী আৰু তেওঁৰ বিশাল অভিজ্ঞতাই তেওঁক এই ৰোমাঞ্চকৰ আৰু আটাইতকৈ দাবীদাৰ প্ৰশিক্ষকৰ ভূমিকা চম্ভালিবলৈ নিখুঁতভাৱে প্ৰস্তুত কৰি তুলিছে । এই নতুন যাত্ৰাত বি চি চি আয়ে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।"

লগতে পঢ়ক: মুখ্য প্ৰশিক্ষক হ'বলৈ সম্পূৰ্ণ সাজু গৌতম গম্ভীৰ - India Team New Head Coach

প্ৰাক্তন বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৰাহুল দ্ৰাবিড়ৰ পিচত ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদত অৱতীৰ্ণ হোৱাৰ লগতে শ্ৰীলংকাৰ বিৰুদ্ধে বিদেশী শৃংখলা তেওঁৰ প্ৰথম দায়িত্ব হ’ব । বি চি চি আইৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ সন্মুখত সাক্ষাৎকাৰৰ বাবে হাজিৰ হোৱা বাওঁহাতৰ বেটছমেনগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ প্ৰিয় প্ৰাৰ্থী আছিল ।

গম্ভীৰ ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দল আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল । দিল্লীৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে ৫৮খন টেষ্ট, ১৪৭খন এদিনীয়া আৰু ৩৭খন টি-২০ মেচ খেলিছিল, য’ত তেওঁ ক্ৰমে ৪১৫৪, ৫২৩৮ আৰু ৯৩২ ৰাণ সংগ্ৰহ কৰিছিল ৷

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মেন্টৰ আছিল আৰু শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে আই পি এল ২০২৪ত জয়লাভ কৰিছিল ।

লগতে পঢ়ক: T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.